Logo
image

আৱেগ শেষ,বিচাৰ আৰম্ভ

আমাৰ অসম,১০ এপ্ৰিলঃ আজিৰ পৰা সাতমাহমান পূৰ্বে যোৰহটীয়া অধিবক্তাৰ ইমানেই আবেগ উথলি উঠিছিল যে তেওঁলোকে অনিমেষ ভূঞা নামৰ ছাত্ৰনেতাজনৰ বৰ্বৰ হত্যাকাৰী দলটোৰ হৈ আদালতত ওকালতি নকৰে বুলি ৰাজহুৱা সভা পাতি ঘোষণা কৰিছিল৷ পিছে সাতমাহ অতিক্ৰম কৰোতেই যোৰহটীয়া একাংশ অধিবক্তাৰ সেই আবেগ শেষ হ’ল আৰু তাৰ লগে লগে বিচাৰো আৰম্ভ হ’ল৷ যিসকল মুৰব্বী অধিবক্তাই বৈঠক অনুষ্ঠিত কৰি হত্যাকাণ্ডৰ গৰিহণা দিয়া আৰু যোৰহাটৰ অধিবক্তাই হত্যাকাৰীক আইনী সাহায্য প্ৰদান নকৰে বুলি ৰাজহুৱা সভাত ডিঙি ফুলাই ঘোষণা কৰিছিল সেইসকল অধিবক্তা এতিয়া নিমাত৷ কেইজনমান অধিবক্তাই এই পৰিস্থিতিৰ পৰা এনেদৰে পলায়ন কৰিছে,সেইসকলক এতিয়া ছাঁটো দেখা দূৰৈৰে কথা ফোনতো নোপোৱা হৈছে৷ আবেগৰ পৰিসমাপ্তি ঘটাৰ বাবেই এতিয়া যোৰহটীয়া অধিবক্তাই অনিমেষ ভূঞাক প্ৰকাশ্য দিবালোকত যোৰহাট নগৰৰ মাজমজিয়াত হত্যা কৰা বৰ্বৰ হত্যাকাৰীৰ হৈ আদালতত আইনী সাহায্য প্ৰদান কৰিবলৈ আগবাঢ়ি আহিছে৷ একাংশ যোৰহটীয়া অধিবক্তাৰ এই কাৰ্যত তেওঁলোকৰে সিংহভাগ সতীৰ্থ হতাশ,লজ্জানত৷ কেৱল লোভত পৰিয়েই যে কেইজনমান অধিবক্তাই এই গোচৰত হত্যাকাৰীৰ পক্ষ ল’বলৈ আগবাঢ়িছে সেই কথাও তেওঁলোকৰে একাংশ সতীৰ্থই স্বীকাৰ কৰিছে৷ বিষয়টোৰ সামগ্ৰিক ফলাফল এটাই– আবেগ শেষ,বিচাৰ আৰম্ভ৷ বিগত বছৰৰ ২৯ ছেপ্টেম্বৰত যোৰহাটৰ মাজমজিয়াৰ এ টি ৰ’ডৰ ট্ৰাক ষ্টেণ্ডত সংঘটিত হৈছিল ৰাজ্য কঁপোৱা ছাত্ৰনেতা অনিমেষ ভূঞাৰ হত্যাকাণ্ড৷ উক্ত দিনা একাংশ উন্মত্ত লোকে যোৰহাটলৈ বজাৰ কৰিবলৈ অহা গোলাঘাট জিলাৰ ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক অনিমেষ ভূঞাক দিনৰ পোহৰত আৰু শ শ লোকৰ চকুৰ সন্মুখতে অতি অমানুষিকভাৱে  মৰিয়াই মৰিয়াই হত্যা কৰিছিল৷ উন্মত্ত দলটোৱে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰিছিল অনিমেষৰ দুজন সহযোগীক৷ এই ঘটনাই যোৰহাট আৰু অসমেই নহয় দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল৷ সাংস্কৃতিক ৰাজধানী যোৰহাটৰ মাজমজিয়াত এনেদৰে সংঘটিত হোৱা বৰ্বৰোচিত হত্যাকাণ্ডৰ প্ৰতিবাদত পিছ দিনাই যোৰহাটৰ আন দল সংগঠনৰ লগতে যোৰহাট উকীল সন্থাই এখন প্ৰতিবাদী সাধাৰণ সভা অনুষ্ঠিত কৰি উক্ত হত্যাকাণ্ডক গৰিহণা দিয়াৰ লগতে এনে জঘন্য হত্যাকাণ্ডত জড়িত হত্যাকাৰীসকলৰ সপক্ষে আদালতত ওকালতি নকৰে বুলি সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰিছিল যোৰহাট উকীল সন্থাই৷ উকীল সন্থাৰ এনে সিদ্ধান্তক সকলোৱে সাধুবাদ দিছিল৷ কিন্তু উকীল সন্থাৰ এই গুৰুত্বপূৰ্ণ সামূহিক সিদ্ধান্ত স্বত্বেও  আইন সাহায্য প্ৰাধিকৰণৰ [লিগেল এইড] পৰা দায়িত্ব পাই যোৰহাট উকীল সন্থাৰেই ৫ জন অধিবক্তাই হত্যা কাণ্ডটোত অভিযুক্তসকলৰ হৈ আইনী সাহায্য [লিগেল এইড]আগবঢ়াইছে৷ জানিব পৰা মতে ভূমিধৰ হাজৰিকা,বিজুলতা দাস,ৰূপালী ৰায়বৰুৱাকে ধৰি ৫ গৰাকী অধিবক্তাক আইন সাহায্য প্ৰাধিকৰণে নিয়োগ কৰিছে৷ অৱশ্যে অভিযুক্তসকলৰ হৈ ওকালতি কৰিবৰ বাবে গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ পৰাও একাধিক অধিবক্তা অহা বুলি জানিব পৰা গৈছে৷ এই সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি যোৰহাট উকীল সন্থাৰ কেইবাগৰাকী অধিবক্তাই কয় যে লিগেল এইড হিচাপে সহায় আগবঢ়াবলৈ আগবাঢ়ি অহা অধিবক্তা কেইজনে দায়িত্ব এৰাই চলিব পাৰিলেহেঁতেন৷ এতিয়া মাছ বুলি নেখাই জিজি বুলি খোৱাৰ দৰে হৈছে বুলি তেওঁলোকে মন্তব্য কৰিছে৷ ইফালে এই সম্পৰ্কে যোৰহাট উকীল সন্থাৰ সম্পাদিকা শেৱালী গগৈ দত্তক সোধাত কয়,“অধিবক্তা কেইজনে তেওঁলোকক লিগেল এইড হিচাপে নিযুক্তি দিয়া সম্পৰ্কে অৱগত কৰি পৰামৰ্শ বিচাৰিছিল৷ কিন্তু আইন সেৱা প্ৰাধিকৰণৰ সিদ্ধান্তৰ বিৰুদ্ধে আমি পৰামৰ্শ দিব নোৱাৰিলো৷” তেওঁলোকে দায়িত্ব গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিব পাৰিলেহেঁতেন নে নাই বুলি সোধাত সম্পাদিকা গৰাকীয়ে কয় যে,“মোকো সেই দায়িত্ব দিব বিচাৰিছিল কিন্তু মই দায়িত্ব নল’লো৷”এই সম্পৰ্কে প্ৰতিক্ৰিয়া জানিবলৈ যোৰহাট উকীল সন্থাৰ সভাপতি হেমেন বৰাক একাধিকবাৰ ফোন কৰা স্বত্বেও তেওঁক যোগাযোগ কৰিব পৰা নগ’ল৷ উল্লেখ্য,অনিমেষ হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবৰ বাবে অসম চৰকাৰ যোৰহাটৰ এজন আগশাৰীৰ অধিবক্তা ৰিণ্টু গোস্বামীক ২ এপ্ৰিলত বিশেষ লোক অধিবক্তা হিচাপে নিয়োজিত কৰাৰ পিছত জ্জ এপ্ৰিলত সাক্ষ্য গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ হয়৷ সিদিনা গোচৰীয়া তথা অনিমেষ ভূঞাৰ ভাতৃ যদু ভূঞাৰ সাক্ষ্য গ্ৰহণ কৰা হয়৷ পৰৱৰ্তী সাক্ষ্যৰ দিন হিচাপে ১৮,১৯ আৰু ২৯ এপ্ৰিলৰ লগতে ৫ আৰু ৬ মে’ত দিন ধাৰ্য কৰিছে৷