Logo
image

বিহু মাৰি থাকিবৰ মন শ্ৰুতিৰ

আমাৰ অসম, ১০ এপ্ৰিলঃ অসমৰ সংগীত বহুত শুনিছোঁ৷ অসমৰ সংগীত উচ্চমানৰ৷ পৰৱৰ্তী সময়ত অসমলৈ আহিলে নিশ্চয় বিহুগীত পৰিৱেশন কৰিম৷ মোৰ বিহু মাৰি থাকিবৰ মন যায়৷ বিহু নৃত্য বৰ ভাল লাগে৷ মই বিহু নৃত্য শিকাৰ প্ৰয়াস কৰি আছো৷ সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ-এইদৰে কয় বলিউড তথা দাক্ষিনাত্যৰ জনপ্ৰিয় অভিনেত্ৰী আৰু সংগীত শিল্পী শ্ৰুতি হাচানে৷ শনিবাৰে ৰঙালী উৎসৱ’ত অংশগ্ৰহণৰ বাবে গুৱাহাটীত উপস্থিত হোৱা শ্ৰুতি হাচানে এখন সংবাদ মেলত এইদৰে কয়৷ মোহময়ী অভিনেত্ৰী শ্ৰুতি হাচানে লগতে কয়-অসমখন প্ৰতিভাৰে ভৰপূৰ৷ অসমৰ কলা,সংস্কৃতি দেখি অভিভূত হৈছোঁ৷ কলা ৰঙৰ পাটৰ সাজ এযোৰ পৰিধান কৰি আহি তেওঁ লগতে কয়- মোৰ প্ৰিয় ৰং কলা৷ মোৰ প্ৰেমিক শান্তুনু হাজৰিকাৰ মাতৃয়ে মোৰ ওপজা দিনত এইযোৰ কাপোৰ মোক উপহাৰ দিছে৷ অসমৰ বস্ত্ৰ সম্ভাৰ সঁচাকৈয়ে সুন্দৰ৷ মোৰ প্ৰেমিক শান্তুনু হাজৰিকাৰ জৰিয়তে অসম সম্পৰ্কে বহু কথাই জানিব পাৰিছোঁ৷ অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ অহাৰ হেঁপাহ মনত পুহি ৰাখিছিলোঁ৷ লগতে অসমত মোৰ বেণ্ডৰ জৰিয়তে অনুষ্ঠান পৰিৱেশন কৰাৰ আশা মনত পুহি ৰাখিছোঁ৷ আমি এখন দেশৰ বাসিন্দা গতিকে আমাক বিভিন্ন ভাগ ভাগ কৰা প্ৰয়োজন নাই৷ মই পৃথিৱীৰ সকলো ঠাইতে কাম কৰি ভালপাওঁ৷ সম্প্ৰতি মই তিনিখন তামিল চলচ্ছিত্ৰ আৰু সংগীতৰ কামত ব্যস্ত আছোঁ৷ সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাক মই শ্ৰদ্ধা কৰোঁ৷ তেওঁক মোৰ পিতৃ কমল হাচানেও বৰ শ্ৰদ্ধা কৰিছিল৷ তেওঁৰ অনুৰাগী আছিল৷ তেওঁৰ সাক্ষ্যৎ লাভ কৰিছিল মোৰ পিতৃয়ে৷ অসমৰ খাদ্যৰ ভিতৰত আলু পিটিকা আৰু ভোট জলকীয়া বৰ প্ৰিয়৷ ৰঙালীলৈ আহি অভিভূত হৈ পাৰিছোঁ৷ প্ৰথম বাৰলৈ তেওঁৰ বন্ধু অসম সন্তান শিল্পী শান্তনু হাজৰিকাৰ সৈতে অসমলৈ আহি মূলতঃ অসমৰ প্ৰেমত পৰিছোঁ৷ সহজ-সৰল মানুহবোৰ সাংস্কৃতিক দিশত বিশেষভাৱে আগবঢ়া৷ ইয়াত প্ৰতিভাৰ অভাৱ নাই৷ অসমখন ইমান ধুনীয়া অথচ ইয়াত গানৰ শ্বুটিং কিয় নহয় তাকে ভাবি আচৰিত হৈছোঁ৷ ইমান সুন্দৰ,সেউজীয়া অসমত ভৱিষ্যতে সুবিধা পালে অসমীয়া চলচ্ছিত্ৰত অভিনয় কৰিম বুলি মনতে আশা পুহি ৰাখিছোঁ৷ ৰঙালীৰ বাকৰিত শনিবাৰে নিশা সম্বৰ্ধনা জনোৱা হয় এইগৰাকী নিজৰ ৰক ব্ৰেণ্ডৰ জৰিয়তে আন এক পৰিচয় লৈ ফুৰা অনন্য সুন্দৰী অভিনেত্ৰীগৰাকীক৷ কলা ৰং তেওঁৰ প্ৰিয় আৰু সেয়েহে ভাবি শাহু আয়ে উপহাৰ হিচাপে আগবঢ়োৱা কলা ৰঙৰ পাতৰ কাপোৰ জোৰেৰে আজি ভূমুকি মাৰি দৰ্শকৰ অজস্ৰ হাত চাপৰি লাভ কৰে৷ অসমলৈ আহি অভিভূত হৈ শ্ৰুতি হাচানে কয়,আমি এনেইয়ে আমাৰ ভাৰতখনক পশ্চিম ভাৰত,মধ্য ভাৰত বা উত্তৰ পূৰ্বাঞ্চল বুলি ভাগ ভাগ কৰি আহিছোঁ৷ সেইহে মই মূলতঃ দক্ষিণ ভাৰতৰ যদিও অসমত সুবিধা পালে ছবি বা নিজ ব্ৰেণ্ডৰ জৰিয়তে নিজ ভাষাত ৰক সংগীত পৰিৱেশন কৰাটো কোনো অসুবিধা নাই৷ শ্ৰুতিয়ে শেহতীয়াভাবে দুই এটা অসমীয়া শিকি আছে৷ অসমীয়া থলুৱা খাদ্য প্ৰকৰণো খাবলৈ শিকিছে৷ আলু পিটিকা আৰু ভোট জলকীয়া খাই ভাল পোৱা শ্ৰুতিয়ে ভাল পায় ভাৰত ৰত্ন ডাক্তৰ ভূপেন হাজৰিকাৰ গান৷ প্ৰেমিক শান্তনুক শ্ৰুতিয়ে লগ পাইছিল নিজেই বলিউডত প্ৰতিষ্ঠা লাভ কৰাৰ বহু পূৰ্বেই৷ আজিৰ ৰঙালীৰ বাকৰিলৈ যোৱাৰ কিছু আগমুহূৰ্তত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষ্যকাৰত শান্তনু প্ৰেমিকাৰ শ্ৰুতিৰ অনন্য গুণ গৰিমাৰ বিষয়ে কয়৷ তাই এগৰাকী বহু প্ৰতিভা সম্পন্ন শিল্পী৷ যিকোনো বিষয় তেওঁ খুব সুন্দৰ আৰু মসৃণভাৱে উপস্থাপন কৰিব পাৰে৷ মূলতঃ মই কৰা ছবিৰ প্ৰতি আকৰ্ষিত হোৱাৰ মাজেৰেই আমাৰ চিনাকি হয়৷ অন্যহাতে নিজ প্ৰতিভাৰ জৰিয়তে মুম্বাই নগৰত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হোৱা শান্তনু অসমত থাকি প্ৰথমে বৰ হতাশ গ্ৰস্থ হৈছিল৷ মূলতঃ ইঞ্জিনিযাৰিং শিক্ষা কেৰিয়াৰ হিচাপে লোৱা শান্তনু যে সৰুৰে পৰাই চিত্ৰৰ প্ৰতিহে অধিক আকৰ্ষিত আছিল৷ ঘৰৰ ইচ্ছাৰ প্ৰতি সমৰ্থন জনায়েই শান্তনু যে ইঞ্জিনিয়াৰিং পঢ়িছিল যদিও পঢ়াৰ মাজতে ছবিৰ প্ৰতিহে অধিক গুৰুত্ব প্ৰদান কৰিছিল আৰু পঢ়াৰ মাজতে ছবি আঁকি ফুৰিছিল৷ পিছলৈ তেওঁ অন্তিম বাৰ্ষিক ইঞ্জিনিয়াৰিং শিক্ষা আধাতে এৰি পুনৰ ছবি অঁকাত লাগি গৈছিল আৰু আজি এজন সফল শিল্পী হিচাপে নিজৰ নাম লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছে৷ দুই শিল্পীৰ সৈতে হোৱা কথোপকথনৰ আঁত ধৰি আজি ৰঙালীৰ মুখ্য আয়োজক শ্যামকানু মহন্তই শ্ৰুতি হাসানক ধন্যবাদ প্ৰদান কৰাৰ লগতে শিল্পী শান্তনু হাজৰিকাই ৰঙালীৰ সৈতে পূৰ্বৰে পৰা জড়িত হৈ ৰঙালী আৰু অসমৰ বাহিৰেও নতুন দিল্লীত অনুষ্ঠিত নৰ্থ ইষ্ট ফেষ্টিভেলত বহু বাচক বণিয়া পত্ৰেৰ্ইট উপহাৰ দিয়াৰ কথা সদৰি কৰে৷ শ্ৰুতি হাচানে লগতে প্ৰথম চলচ্ছিত্ৰ ‘লাক’ৰ শীৰ্ষ গীত ‘আজমা লাক’পৰিৱেশন কৰে৷ সামাজিক মাধ্যমত অতি জনপ্ৰিয় শ্ৰুতি ‘হাচানে ভাৰ্চুৱেল’জগতখনক ভাৰ্চুৱেল পৰিয়াল বুলি উল্লেখ কৰে৷ শেষত জনপ্ৰিয় অভিনেত্ৰী শ্ৰুতি হাচানে জয় আই অসম বুলি ধবনি দিয়ে৷ উল্লেখ্য,বলিউড তথা দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী শ্ৰুতি হাচানে ২০০৯ চনত ‘লাক’চলচ্ছিত্ৰখনৰ জৰিয়তে বলিউডত আত্মপ্ৰকাশ কৰে৷ সংগীতৰ ক্ষেত্ৰতো তেওঁৰ বিশেষ দখল আছে৷ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগু,পৰ্যটন মন্ত্ৰী বিমল বৰা,সঞ্জয় কিষাণে শ্ৰুতি হাচানক বিশেষভাৱে সম্বৰ্ধনা জনায়৷ অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ,মন চঞ্চল,মন চেঙেলীয়া বিহুগীতটোত কঁকাল ভাঙি নাচি দৰ্শকক আপ্লুত কৰে৷ মহানগৰীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত ৮ এপ্ৰিলৰ পৰা অনুষ্ঠিত ‘ৰঙালী উৎসৱৰ দেওবাৰে সামৰণি পৰিব৷