Logo
image

গোবিন্দৰ মাতৃ-ভগ্নীক ৰেহাই গোচৰ নতুনকৈ আৰম্ভ

আমাৰ অসম,১০ এপ্ৰিলঃ ৰাজ্য জোকাৰি যোৱা চাঞ্চল্যকৰ গুৱাহাটীৰ শ্বেতা আগৰৱালা হত্যাকাণ্ডৰ মূল অভিযুক্ত গোবিন্দ সিংঘালৰ মাতৃ-ভগ্নীক দোষমুক্ত ঘোষণা কৰা হৈছে৷ গুৱাহাটী উচ্ছ ন্যায়ালয়ে আজি দিলে এই ৰায় দান৷ ফাঁচীৰ হুকুমেৰে দণ্ডিত গোবিন্দ সিংঘাল সন্দৰ্ভত নিম্ন আদালতত পুনৰ শুনানিৰ নিৰ্দেশ দিছে গুৱাহাটী উচ্ছ ন্যায়ালয়ে৷ ৬ মাহৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব এই শুনানি৷ পূৰ্বেতে নিম্ন আদালতে গোচৰটোত দোষী সাব্যস্ত কৰিছিল অভিযুক্ত গোবিন্দ সিংঘালক৷ নিম্ন আদালতে মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল গোবিন্দ সিংঘালক৷ কে চি দাস কমাৰ্চ কলেজৰ মেধাৱী ছাত্ৰী আছিল শ্বেতা আগৰৱালা৷ শ্বেতা আগৰৱালাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত গোবিন্দ সিংঘালক পূৰ্বেই ফাঁচিৰ নিৰ্দেশ দিছিল কামৰূপ মহানগৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালতে৷ জিলা সত্ৰ ন্যায়াধীশৰ আদালতে গোবিন্দৰ মাক কমলা দেৱী [৫১]আৰু বায়েক ভৱানী সিংহালক [২৬]যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছিল৷ উল্লেখযোগ্য যে ২০১৭ চনৰ ৪ ডিচেম্বৰত শ্বেতা আগৰৱালা নামৰ ছাত্ৰীগৰাকীক প্ৰেমিক গোবিন্দ সিংহালে সিংঘালৰ ভৰলুমুখৰ বাসগৃহত হত্যা কৰিছিল৷ গোবিন্দৰ ঘৰৰ বাথৰুমত শ্বেতাৰ মৃতদেহ উদ্ধাৰ হৈছিল৷ শ্বেতা আগৰৱালা হত্যাকাণ্ডৰ অভিযোগনামাত আৰক্ষীয়ে মূল অভিযুক্ত গোবিন্দৰ লগতে তেওঁক এই হত্যাকাণ্ডত সহায় কৰা মাক কমলা দেৱী আৰু বায়েক ভৱানী সিংঘালৰ নামো সন্নিৱিষ্ট কৰিছিল৷ কিন্তু আদালতে আজি গোবিন্দ সিংঘালৰ মাতৃ-ভগ্নীক দোষমুক্ত ঘোষণা কৰে৷ আদালতৰ এই ৰায়ত মুঠেই সন্তুষ্ট নহয় মৃত শ্বেতা আগৰৱালাৰ পৰিয়াল৷ আদালতৰ এই ৰায়ৰ বিৰুদ্ধে যুঁজি যাব বুলি শ্বেতা আগৰৱালাৰ পৰিয়ালে ঘোষণা কৰে৷ উল্লেখ্য,গুৱাহাটী মহানগৰীৰ মণিপুৰী বস্তিত ঘৰ শ্বেতা আগৰৱালাৰ৷ দেউতাক ওম প্ৰকাশ আগৰৱালা এগৰাকী কৰ পৰামৰ্শদাতা৷ কন্যা শ্বেতা আগৰৱালাই উচ্ছতৰ মাধ্যমিকৰ বাণিজ্য শাখাত চূড়ান্ত বৰ্ষৰ পৰীক্ষাত প্ৰথম স্থান দখলৰ সফলতাৰ পাছত ঘৰখনত স্বাভাৱিকতে শ্বেতাক লৈ বহু সপোন ৰচিছিল পৰিয়ালে৷ মেধাৱী ছাত্ৰীগৰাকীয়ে ২০১৫ বৰ্ষৰ উচ্ছতৰ মাধ্যমিকৰ শাখাত গুৱাহাটী কমাৰ্চ কলেজৰ পৰা পৰীক্ষা দি অসমৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰিছিল৷ তাৰ পাছত শ্বেতা আগৰৱালা নামৰ এই ছাত্ৰীগৰাকীক লৈ সংবাদ মাধ্যমে বহু বাতৰি কৰিছিল যদিও সংবাদ মাধ্যমে পৰৱৰ্তী পৰ্যায়ত শ্বেতা আগৰৱালাৰ বিশেষ খবৰ ৰখা নাছিল৷ সেই দিনা ২০১৭ চনৰ ৪ ডিচেম্বৰ!হঠাৎ এটা খবৰ আহিছিল৷ এগৰাকী ২০ বছৰীয়া যুৱতীৰ মৃতদেহ উদ্ধাৰ হৈছে গুৱাহাটীৰ ভৰলুমুখ থানাৰ অন্তৰ্গত শান্তিপুৰৰ এটা ভাড়াঘৰৰ বাথৰূমত৷ সেইদিনা শ্বেতা ঘৰলৈ অহা নাছিল কলেজৰ পৰা৷ পিতৃয়ে আবেলি এই সন্দৰ্ভত জনাইছিল ভৰলুমুখ থানাত৷ ২ বজাৰ পৰা সন্ধানহীন হৈ আছিল শ্বেতা৷ পিতৃৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আবেলি ৬ বজাত শ্বেতাৰ সন্ধান আৰম্ভ কৰিছিল আৰু ৬.৫০ বজাত আৰক্ষীয়ে শ্বেতাৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল৷ আৰক্ষীক এক স্থানীয় সূত্ৰই খবৰ দিছিল— শান্তিপুৰৰ এটা ঘৰৰ পৰা ধোঁৱা ওলাইছে বুলি৷ সেই সূত্ৰৰ আঁত ধৰিয়েই আৰক্ষীয়ে বিচাৰি পাইছিলগৈ শ্বেতা আগৰৱালাৰ মৃতদেহ৷ বাথৰূমত পৰি থকা এই যুৱতীগৰাকীয়েই আছিল শ্বেতা৷ ৯০ শতাংশই অগ্নিদগ্ধ হৈছিল শ্বেতা৷ আৰু মৃতদেহৰ কাষতে উদ্ধাৰ হৈছিল এটা দিয়াশলাইৰ বাকচ৷ গোৱিন্দ নামৰ এজন ২১ বছৰীয়া যুৱকৰ ঘৰৰ পৰা শ্বেতাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷ আৰক্ষীয়ে আটক কৰিছিল গোৱিন্দক৷ শ্বেতাৰ সৈতে প্ৰেমৰ সুসম্পৰ্ক আছিল গোৱিন্দৰ৷ এনে খবৰো ওলাইছিল- বিয়াৰ প্ৰস্তাৱ দিছিল গোৱিন্দে শ্বেতাক৷ আৰক্ষীয়ে উদ্ধাৰ কৰাৰ সময়তো শ্বেতাৰ নিথৰ দেহৰ পৰা ওলাই আছিল কেৰাচিনৰ গোন্ধ৷ আৰক্ষীয়ে তাৎক্ষণিকভাৱে আটক কৰিছিল গোৱিন্দক৷ সেই সময়ত গোৱিন্দৰ ভাড়াঘৰত আছিল মাক আৰু ভনীয়েক৷ গোৱিন্দৰ ঘৰ ৰাজস্থানত৷ তেওঁৰ পিতৃ ৰাধেশ্যাম সিংঘাল এজন ব্যৱসায়ী৷ সেই ঘটনা সংঘটিত হোৱাৰ দিনা তেওঁ আছিল ব্যৱসায়ৰ কামত জয়পুৰত৷ আৰক্ষীয়ে ওৰেটো নিশা জেৰা কৰিছিল গোৱিন্দক৷ তাৰ পাছত গ্ৰেপ্তাৰ কৰিছিল এই যুৱকজনক৷ আৰক্ষীৰ জেৰাত গোৱিন্দ সিংঘালে কেনেদৰে শ্বেতাৰ মৃত্যু হৈছিল সেই কথা কৈছিল৷ সেইদিনা শ্বেতাক ভাড়াঘৰলৈ মাতি নিছিল গোৱিন্দে৷ তাৰ পাছত শ্বেতাক দিছিল বিয়াৰ প্ৰস্তাৱ৷ কিন্তু শ্বেতাই বিচাৰিছিল পঢ়িবলৈ৷ প্ৰেমিক গোৱিন্দে শ্বেতাক গতিয়াই দিছিল আৰু ৱালত খুন্দা খাই শ্বেতাৰ মূৰত আঘাত পাইছিল৷ সেই আঘাততে মৃত্যু হৈছিল শ্বেতা নামৰ এই মেধাৱী ছাত্ৰীগৰাকীৰ৷ প্ৰেমিকা শ্বেতাৰ মৃত্যুৰ পাছত সেই মৃতদেহ লুকুৱাবলৈ গোৱিন্দৰ পৰিয়ালে শ্বেতাক বাথৰূমলৈ নি কেৰাচিন ঢালি জ্বলাই নিছিল৷ তাৰ পূৰ্বে গোৱিন্দে শ্বেতাৰ মৃতদেহ ভৰলুত পেলাবলৈ বাইকৰ পিছফালে এটা বস্তাত ভৰাই লৈ গৈছিল৷ প্ৰত্যক্ষদৰ্শীয়ে দিছিল এই ভাষ্য৷ মানুহে দেখাৰ বাবে পুনৰ ঘৰলৈ ঘূৰাই আনি মাতৃ আৰু ভগ্নীৰ সহযোগত বাথৰূমলৈ নি জ্বলাই দিছিল শ্বেতাৰ নিথৰ দেহ৷ শ্বেতাৰ হত্যাৰ সন্দৰ্ভত ৩০২য১২০বিয২০১ ধাৰাত গোচৰ ৰুজু হৈছিল ভৰলুমুখ থানাত৷ শ্বেতাক যে প্ৰেমিক গোৱিন্দ সিংঘালে মাতৃ কমলা দেৱী আৰু ভগ্নী ভৱানী সিংঘালৰ সহযোগত হত্যা কৰি প্ৰমাণ নষ্ট কৰিবলৈ মৃতদেহ জ্বলাই দিছিল সেই কথা ইতিমধ্যে আৰক্ষীৰ জেৰাত গোৱিন্দই স্বীকাৰ কৰিছিল৷ গোৱিন্দৰ মাতৃৰ বয়স ৪৮ বছৰ আৰু ভগ্নী ভৱানী সিংঘালৰ বয়স ২৩ বছৰ৷ তাৰ পাছত এই গোচৰ চলিছিল মহানগৰীৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত৷ আৰক্ষীয়ে দাখিল কৰা অভিযোগনামাত তিনিওৰে নাম শ্বেতা আগৰৱালা হত্যাকাণ্ডৰ সৈতে সন্নিৱিষ্ট হৈছিল৷ শ্বেতা আগৰৱালাৰ হত্যাকাণ্ডই জোকাৰি গৈছিল ৰাজ্য৷ বিভিন্ন দল-সংগঠনে হত্যাকাৰীৰ ফাঁচীৰ দাবী জনাইছিল৷ শ্বেতাৰ সহপাঠী সকলেও প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ এজনী মেধাৱী ছাত্ৰীৰ এই অকাল মৃত্যু আছিল সকলোৰে বাবে অতি মৰ্মান্তিক৷ শ্বেতাৰ হত্যাকাৰীক শাস্তিৰ দাবীত ৰাজপথত বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ শ্বেতা আগৰৱালা হত্যাকাণ্ডৰ তদন্ত প্ৰক্ৰিয়াত কষ্ট কৰিছিল সেই সময়ৰ অপৰাধ শাখাৰ এ চি পি ৰ’জি কলিতাই৷ হত্যাকাৰীয়ে বহু তথ্য আৰু প্ৰমাণ নষ্ট কৰিছিল৷ তাৰ পাছতো সাৱধানে এই গোচৰৰ তদন্ত কৰি দোষীক কৰায়ত্ব কৰাই নহয়,আদালতত হত্যাকাৰীক দোষী সাব্যস্ত কৰিব পৰাকৈ সকলো তথ্য প্ৰমাণ সংগ্ৰহ কৰিছিল এই আৰক্ষী বিষয়াগৰাকীয়ে৷ আৰক্ষীয়ে দোষী যাতে কোনোপধ্যে সাৰি যাব নোৱাৰে তাৰ বাবে সমগ্ৰ ঘটনাক্ৰম পুংখানুপুংখভাৱে বিশ্লেষণ কৰি তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিছিল৷  ৯ডিচেম্বৰ,২০১৭ত গোৱিন্দৰ লগতে তেওঁৰ মাতৃ আৰু ভগ্নীক একেলগে মুখামুখিকৈ জেৰা কৰিছিল তদন্তকাৰী বিষয়াই৷ কিয়নো পৃথকে পৃথকে কৰা জেৰাত তিনিওজনৰ ভাষ্যত বহু তথ্য অমিল আছিল৷ কেনেদৰে শ্বেতাক হত্যা কৰিছিল,হত্যা কৰোঁতে কি কি সামগ্ৰী ব্যৱহাৰ কৰিছিল,সামগ্ৰীবোৰ ক’ৰ পৰা আনিছিল,মটৰ চাইকেলত কেনেদৰে বস্তাত ভৰাই নিছিল- এই সকলোবোৰ হত্যাকাৰী গোৱিন্দই আৰক্ষীক দেখুৱাইছিল৷ আৰক্ষীয়ে সেই তথ্য প্ৰমাণ ভিডিঅ’ৰেকৰ্ডিং কৰিছিল আৰু সেইবোৰ আদালতত প্ৰমাণৰূপে জমা দিছিল৷ সেইদিনাই মহানগৰীৰ দিঘলীপুখুৰীৰ পাৰত কে চি দাস কমাৰ্চ কলেজৰ বৰ্তমানৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে শ্বেতাৰ হত্যাকাৰীক ফাঁচী দিয়াৰ দাবীত প্ৰতিবাদো সাব্যস্ত কৰিছিল৷ শ্বেতাৰ হত্যাৰ প্ৰতিবাদত কে চি দাস কমাৰ্চ কলেজৰ ছাত্ৰ-ছাত্ৰীয়েও প্ৰতিবাদ সাব্যস্থ কৰিছিল৷ কামৰূপ জিলা সত্ৰ ন্যায়াধীশ আদালতে এই গোচৰটো ২০১৯ চনৰ ৩০ জুলাইত গোৱিন্দ সিংঘাল,মাতৃ কমলা দেৱী আৰু ভগ্নী ভৱানী সিংঘালক দোষী সাব্যস্ত কৰিছিল৷ কিন্তু সেইদিনা এই তিনিগৰাকী অপৰাধীৰ শাস্তি ঘোষণা কৰা নাছিল আদালতে৷ দোষী সাব্যস্ত হোৱাৰ পাছতে আদালতৰ পৰা মাতৃ, ভগ্নীসহ গোৱিন্দক লৈ যোৱা হৈছিল গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ৷ তাৰ 8 দিনৰ পিছত অৰ্থাৎ ২০১৯ চনৰ ৩ আগষ্টত এই গোচৰত দোষী সাব্যস্ত হোৱা তিনিওগৰাকী অপৰাধীৰ শাস্তি ঘোষণা কৰিলে আদালতে৷ ১৯ মাহৰ পাছত শ্বেতা আগৰাৱালা হত্যাকাণ্ড গোচৰৰ চূড়ান্ত ৰায়দান কৰা হ’ল৷ এই ৰায়দানত মূল অভিযুক্ত গোৱিন্দক ফাঁচীৰ নিৰ্দেশ দিয়াৰ বিপৰীতে ভগ্নী আৰু মাতৃক আদালতে বিহিলে যাৱজ্জীৱন কাৰাদণ্ড৷ কামৰূপ জিলা আৰু সত্ৰ ন্যায়াধীশৰ ফাষ্টট্ৰেক ক’ৰ্টত চলিছিল এই গোচৰ৷ ন্যায়াধীশ অপৰেশ চক্ৰৱৰ্তীৰ আদালতে এই ৰায়দান প্ৰদান কৰাৰ পাছতে শ্বেতাৰ পিতৃ আৰু আত্মীয়ই সন্তুষ্টি ব্যক্ত কৰিছে৷ উল্লেখ্য,হত্যাকাণ্ড সংঘটিত হওতে শ্বেতাই কে চি দাস কমাৰ্চ কলেজৰ বি.কমৰ পঞ্চম ষন্মাষিকৰ ছাত্ৰী হিচাপে অধ্যয়ন কৰি আছিল৷ অতি কৌশলেৰে ঘৰলৈ মাতি নি এই মেধাৱী ছাত্ৰীগৰাকীক হত্যা কৰা গোৱিন্দক আৰু তেওঁক সহযোগ কৰা মাতৃ আৰু ভগ্নীক ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰাত আদালতে দোষী সাব্যস্ত কৰে৷ শ্বেতাৰ হত্যাকাণ্ডই কেৱল ৰাজ্যই নহয়,দেশো জোকাৰি গৈছিল৷ আৰু এই ৰায়দানৰ পাছত সেই খবৰ গুৰুত্বসহকাৰে প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে৷ তীব্ৰ প্ৰতিবাদ আৰু ৰাজ্যৰ সংবাদ মাধ্যমত হত্যাকাণ্ড সন্দৰ্ভত ধাৰাবাহিক খবৰ প্ৰকাশ পোৱাৰ বাবেই এই গোচৰৰ বিচাৰ ফাষ্টট্ৰেক আদালতৰ জৰিয়তে কৰিবলৈ চৰকাৰ বাধ্য হৈছিল৷ আৰু সমগ্ৰ হত্যাকাণ্ডৰ তদন্ত ক্ষিপ্ৰতাৰে চিআইডিয়ে কৰি তাৰ তথ্য প্ৰমাণ আদালতক জমা দিছিল৷ আদালতত ৩ আগষ্ট,২০১৯ত গোৱিন্দক ফাঁচীৰ নিৰ্দেশ দিয়াৰ পাছতেই আদালতৰ পৰা নিৰাপত্তাৰক্ষীয়ে তেওঁক আঁতৰাই লৈ যায়৷ সেই সময়ত আদালতত উপস্থিত থকা শ্বেতাৰ পৰিয়ালবৰ্গই সংবাদ মাধ্যমক বিশেষভাৱে ধন্যবাদ জনোৱাৰ লগতে দুখৰ এই সময়খিনিত পৰিয়ালটোৰ সমভাগী হোৱাৰ বাবে দল-সংগঠনকো কৃতজ্ঞতা জ্ঞাপন কৰিছিল৷ অৱশ্যে নিম্ন আদালতৰ এই ৰায়ৰ বিৰুদ্ধে গোৱিন্দ আৰু তেওঁৰ মাতৃ-ভগ্নীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন কৰিছিল৷ এই গোচৰৰ শুনানি গ্ৰহণ কৰি আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে গোৱিন্দৰ মাতৃ-ভগ্নীক এই গোচৰৰ পৰা ৰেহাই দিলে আৰু ছয় মাহৰ ভিতৰত গোবিন্দৰ সংক্ৰান্তত নিম্ন আদালতক ৰায় দিবলৈ নিৰ্দেশ জাৰি কৰিছে৷