Logo
image

গুৱাহাটীত দেশ-বিদেশৰ প্ৰতিনিধিৰ ভিৰ

কমনৱেল্‌থ সংসদীয় বৈঠক

আমাৰ অসম,১০এপ্ৰিলঃ বিশ্বৰ ৪০ খন দেশৰ প্ৰতিনিধিৰ উপস্থিতিৰ গুৱাহাটীত শনিবাৰে পুৱা আৰম্ভ হয় কমনৱেলথ সংসদীয় বৈঠক৷ কামনৱেলথ সংসদীয় বৈঠক৷ কমনৱেলথ সংসদীয় বৈঠক উপলক্ষে গুৱাহাটীত ভিৰ কৰিছে দেশ বিদেশৰ প্ৰতিনিধিয়ে৷ শনিবাৰে পুৱা অসম বিধানসভাত এক বৰ্ণাঢ্য কাৰ্যসূচীৰ মাজেৰে কমনৱেলথ পাৰ্লিয়ামেণ্টৰী এছঅচিয়েছনৰ সন্মিলনৰ শুভাৰম্ভ কৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই৷ প্ৰথমবাৰলৈ অসমত অনুষ্ঠিত হৈছে এই সন্মিলন৷ অৱশ্যে ৪০খন দেশ কমনৱেল্‌থ পাৰ্লিয়ামেণ্টৰী এছঅচিয়েছনৰ সদস্য হ’লেও শনিবাৰৰ পৰা আৰম্ভ হোৱা এই সন্মিলত ভাগ ল’বলৈ গ্ৰেট বৃটেইন,মালয়েছিয়া,তাঞ্জানিয়া,ঘানাকে ধৰি ১২খন দেশৰ প্ৰতিনিধিহে আহি গুৱাহাটীত উপস্থিত হয়৷ বাকী আটাইকেইখন দেশে ভাৰ্ছুৱেলী এই সন্মিলনত অংশগ্ৰহণ কৰিব৷ সন্মিলনৰ শুভাৰম্ভণি অনুষ্ঠানক কেন্দ্ৰ কৰি শনিবাৰে পুৱাৰে পৰা উখল-মাখল হৈ পৰে অসম বিধানসভা৷ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে নিজেই বিধানসভাৰ প্ৰৱেশদ্বাৰত ৰৈ প্ৰতিগৰাকী অতিথিক আদৰণি জনায়৷ বিহু আৰু বাগৰুম্বাৰ তালত মুখৰ হৈ পৰে সমগ্ৰ বিধানসভা চৌহদ৷ অসমীয়া পৰম্পৰা অনুসৰি সন্মিলনৰ উদ্বোধনী অনুষ্ঠানলৈ অহা প্ৰতিগৰাকী বিদেশী প্ৰতিনিধিক আদৰণি জনোৱা হয়৷ উল্লেখ্য,শনিবাৰ আৰু দেওবাৰে কমনৱেলথ সংসদীয় সংস্থাৰ এই সন্মিলন অনুষ্ঠিত হ’ব৷ ১১ আৰু ১২ এপ্ৰিলত অনুষ্ঠিত হ’ব ইণ্ডিয়ান পাৰ্লিয়ামেণ্টৰী এছ’চিয়েছনৰ সন্মিলন৷ এই সন্মিলনত উপস্থিত থাকিব ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যৰ বিধানসভাৰ অধ্যক্ষ,উপাধ্যক্ষ আৰু বিধানসভাৰ প্ৰধান সচিবসকল৷ উদ্বোধনী অনুষ্ঠানত আদৰণি ভাষণ আগবঢ়াই মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই ৮৫ বছৰ গৰকা অসম বিধানসভাৰ বৰ্ণিল ইতিহাসৰ লগতে অসমৰ আৰ্থ-সামাজিক পটভূমিৰো এক আভাস দাঙি ধৰে বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধিসকলৰ সন্মুখত৷ সন্মিলন আনুষ্ঠানিকভাৱে উদ্বোধন কৰি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই অসমৰ প্ৰাকৃতিক পৰিৱেশ,কৃষ্টি-সংস্কৃতি,অতিথি পৰায়ণতাৰ ভূয়সী প্ৰশংসা কৰে৷ তেওঁ ভাষণ প্ৰসংগত কয়– ভাৰতবৰ্ষৰ গণতান্ত্ৰিক ব্যৱস্থা অতি প্ৰাচীন আৰু শক্তিশালী৷ বিশ্বৰ ভিতৰতে ভাৰতবৰ্ষৰ গণতান্ত্ৰিক ব্যৱস্থা শক্তিশালী অভিহিত কৰি তেওঁ কয় যে এইখন দেশত পঞ্চায়তৰ পৰা আৰম্ভ কৰি সংসদীয় ব্যৱস্থালৈকে সকলোৰে পৰিকাঠামো যথেষ্ট মজবুত৷ ভাৰতীয় সংস্কৃতিত সমগ্ৰ বিশ্বকে এটা পৰিয়াল বুলি ভবা হয়৷ সেয়েহে ভাৰতে সদায় সমগ্ৰ বিশ্বৰে শান্তি কামনা কৰি আহিছে৷ বিশ্বৰ গণতান্ত্ৰিক ব্যৱস্থাটোক আৰু অধিক শক্তিশালী কৰি তুলিবলৈ CPট্ট-ই প্ৰয়াস অব্যাহত ৰাখিব৷ আনহাতে,উদ্বোধনী অনুষ্ঠানৰ শেষত ভাষণ আগবঢ়াই অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিৰে ভৰপূৰ অসমক এখন ক্ষুদ্ৰ বিশ্ব বুলিও অভিহিত কৰে৷ বিভিন্ন দেশৰ পৰা অহা প্ৰতিনিধিসকলক ৰখাৰ ব্যৱস্থা কৰা হৈছে৷ গুৱাহাটীৰ হোটেল ৰেডিচন ব্লু আৰু নভোটেলত৷ গ্ৰেট ব্ৰিটেইন, মালায়েছিয়া,তাঞ্জানিয়া,থানা আদি দেশৰ প্ৰতিনিধিক অসমৰ থলুৱা খাদ্যৰেও আপ্যায়ন কৰাৰ ব্যৱস্থা কৰা হৈছে৷ এইসকল প্ৰতিনিধিৰ খাদ্য তালিকাত ৰখা হৈছে ইলিছ,ছিটল,আৰি আদি মাছৰ ব্যঞ্জন,ছাগলী-হাঁহৰ মাংস৷ চাহতো দিয়া হৈছে থলুৱা বিভিন্নধৰণৰ সুস্বাদু পিঠাপনা,মিঠাই আছে৷ কমনৱেলথৰ বৈঠক উপলক্ষে ফুলেৰে সজাই তোলা হৈছে সমগ্ৰ অসম বিধানসভা চৌহদ৷

দেশৰ ৰাষ্ট্ৰপ্ৰধান ৰাম নাথ কভিন্দই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰি যোৱাৰ পিছত কাইলৈ ভাৰতৰ লোকসভাৰ অধ্যক্ষ ওম বিৰলা কাজিৰঙালৈ আহিব৷ বোকাখাত মহকুমা প্ৰশাসনে জানিবলৈ দিয়া মতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰাৰ উদ্দেশ্যে লোকসভাৰ অধ্যক্ষ ওম বিৰলা কাইলৈ গুৱাহাটীৰ পৰা এখন হেলিকপ্টাৰেৰে বোকাখাত ৰাজহুৱা খেলপথাৰত অবতৰণ কৰিব পুৱাৰ ভাগত৷ বোকাখাতত হেলিকাপ্টাৰৰ পৰা অবতৰণ কৰাৰ পিছত লোকসভাৰ অধ্যক্ষজনক ৰাজ্যখনৰ বিভিন্ন জাতি-জনজাতিৰ সাংকৃতিক দলে আদৰণি জনাব৷ আদৰণি জনাবলৈ ইতিমধ্যে বোকাখাত মহকুমা প্ৰশাসনে প্ৰস্তুতি চলাই আছে৷  বোকাখাতৰ পৰা গাড়ীৰে কাজিৰঙাৰ কহঁৰাত অৱস্থিত আৰক্ষীৰ অতিথিগৃহত কিছু সময় জিৰণি লৈ অধ্যক্ষজনে আন বিষয়াৰ সৈতে কাজিৰঙাৰ কাষতে থকা হাতীখুলি চাহ বাগিছা দৰ্শন কৰি অসমৰ চাহ খেতি তথা চাহ পাত প্ৰস্তুত কৰা সম্পৰ্কে বুজ ল’ব৷ ইয়াৰ পিছত হাতীখুলি চাহ বাগিছাৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত উপস্থিত হৈ জীপ ছাফাৰী কৰিব৷ ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়াই জানিবলৈ দিয়া মতে লোকসভাৰ অধ্যক্ষজনে কাইলৈ কাজিৰঙাৰ বাগৰিত উপস্থিত হৈ জীপ ছাফাৰী কৰাৰ লগতে বন বিভাগৰ অতিথি গৃহত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি পুনৰ বোকাখাতৰ পৰা হেলিকপ্টাৰেৰে গুৱাহাটীলৈ উভতি যাব৷