Logo
image

গ্ৰীণ টিৰ অৱশিষ্ট এইবোৰ কামত লগাওক

গ্ৰীণ টি স্বাস্থ্যৰ বাবে অতি উপকাৰী৷ স্বাস্থ্যই নহয় ছালৰ যতন আৰু  অন্যান্য কামতো গ্ৰীণ টি ব্যৱহাৰ কৰিব পাৰি৷ সেয়ে গ্ৰীণ টি খোৱাৰ  পাছত অৱশিষ্টখিনি পেলাই নিদি ছালৰ যতন লোৱাৰ কামত ব্যৱহাৰ কৰিব পাৰে৷

[১] অৱশিষ্ট গ্ৰীণ টি খিনিৰে ফেচমাস্ক প্ৰস্তুত কৰি ল’ব পাৰে৷ ইয়াৰ বাবে চাহপাতৰ সৈতে হালধি, মৌ আৰু দৈৰ এটা মিশ্ৰণ তৈয়াৰ কৰি লওক৷ সেইখিনি মুখত লগাওক৷ ১৫-২০ মিনিট সময় তেনেদৰে ৰাখি মিশ্ৰণখিনি শুকাবলৈ ল’লে গৰম পানীৰে মুখখন ধুই পেলাওক৷  এই ফেচমাস্ক ব্যৱহাৰ কৰিলে মুখৰ দাগ আঁতৰ হোৱাৰ লগতে ছাল উজ্জ্বল তথা মসৃণ হৈ পৰে৷ 

[২] অৱশিষ্ট গ্ৰীণ টিৰ সৈতে সামান্য পৰিমাণৰ চেনি মিহলাই প্ৰস্তুত কৰা ফেচস্ক্ৰাবে ছাল উজ্জ্বল কৰি তোলাৰ লগতে বয়সৰেখা নাইকিয়া কৰে৷

[৩] অৱশিষ্ট গ্ৰীণ টিৰ বেগেৰে ফেচ মেছেজো কৰিব পৰা যায়৷ ইয়াৰ বাবে গ্ৰীণ টিৰ বেগ পানীত তিয়াই ফ্ৰীজত ঠাণ্ডা কৰি ল’ব৷