Logo
image

গুৱাহাটীত সংখ্যালঘু ভোটাৰক লৈ কংগ্ৰেছ-বিজেপিৰ সমীকৰণ সলনি

নিশা হাজি মুছাফিৰখানাত মন্ত্ৰী পীয়ূষৰ বৈঠক

আমাৰ অসম,১১ এপ্ৰিলঃ কল্পনা নকৰাকৈয়ে পৌৰসভাৰ নিৰ্বাচনত সংখ্যালঘু অধ্যুষিত ধিং, খাৰুপেটীয়া,গোৱালপাৰা আদিৰ দৰে অঞ্চলটো বিজেপিয়ে চমকপদ সফলতা লাভ কৰাৰ পাছতে সলনি হৈছে সংখ্যালঘু ভোটাৰকলৈ বিজেপিৰ ৰাজনৈতিক সমীকৰণ৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই জনিয়া,বাঘবৰ,ধিং,বৰপেটাৰ লুঙি টুপিৰ ভোট নালাগে বুলি কোৱা কথাষাৰো যেন এতিয়া পুৰণি হ’ল৷ সংখ্যালঘুকলৈ বিজেপিৰ নতুন সূত্ৰ–‘মুছলমানে অলপ মৰম দিলে ডাৱল মৰম দিব বিজেপিয়ে৷ বিজেপিক ভোট দিয়া মুছলমানক ভাল পায় বিজেপিয়ে৷’সমাগত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত গুৱাহাটীৰ ৬০ টা ৱাৰ্ডতে মুছলমানৰ ভোট লাগে বিজেপিক৷ সেয়েহে শনিবাৰে নিশা গুৱাহাটীৰ খিলঞ্জীয়া মুছলমানৰ প্ৰতিনিধিৰে ইছলামপুৰৰ হাজিমুছাফিৰ খানাত বিশেষ বৈঠকত বহিল মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ তথা ৰাজ্য চৰকাৰৰ অন্যতম শিৰোমণি মন্ত্ৰী পীয়ূষ হাজৰিকা৷ ৰাজ্যিক হজ কমিটীৰ অধ্যক্ষ অধিবক্তা নেকিবুৰ জামানৰ বিশেষ উদ্যোগত অনুষ্ঠিত এই বৈঠকত থলুৱা মুছলমানসকলৰ অভাৱ অভিযোগ তথা সুখ দুখৰ বুজ লৈ মন্ত্ৰী পীয়ুষ হাজৰিকাই ক’লে– জি এম চি নিৰ্বাচনত বিজেপিৰ লগত থাকিব খিলঞ্জীয়া মুছলমান৷ একাংশই বিভেদৰ বীজ সিচিব বিচাৰিছে৷ এই বীজ শেষ কৰাৰ লক্ষ্য লৈছে বিজেপিয়ে৷’বৈঠকৰ অন্তত সাংবাদিকৰ আগত মন্ত্ৰী হাজৰিকাই কয়–‘খিলঞ্জীয়া মুছলমান ৰাইজৰ ভোট আমি সদায়েই বিচাৰো৷ তেখেতসকলৰ সমৰ্থন সদায় বিচাৰো৷ এইবাৰো বিচাৰিছো৷ তেখেতলোকে আমাক  ৰাজহুৱাভাৱে প্ৰতিশ্ৰুতি দিছে আমাক ভোট দিয়াৰ বাবে৷ ষাঠিটা ৱাৰ্ডতে আমাৰ মিত্ৰ দলৰ প্ৰাৰ্থীসকলক তেওঁলোকে সহায় কৰিব আৰু আমি নিশ্চয়কৈ কৃতজ্ঞ হৈ ৰম৷ খিলঞ্জীয়া মুছলমান ৰাইজৰ লগত আমি সদায়েই আছো৷ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজহুৱাকৈ কয় যে খিলঞ্জীয়া মুছলমানৰ লগত আমাৰ কোনো সমস্যা নাই৷ তেখেত লোকে আমাক মৰম কৰক,আমি ডাৱল মৰম কৰিম৷ ভোট নিদিলে আমাৰ মন বেয়া লাগে,ভোট যিয়েই নিদিয়ে তেওঁকেই বেয়া লাগে৷ গতিকে কোনোবা মুছলমান মানুহে ভোট দিলে মইটো ভাল পাও৷ আমি কাৰোৰে অন্যায় নকৰো৷’