Logo
image

গুৱাহাটীত সংখ্যালঘু ভোটাৰক লৈ কংগ্ৰেছ-বিজেপিৰ সমীকৰণ সলনি

ইউডিএফ অসমৰ ওৱেইচিঃ কংগ্ৰেছ

আমাৰ অসম,১১ এপ্ৰিলঃ উজনিৰ মুছলমান মানুহে আজমলৰ নাম শুনিলে লাজ পায়৷ ইউডিএফ অসমৰ ওৱেইচি৷ – এই ভাষ্য কংগ্ৰেছৰ অন্যতম কাৰ্যকৰী সভাপতি ৰানা গোস্বামীৰ৷ দেওবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল  আয়োজন কৰি প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতাজনে আৰু কয়– যি সময়ত ইউডিএফ ভেণ্টিলেছনত আছিল অকল আমাৰ কিছুমান নেতাৰ বাবে আমাৰ সৈতে মিত্ৰতা কৰি ভেণ্টিলেছনৰ পৰা উলিয়াই অনা হ’ল৷ নহ’লে তেওঁলোকৰ সংখ্যা অতি নগন্য হৈ থাকিলহেঁতেন৷ প্ৰতিটো নিৰ্বাচনত তেওঁলোকে দুই নম্বৰী কাম কৰে৷ উজনি অসমৰ প্ৰতিটো সমষ্টিত প্ৰাৰ্থী দিয়াৰ কি কাৰণ থাকিব পাৰে? ২০১৬ চনতো তেওঁলোকে প্ৰাৰ্থী দিছে৷ ‘১৬ ত আজমলৰ ডাঙৰ ডাঙৰ বেনাৰ পোষ্টাৰ লাগিছিল৷ উপ-মুখ্যমন্ত্ৰী হ’ব বুলি প্ৰচাৰ চলোৱা হৈছিল৷ তেওঁলোকে মেৰু বিভাজন কৰিবৰ কাৰণে ৰাজনীতি কৰে৷ যাৰ বাবে তেওঁলোকে বিজেপিৰে মিলি অগৰৰ ব্যৱসায় সুন্দৰভাৱে কৰি আছে৷ উজনিৰ স্বনামধন্য মুছলমান পৰিয়ালে আজমলৰ সদায় বিৰোধিতা কৰে৷ তেওঁৰ প্ৰসংগ ওলালেই লাজ পায়৷ ইউডিএফে উজনিত খোপনি পোতা বাদ দিয়ক সামান্যও গণভিত্তি নাই৷ কিছুদিন আগলৈ কংগ্ৰেছৰ মিত্ৰতাৰ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱা দল ইউডিএফক লৈ কংগ্ৰেছ নেতৃত্বই সমালোচনা কৰাৰ পাছত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপিয়ে৷ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই দেওবাৰে সংবাদ মাধ্যমৰ আগত কয়– কংগ্ৰেছ ইউডিএফৰ মাজে মাজে চলে ইলু ইলু আৰু মাজে মাজে হয় ডিভোৰ্ছ৷ মাজে মাজে আকৌ বন্ধনত আৱদ্ধ হয় আৰু বন্ধন ভাঙিব৷ দুয়োটা এই পৰম্পৰা চলি থাকিব৷