Logo
image

কাজিৰঙাত জীপ ছাফাৰী মুগ্ধ অধ্যক্ষ বিৰলা

আমাৰ অসম,১১ এপ্ৰিলঃ ভাৰতৰ লোকসভাৰ অধ্যক্ষ ওম বিৰলা আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰি আনন্দিত হৈ পৰে৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত জীপ ছাফাৰী কৰি অধ্যক্ষ ওম বিৰলাই সাংবাদিকক জানিবলৈ দিয়া মতে বিশ্বৰ ভিতৰতেই কাজিৰঙাৰ গঁড়, চাহ,ইয়াৰ সংস্কৃতি,ব্ৰহ্মপুত্ৰ নদীকে ধৰি সকলোৰে বিভিন্নতা থকা এখন উন্নত প্ৰদেশ৷ পূৰ্বৰ তুলনাত ৰাষ্ট্ৰীয় উদ্যানখনৰ সুৰক্ষা ব্যৱস্থা উন্নত কৰা হৈছে৷ ব্ৰহ্মপুত্ৰৰ কাষত অৱস্থিত বিশ্বৰ এটা খৰ্গ থকা সৰ্বাধিক গঁড়ৰ বাসস্থান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অদ্ভুত বুলি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই মত প্ৰকাশ কৰে৷ বিশ্বৰ ৭০ শতাংশ এটা খৰ্গ থকা গঁড়ৰ বাসস্থান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজি অধ্যক্ষই গঁড়,পহু আদি বন্যপ্ৰাণী দেখা পাই উৎফুল্লিত হৈ পৰে৷ দিনক দিনে কাজিৰঙালৈ দেশ-বিদেশৰ পৰ্যটকৰ আকৰ্ষণ বৃদ্ধি পাই আছে৷ যথেষ্টসংখ্যক দেশীয় পৰ্যটকক কাজিৰঙালৈ আগমন হ’বলৈ আহ্বান জনোৱাৰ লগতে বিদেশী পৰ্যটকক আনিবলৈও প্ৰয়াস কৰিব লাগে বুলি তেওঁ মন্তব্য কৰে৷ আগন্তুক দিনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰাৰ উদ্দেশ্যে আৰু দেশ-বিদেশৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হ’ব বুলি অধ্যক্ষই আশা প্ৰকাশ কৰে৷ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ইয়াৰ উন্নয়নৰ কাৰণে ব্যৱস্থা কৰি আছে৷ কাৰণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সম্পূৰ্ণকৈ সুৰক্ষিত কৰাৰ লগতে উন্নয়নৰ কাৰণে নতুনকৈ কাম কৰি থকা হৈছে৷ কাজিৰঙালৈ পৰ্যটকৰ আগমন বৃদ্ধি পালে ইয়াত নিবনুৱাই কৰ্ম সংস্থাপন লাভ কৰিব৷ কাজিৰঙাক সুৰক্ষা দিয়াত বনকৰ্মী আৰু বিষয়াই বিশেষ সেৱা আগবঢ়াই থকাৰ বাবে সুৰক্ষিত হৈ আছে বুলি অধ্যক্ষই দোহাৰে৷ কিন্তু বানপানী আহিলে কিছু বন্যপ্ৰাণীৰ মৃত্যু হয়৷ ইয়াৰ কোনো বিকল্প নাই যদিও তাৰ বাবেও প্ৰচেষ্টা চলাই থকা হৈছে৷ লোকসভাৰ অধ্যক্ষজনে সাংবাদিকক আৰু জানিবলৈ দিয়া মতে এই ৰাজ্যৰ নব প্ৰজন্মৰ বৌদ্ধিক ক্ষমতা,কাম কৰাৰ অদ্ভুত দক্ষতা,ইয়াৰ যুৱ প্ৰজন্মৰ আত্মবিশ্বাসে নিশ্চিত ৰূপত দেশৰ উন্নয়নত ডাঙৰ ভূমিকা লৈ থাকিব৷ উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰাৰ উদ্দেশ্যে আজি গুৱাহাটীৰ পৰা এখন হেলিকাপ্টাৰেৰে বোকাখাত ৰাজহুৱা খেলপথাত লোকসভাৰ অধ্যক্ষ ওম বিৰলা পুৱা ১০ বজাত অৱতৰণ কৰে৷ বোকাখাতত স্থানীয় বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাই আনুষ্ঠানিকভাৱে আদৰণি জনোৱাৰ লগতে অসম আৰক্ষীয়ে গাৰ্ড অব অনাৰ প্ৰদৰ্শন কৰে৷ ইয়াৰ পাছতেই গাড়ীৰে কাজিৰঙাৰ কহঁৰাত অৱস্থিত আৰক্ষীৰ অতিথিগৃহত কিছুসময় জিৰণি লৈ হাতীখুলি চাহ বাগিচাত উপস্থিত হয় অধ্যক্ষ ওম বিৰলা৷ চাহ বাগিচাৰ লগতে কাজিৰঙাৰ হাতীখুলিত অৱস্থিত চাহ কাৰখানাত কেনেকৈ চাহ প্ৰস্তুত কৰে তাৰ বুজ লয়৷ হাতীখুলি চাহ বাগিচা কৰ্তৃপক্ষই তেওঁক আদৰণি জনোৱাৰ লগতে বাগিচাৰ শ্ৰমিকে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰে৷ চাহ বাগিচা দৰ্শন কৰি অধ্যক্ষ বিৰলাই মত প্ৰকাশ কৰা মতে ভাৰতৰ সৰ্বাধিক লোকে অসম আৰু দাৰ্জিলিঙৰ চাহ পান কৰে৷ ভাৰতীয় লোকৰ বাবে চাহ দিন-প্ৰতিদিনৰ এক অপৰিহাৰ্য সামগ্ৰী হৈ পৰিছে৷ শ্ৰমিকে বহু কষ্ট কৰি চাহ উৎপাদন কৰে৷ গতিকে চাহ বাগিচাৰ শ্ৰমিক ধন্যবাদৰ পাত্ৰ৷ ইফালে চাহ বাগিচাৰ শ্ৰমিকৰ মজুৰি কম হৈ থকা কথাটো সংসদত উত্থাপন হৈছে বুলি দোহাৰি চাহ বাগিচাৰ শ্ৰমিকৰ পাৰিশ্ৰমিক বৃদ্ধি কৰাৰ বাবে চৰকাৰে প্ৰচেষ্টা চলাই থকাৰ কথাও অধ্যক্ষই মত প্ৰকাশ কৰে৷ ইফালে আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰি অধ্যক্ষ ওম বিৰলা পুনৰ হেলিকাপ্টাৰে গুৱাহাটীলৈ উভতি যায়৷