Logo
image

মাজনিশা ‘আউট’ ইমৰান আজি নতুন প্ৰধানমন্ত্ৰী নিৰ্বাচন

আমাৰ অসম,১১ এপ্ৰিলঃ  দিবা-নৈশ মেচত মাজনিশা আউট হ’ল ইমৰান খান৷ ক্ৰিকেটাৰৰ কেৰিয়াৰত সিমান বেছি দিবা-নৈশ মেচ খেলিবলগীয়া হোৱা নাছিল ইমৰান খানে৷ কাৰণ তেতিয়া ফ্লাড লাইটৰ সমানে দিনতো অনুষ্ঠিত হৈছিল এদিনীয়া মেচ,টি-২০১ কথাই নাছিল৷ ৰাজনৈতিক জীৱনৰ ফাইনেলসদৃশ আটাইতকৈ গুৰুত্বপূৰ্ণ দিনটোত দেওবাৰে মাজনিশা শোচনীয়ভাৱে পৰাজিত হ’ল ইমৰান খান৷ শোচনীয় পৰাজয় এইবাবেই,যিখন খেলত এবাৰো ফিল্ডলৈও নাহিল এসময়ৰ বিশ্ব ক্ৰিকেটৰ কিং খান৷ বিনাযুদ্ধে পৰাজয় স্বীকাৰ কৰি বিদায় ল’লে প্ৰধান মন্ত্ৰীৰ আসনৰ পৰা৷ অৱশ্যে তাৰ পূৰ্বে খেলপথাৰৰ বাহিৰত থাকিও বিভিন্ন পন্থাৰে তেওঁ যুঁজ দিছিল,প্ৰধানমন্ত্ৰীৰ গাদীখন ৰক্ষা কৰাৰ বাবে৷ যুঁজখন বিভিন্ন অজুহাতেৰে মাজনিশালৈ টানি নিও শেষৰক্ষা নহ’ল৷ পাকিস্তান উচ্ছতম ন্যায়ালয়ৰ নিৰ্দেশ আৰু নিৰীক্ষণত পাক সময় অনুসৰি মাজনিশাৰ ঠিক পূৰ্বে দেশৰ নেচনেল এছেম্বলিত অনাস্থা প্ৰস্তাৱৰ ভোটদান আৰম্ভ হ’ল আৰু নিশা ১ বজাত সমাপ্ত হোৱা ভোটদানৰ ফলাফল প্ৰস্তাৱৰ সপক্ষে ১৭৪ হোৱাত গাদীচ্যুত হ’ল প্ৰধানমন্ত্ৰী ইমৰান খান৷ পৰিণতিত তেওঁ অনাস্থা ভোটত পৰাজিত হোৱা প্ৰথমজন পাকিস্তানী প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হ’ল৷ ইয়াৰ পূৰ্বে পাকিস্তানৰ কোনো প্ৰধানমন্ত্ৰী আস্থাভোটত পৰাজিত হোৱা নাছিল৷ অথচ ইমৰানৰ পূৰ্বে দেশখনৰ কোনো প্ৰধানমন্ত্ৰীয়ে নিজৰ ৫ বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰিব পৰা নাছিল৷ হয় তেওঁলোকৰ কোনোজন প্ৰধানমন্ত্ৰী আততায়ীৰ আক্ৰমণত নিহত হৈছিল,নহয় আন কাৰণত ক্ষমতাচ্যুত হৈছিল৷ ইমৰান খানৰ পূৰ্বে ২২জন প্ৰধানমন্ত্ৰীয়ে কাৰ্যকাল সম্পূৰ্ণ কৰিব নোৱাৰাকৈ ক্ষমতাচ্যুত হৈছিল৷ তাৰ ভিতৰত বেনজিৰ ভূট্টো,নৱাজ শ্বৰীফ একাধিকবাৰ প্ৰধানমন্ত্ৰী হৈছিল আৰু পৰিণতিও একে আছিল৷ ইমৰান খানৰ ক্ষেত্ৰত পাৰ্থক্য হ’ল,তেওঁ পৰাজিত হ’ল বিৰোধীৰ আস্থাভোটত,য’ত কিছুদিন আগলৈকে তেওঁৰ চৰকাৰৰ সংগী হৈ থকা সকলোবোৰ দলো চামিল হৈছিল৷ ফলত ৰাজনৈতিক জীৱনৰ  প্ৰথমটো মূল ইনিংছত ইমৰান খান ক্লিন ব’ল্ড হ’ল৷ মেঘনাদৰ দৰে আঁৰৰ পৰা যুদ্ধ এতিয়াও এৰি দিয়া নাই ইমৰান খানে৷ সোমবাৰে হ’বলগীয়া দেশৰ নতুন প্ৰধানমন্ত্ৰী নিৰ্বাচনত ইমৰান খানৰ পাকিস্তান তেহৰিক-ই ইছলাম [পিটিআই]দলৰ আগশাৰীৰ নেতা,সদ্য প্ৰাক্তন মন্ত্ৰী শ্বাহ মেহমুদ কুৰেশ্বিয়েও প্ৰাৰ্থিত্ব আগবঢ়াইছে৷ দেওবাৰে পিটিআই দলৰ উপ-সভাপতি কুৰেশ্বিয়ে প্ৰধানমন্ত্ৰী পদৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে আৰু তেওঁৰ মনোয়ন পাকিস্তানৰ নেচনেল এছেম্বনি সবিচালয়ে বৈধ ঘোষণা কৰিছে৷ পিছে সন্মিলিত বিৰোধী দলৰ প্ৰাৰ্থী শ্বাহবাজ শ্বৰীফক তেওঁ পৰাস্ত কৰিব পৰাৰ সম্ভাৱনা কম৷ কিয়নো পাক সংসদৰ ৩৪২খন আসনৰ ক্ষেত্ৰত সংখ্যাগৰিষ্ঠতা অৰ্জনৰ বাবে ১৭২ জন সাংসদৰ সমৰ্থনৰ প্ৰয়োজন৷ যোৱানিশা সন্মিলিত বিৰোধীৰ ১৭৪জনে ইমৰান খানৰ বিৰুদ্ধে ভোটদান কৰিছিল৷ সোমবাৰে ইমৰানৰ পিটিআই দলে কিমান ভোট যোগাৰ কৰিব পাৰে তাৰ ওপৰতে নিৰ্ভৰ কৰিব পাকিস্তানৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী কোন৷