আলুৰ দাম বাঢ়িছে পিঁয়াজ ভাজি খাওক,দৰৱৰ দাম বাঢ়িছে হোমিঅ’পেথিক খাওক!
বিধায়ক অতুল বৰাৰ নিদান
আমাৰ অসম,১১ এপ্ৰিলঃ পিয়াঁজৰ দাম কমিছে,আলুৰ দাম বাঢ়িছে,গতিকে পিয়াঁজ ভাজি খাওক৷ যিটো সামগ্ৰীৰ দাম বাঢ়িছে সেয়া খাব নালাগে৷ আজব পৰামৰ্শ দিছপুৰ সমষ্টিৰ বিজেপি বিধায়ক অতুল বৰাৰ৷ হোমিও পেথিক দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটীৰ পাঞ্জাবাৰীতস্থিত শ্বহীদ যাদৱ নাথ চৰকাৰী হোমিও পেথিক মহাবিদ্যালয়ত দেওবাৰে দিনযোৰা কাৰ্যসুচীৰে অনুষ্ঠিত হোৱা বিশ্ব হোমিও দিৱসৰ কাৰ্যসূচীত ভাগ লৈ বিধায়ক অতুল বৰাই কয়– সৰ্বসাধাৰণে এল’পেথিক খাই থাকাৰ বাবে দাম বাঢ়িছে,গতিকে কম মূল্যৰ বিনিময়ত হোমিঅ’পেথিক দৰৱ ব্যৱহাৰ কৰিব লাগে৷ সাধাৰণ জনতাই নহয়,মূল্যবৃদ্ধিৰ বাবে মইও জুৰুলা হৈছো৷ যিবোৰ সামগ্ৰীৰ দাম বাঢ়িছে সেইবোৰ খাব নালাগে৷ উল্লেখ্য যে,মূল্যবৃ্দ্ধিক লৈ শাসক-বিৰোধী সকলোৱে কিবা নহয় কিবা মন্তব্য কৰি আছে৷ উল্লেখ্য যে,শেহতীয়াভাৱে পেট্ৰ’ল-ডিজেল,ৰন্ধন গেছ,ঔষধ,নিত্য ব্যৱহাৰ্য সামগ্ৰী,শাক-পাছলিৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে কোঙা কৰিছে ৰাজ্যৰ সৰ্বসাধাৰণ লোকক৷ ইয়াৰ পিছতো শাসকীয় দলৰ বিধায়ক এজনৰ মূল্য বৃদ্ধিক লৈ কৰা উদ্ভদ মন্তব্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ ইয়াৰ পূৰ্বে বিধায়ক বৰাই নিজৰ দলৰে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ বিৰুদ্ধে ৰাজহুৱাভাৱে ক্ষোভ প্ৰকাশ কৰি সমালোচনাৰ সন্মুখীন হৈছিল৷ মিঠাতেলৰ মূল্যবৃদ্ধিৰ সময়তো বিধায়ক বৰাই ৰাইজক মিঠাতেল ব্যৱহাৰ নকৰিবলৈ পৰামৰ্শ দিয়াৰ লগতে ৰাইজক সিদ্ধ খাদ্য খাবলৈ উপদেশ দিছিল৷ মিঠাতেল কমকৈ ব্যৱহাৰ কৰিলে স্বাস্থ্য ভালে থাকে বুলি ও কৈছিল বিধায়ক বৰাই৷ ৰাইজক সময়ে সময়ে কেতবোৰ অদ্ভূত পৰামৰ্শ দি অহা বৰাই অৱশ্যে স্বীকাৰ কৰি কয়– মই চৰকাৰী পদত আছো বাবেই সকলো কথা খোলা খুলি কব নোৱাৰো৷