Logo
image

এইবোৰ সমস্যাত নৰসিংহৰ পাতে ঔষধৰ কাম কৰে

ৰন্ধন প্ৰণালীত খাদ্যবস্তু অধিক সুস্বাদু আৰু সুগন্ধি কৰাৰ বাবে নৰসিংহৰ পাত ব্যৱহাৰ কৰা হয়৷ নৰসিংহৰ পাতত থকা পুষ্টিকৰ গুণ স্বাস্থ্যৰ বাবে অতি উপকাৰী৷ নৰসিংহই ছুগাৰ নিয়ন্ত্ৰণ কৰাৰ উপৰি ওজন বঢ়াত বাধা দিয়ে৷ তদুপৰি ছাল আৰু চুলিৰ বাবে অতি উপকাৰী নৰসিংহৰ পাত৷ উল্লেখ কৰা হ’ল নৰসিংহৰ পাতৰ পৰা পাব পৰা বিভিন্ন উপকাৰ–

[১] ৰক্তহীনতাৰ আশংকা কমায়ঃ নৰসিংহৰ পাতত প্ৰচুৰ পৰিমাণে আইৰণ আৰু ফলিক এচিদ থাকে৷ ফলত ই ৰক্তহীনতা প্ৰতিৰোধ কৰাত সহায় কৰে৷ 

[২] লিভাৰ ভালে ৰাখেঃ লিভাৰ দুৰ্বল হ’লে নৰসিংহৰ পাত খাব পাৰে৷ তদুপৰি ভুল খাদ্যাভাস আৰু অত্যধিক সুৰাপান কৰা সকলে নিয়মিত নৰসিংহৰ পাত খালে উপকাৰ পাব৷ ইয়াত থকা ভিটামিন এ আৰু চি-এ লিভাৰ সুস্থ কৰি ৰখাত সহায় কৰে৷ 

[৩] তেজত শৰ্কৰা নিয়ন্ত্ৰণ কৰেঃ নৰসিংহৰ পাতত থকা ফাইবাৰে ইনচুলিনক প্ৰভাৱিত কৰি তেজত থকা শৰ্কৰাৰ মাত্ৰা কমায়৷ লগতে ই পৰিপাক তন্ত্ৰক ভালে ৰাখে৷ ফলত স্থুলতাৰ আশংকা নাইকিয়া হয়৷  

[৪] হূদপিণ্ড ভালে ৰাখেঃ কলেষ্টেৰ’লৰ মাত্ৰা কমোৱাত নৰসিংহৰ পাতে গুৰুত্বপূৰ্ণ ভূমিকা লয়৷ এইবিধ পাতে তেজত কলেষ্টেৰ’লৰ পৰিমাণ বঢ়াই হূদৰোগৰ আশংকা নাইকিয়া কৰে৷ 

[৫] হজম শক্তি বঢ়ায়  নৰসিংহৰ পাতত থকা কাৰমিনেটিভ নামৰ উপাদানবিধে কোষ্ঠ-কাঠিন্যৰ দৰে সমস্যা নাইকিয়া কৰে৷ লগতে পেটৰ  অন্যান্য সমস্যাও উপশম কৰাত সহায় কৰে৷ সেয়ে পেটৰ ৰোগত নৰসিংহৰ পাতক মহৌষধ বুলি কোৱা হয়৷

[৬] ছালৰ সংক্ৰমণ নাইকিয়া কৰেঃ নৰসিংহৰ পাতত প্ৰচুৰ পৰিমাণে থাকে এণ্টি-অক্সিডেন্ট,এণ্টি বেক্টেৰিয়েল আৰু এণ্টি ফাংগাল বৈশিষ্ট্য৷ এইবোৰ বৈশিষ্ট্যই ছালৰ ইনফেকছন দূৰ কৰাত সহায় কৰে৷ 

[৭] চুলি ভালে ৰাখেঃ নৰসিংহৰ পাতত থকা পুষ্টিকৰ গুণসমূহে চুলি অকালতে পকাত বাধা দিয়ে৷ তদুপৰি চুলিসৰা সমস্যা কমায়৷ উফি আঁতৰোৱাৰ ক্ষেত্ৰতো নৰসিংহৰ পাত অতি কাৰ্যকৰী৷