Logo
image

প্ৰতিশোধ নলওঁ, কিন্তু সিদ্ধান্ত ল’ব আইনে

মাজনিশা সংসদত ইমৰান খানলৈ শ্বাহবাজ শ্বৰীফৰ ডাঙৰ বাৰ্তা

আমাৰ অসম,১১ এপ্ৰিলঃ অৱশেষত পাকিস্তানৰ ৰাজনৈতিক সংকটৰ ওৰ পৰিল৷ প্ৰায় এমাহ ধৰি দেশখনত চলি অহা ৰাজনৈতিক সংকটৰ নাটকখনত ইমৰান খান চৰকাৰৰ পতন হয়৷ ছুপ্ৰিম ক’ৰ্টৰ নিদেৰ্শ অনুসৰি শনিবাৰে পুৱা ১০.৩০ বজাতে পাকিস্তানৰ সংসদত আস্থা ভোট হ’বলগীয়া কথা আছিল যদিও প্ৰধানমন্ত্ৰী ইমৰান খান,তেওঁৰ দল আৰু নেশ্বনেল এছেম্বলীৰ অধ্যক্ষ-উপাধ্যক্ষই বিভিন্নধৰণৰ নাটক কৰি ‘আস্থা ভোট’পিছুৱাই থাকে৷ আনকি ইমৰান খানে তিনিটা চৰ্তও দিয়ে৷ সেই চৰ্ত মানিলেহে আস্থাৰ ভোটৰ মুখামুখি হ’ব বুলি ঘোষণা কৰিছিল৷ কিন্তু ইয়াৰ দ্বাৰা তেওঁ ছুপ্ৰিম ক’ৰ্ট আৰু পাকিস্তানৰ সংবিধানক অপমান কৰিবলৈ অপচেষ্টা কৰাৰ অভিযোগ উঠে৷ গতিকে নাটক আৰু উৎকণ্ঠাৰ মাজতে শনি আৰু দেওবাৰৰ মাজৰ নিশাহে সংসদত ‘আস্থা ভোট’হয় আৰু ইয়াত পৰাস্ত হয় ইমৰান খান৷ ফলত তেওঁৰ প্ৰধানমন্ত্ৰী পদ যোৱাৰ লগতে চৰকাৰৰো পতন হয়৷ বিৰোধীৰ অনাস্থা প্ৰস্তাৱৰ সন্মুখীন হৈ ক্ষমতাচ্যুত হোৱা পাকিস্তানৰ প্ৰথম প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হয় ইমৰান খান৷ ইমৰান খান চৰকাৰৰ পতনৰ পাছতে সংসদত ভাষণ দিয়ে বিৰোধী দলৰ নেতা তথা ভাবী প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে৷ এই ভাষণত তেওঁ ইমৰান খানলৈ দিয়ে কঠোৰ বাৰ্তা৷ শ্বাহবাজ শ্বৰীফে কয় যে তেওঁৰ চৰকাৰে কাৰোৰে ওপৰত প্ৰতিশোধ নলয়,কোনো নিৰ্দোষী মানুহক জে’ললৈ নপঠিয়ায়৷ কিন্তু আইনকো বাধা নিদিয়ে৷ আইনে নিজৰ কাম কৰি যাব৷ অৰ্থাৎ আইনী প্ৰক্ৰিয়াৰ জৰিয়তে ইমৰান খান আৰু তেওঁৰ সতীৰ্থৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷ ইমৰান খানৰ পতনক শ্বাহবাজ শ্বৰীফে পাকিস্তানৰ পৰা ‘আন্ধাৰ আঁতৰা’ বুলিও অভিহিত কৰে৷