ভাষিক আধিপত্যবাদ
ভাষাৰ বিলুপ্তিৰ লগে লগে সেই ভাষা কোৱা জাতিৰ স্বকীয় পৰিচয় নোহোৱা হয়৷ সম্প্ৰতি অসমীয়া ভাষা-সংস্কৃতিলৈ বিভিন্ন কাৰকে অমানিশা কঢ়িয়াই আনিছে৷ ভিন্ন জাতি-জনগোষ্ঠীৰ বাসভূমি অসমত অসমীয়া ভাষাই ৰাজ্যভাষাৰ মৰ্যাদা লাভ কৰিছিল যদিও ভাষাটোৰ উত্তৰণত চৰকাৰীপক্ষৰ নিৰ্লিপ্ত ভূমিকাৰ বাবে অসমীয়া ভাষাটোৱে ক্ৰমাৎ অসমতে এলাগি হৈ পৰিছে৷ অসমতে অসমীয়া ভাষাক সকলো শিক্ষানুষ্ঠানতে বাধ্যতামূলক ভাষা হিচাপে প্ৰচলন কৰিব নোৱাৰিলে৷ ৰাজ্যভাষা অসমীয়াত লিখা চৰকাৰী আঁচনিৰ বিজ্ঞাপনৰ বেনাৰ,ছাইনব’ৰ্ড এচাম জাত্যভিমানী বাঙালীৰ প্ৰতিবাদত সলাই বাংলা ভাষাতহে লিখিব লগা হ’ল৷ তদুপৰি অসমলৈ ঘটা অবাধ প্ৰব্ৰজনেও অসমৰ খিলঞ্জীয়াৰ অস্তিত্বৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিছে৷ সৌ সিদিনা তিনিচুকীয়াত হিন্দী নকৈ অসমীয়া কোৱাৰ বাবে অসমীয়া ল’ৰাই বহিঃৰাজ্যৰ লোকৰ পৰা ধমকি খাবলগীয়া হ’ল৷ ২০০১ চনৰ লোকপিয়ল অনুসৰি অসমত অসমীয়াভাষীৰ সংখ্যা ৪৮.৮০ শতাংশ আছিল যদিও ২০১১ চনত এই সংখ্যা শতাংশ ৪৮.৩৮ শতাংশলৈ কমিল৷ বিপৰীতে এই সময়ছোৱাত বাংলা আৰু হিন্দীভাষীৰ সংখ্যাহে বাঢ়িল৷ ২০০১ চনত বাংলাভাষীৰ সংখ্যা ২৭.৫০ শতাংশ আছিল যদিও ২০১১ চনত ই ২৯.৯১ শতাংশলৈ বাঢ়িল৷ এইবেলি লোকপিয়ল হ’লে অসমীয়াভাষীৰ সংখ্যা আৰু কমিব,বিপৰীতে বাংলাভাষী আৰু হিন্দীভাষীৰ সংখ্যা আৰু বাঢ়িব৷ তদুপৰি এচাম লোকে পূৰ্ববংগীয় মূলৰ চৰ-চাপৰিত বাস কৰা মুছলমান কিছুমানক লোকপিয়লত তেওঁলোকৰ ভাষা অসমীয়াৰ পৰিৱৰ্তে বাংলা লিখিবলৈ আহ্বান জনাই আছে৷ যদি এইসকল লোকে মাতৃভাষা বাংলা বুলি লিখে,তেন্তে অসমীয়াভাষীৰ সংখ্যা আৰু কমি আহিব৷ হয়তো বাংলা ভাষাই অসমত আধিপত্য বিস্তাৰ কৰিব৷ এনে পৰিস্থিতিত অসমীয়া ভাষাই ৰাজ্যিক ভাষাৰ মৰ্যাদা হেৰুওৱাৰ আশংকা খিলঞ্জীয়া অসমীয়াই কৰি থকাৰ সময়তে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰিছে যে অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষানুষ্ঠানত দশম শ্ৰেণীপৰ্যন্ত হিন্দী ভাষা বাধ্যতামূলক হ’ব৷ অমিত শ্বাহৰ এই ঘোষণাই এই কথা প্ৰমাণ কৰিছে যে বিজেপিয়ে এডেও-দুডেওকৈ এক দেশ-এক ধৰ্ম-এক ভাষা নীতি ৰূপায়ণৰ চেষ্টা কৰি আহিছে৷ এই কথা ঠিক যে ভাষাজ্ঞান যিমানে বাঢ়ে শিক্ষাৰ্থীৰ সিমানে লাভ হয়৷ কিন্তু কোনো বিষয় অতিৰিক্তভাৱে শিক্ষাৰ্থীৰ ওপৰত জাপি দিয়াও উচিত নহয়৷ ইতিমধ্যে সপ্তম শ্ৰেণীপৰ্যন্ত হিন্দী ভাষা বাধ্যতামূলক বিষয় হিচাপে পাঠ্যক্ৰমত আছে যদিও পৰৱৰ্তী পৰ্যায়ত শিক্ষাৰ্থীয়ে ইচ্ছা কৰিলে হিন্দী ভাষাটো এটা বিষয় হিচাপে লৈ অধ্যয়ন কৰিব পাৰে৷ তাৰপাছতো হিন্দী ভাষাক বাধ্যতামূলক কৰিব খোজাৰ কাৰণ কি?আনহাতে,২০১৯ চনত কেন্দ্ৰীয় শিক্ষা উপদেষ্টা ব’ৰ্ডে বিভিন্ন ৰাজ্যৰ শিক্ষামন্ত্ৰীসকলৰ লগত আলোচনা কৰি ঘোষণা কৰিছিল যে কেন্দ্ৰীয় চৰকাৰে ত্ৰি-ভাষা সূত্ৰ অনুসৰি কোনো ভাষাকে ৰাজ্য একোখনৰ ওপৰত জাপি নিদিয়ে৷ অৱশ্যে,নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিতো হিন্দী ভাষাক বাধ্যতামূলক বিষয় হিচাপে জাপি দিয়াৰ চেষ্টা কৰিছিল যদিও বিভিন্ন ৰাজ্যৰ আপত্তিৰ বাবে চৰকাৰে বাধ্যতামূলক কৰিব নোৱাৰিলে৷ যদিহে বিদ্যালয়ত দশম শ্ৰেণীপৰ্যন্ত হিন্দী ভাষাটোক বাধ্যতামূলক কৰা হয়,তেন্তে ইয়ে শিক্ষাৰ্থীৰ ওপৰত অতিৰিক্ত চাপৰ সৃষ্টি কৰিব৷ অসমৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কোৱাৰ দৰে যদি চাকৰিৰ বজাৰত অসমীয়া যুৱক-যুৱতীৰ চাহিদা বৃদ্ধিৰ বাবেই এই ব্যৱস্থা হয়,তেন্তে অসম চৰকাৰে ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীক বাংলাদেশৰ দৰে বিভিন্ন ভাষাৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰক৷ কেন্দ্ৰৰ নিৰ্দেশ আখৰে আখৰে পালন কৰা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই যদিহে এই দিশতো অমিত শ্বাহৰ মতকে সমৰ্থন কৰি ব্যৱস্থা গ্ৰহণ কৰে,তেন্তে অসমীয়াই কোনোকালে ড॰ শৰ্মাক ক্ষমা নকৰিব৷ বৰ্তমানৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালতে অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ পৰা বাধ্যতামূলক অসমীয়া বিষয়টো আঁতৰাই দি অসমীয়া নজনা লোকক ৰাজপত্ৰিত বিষয়া হোৱাৰ সুবিধা দিছে৷ এতিয়া আকৌ হিন্দী ভাষাটো বাধ্যতামূলক কৰিলে অসমতে অসমীয়া ভাষাৰ প্ৰচাৰ-প্ৰসাৰ‘সংকুচিত’হ’ব আৰু অসমীয়াৰ সুৱদি সুৰীয়া ভাষাটোৰ লাহে লাহে অপমৃত্যু ঘটিব৷






