আততায়ীৰ টাৰ্গেট বৃদ্ধ,নিঃসংগ মানুহ
মহানগৰীত ২৪ ঘণ্টাত চাৰিটা হত্যাকাণ্ড
আমাৰ অসম,১২ এপ্ৰিলঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী মহানগৰীত বিগত বৰ্ষৰ তুলনাত ৩৯ শতাংশ অপৰাধ হ্ৰাস পোৱা বুলি দাবী কৰাৰ সময়তে গুৱাহাটী যেন অপৰাধ আৰু অপৰাধীৰ ভূ-স্বৰ্গলৈ পৰ্যৱসিত হৈছে৷ চৰম নিৰাপত্তাহীনতাত ভূগিছে গুৱাহাটী মহানগৰবাসী৷ বিশেষকৈ অকলশৰীয়াকৈ থকা লোক আৰু বৃদ্ধ-বৃদ্ধাসকল দুবৃৰ্ত্তৰ টাৰ্গেট হৈ পৰিছে৷ দিনৰ পোহৰতে গুৱাহাটীত বাসগৃহ আৰু ৰাজপথৰ মাজতে ডকাইতি ঘটনা সংঘটিত হোৱাই নহয়,সন্ধিয়াতে অস্ত্ৰধাৰী লোকে ব্যৱসায়ীক শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰি নিৰ্বিঘ্নে আঁতৰি যাবলৈ সক্ষম হৈছে৷ বিগত ২৪ ঘণ্টাত মহানগৰীত ৪ টাকৈ লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হোৱাত মহানগৰবাসীক আতংকিত কৰি তুলিছে৷ দেওবাৰে গুৱাহাটীৰ তেতেলিয়াৰ গ্ৰীনভিউ কলনিৰ বাসগৃহতে এমট্ৰনৰ গাণনিক বিষয়া অজিত কুমাৰ চেতিয়াৰ ৰক্তাক্ত অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত সোমবাৰে পুৱা বামুণীমৈদামৰ বি জি কলনিত কাজল চন্দ্ৰ দাস নামৰ এজন ৪৮ বছৰীয়া ৰে’ল কৰ্মচাৰীৰ ডিঙি কটা অৱস্থাত মৃতদেহ উদ্ধাৰ হয়৷ ইয়াৰ কিছু সময়ৰ পাছতেই মহানগৰীৰ গান্ধীবস্তিৰ নলাত হামিদুল ইছলাম নামৰ এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰে স্থানীয় লোকে৷ লক্ষণীয়ভাৱে দিছপুৰ থানাৰ অন্তৰ্গত পাঞ্জাবাৰীৰ বাঘৰবৰীৰ গংগাশান্তি এপাৰ্টমেণ্টত উৱলি যোৱা অৱস্থাত বীণাবালা হাজৰিকা নামৰ এগৰাকী বৃদ্ধাৰ মৃতেদহ উদ্ধাৰ হোৱাৰ বিপৰীতে মুমূৰ্ষু অৱস্থাত জীয়ৰী কাবেৰী হাজৰিকাক উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰিছে৷ লক্ষণীয় বিষয়টো হৈছে,ইয়াৰ পূৰ্বেও গুৱাহাটী মহানগৰীত নিঃসংগ বৃদ্ধ-বৃদ্ধাক ঘাতকে টাৰ্গেট কৰি লৈছিল৷ বেলতলাৰ চাৰ্ভেত ননী গোপাল বৰুৱা আৰু মীনা বৰুৱা নামৰ বৃদ্ধ দম্পত্তিক ঘৰৰ কাম কৰা লোকেই হত্যা কৰিছিল৷ ধীৰেনপাৰাতো নিৰু হাজৰিকা নামৰ এগৰাকী অকলশৰীয়া মহিলা হত্যাৰ বলি হৈছিল৷ এই হত্যাকাণ্ডত ঘৰৰ কাম কৰা মহিলাৰ নেতৃত্বতে সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ উল্লেখ্য,সোমবাৰে পুৱা বামুণীমৈদামৰ শীতলাবাৰীত হত্যাৰ বলি হোৱা কাজল চন্দ্ৰ দাস দেওবাৰে সন্ধিয়াৰ পৰা সন্ধানহীন হৈ আছিল৷ দেওবাৰে দিনৰ প্ৰায় ২.৩০ বজাত বি পি চলিহা নগৰৰ বাসগৃহত ভাত খাই ওলাই আহিছিল ৰে’লৱে সমবায়ৰ অটভেন চালক কাজল দাসে৷ সন্ধিয়া কাজল দাসে পুত্ৰ অভিজিৎ দাসলৈ ফোন কৰিছিল যদিও কামৰ বাবে পিতৃৰ ফোন ৰিচিভ কৰিব পৰা নাছিল পুত্ৰই৷ নিশা দ্বিতীয়বাৰ কাজল দাস পুত্ৰলৈ ফোন কৰিছিল যদিও সেইবাৰো পুত্ৰই ফোন ৰিচিভ কৰিব পৰা নাছিল৷ কিন্তু পুৱা বি জি কলনিৰ শিতলাবাৰীত ডিঙি কটা অৱস্থাত স্থানীয় লোকে কাজল দাসৰ মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে৷ এই হত্যাকাণ্ডৰ সন্দৰ্ভত পৰিয়ালৰ লোকে চানমাৰি থানাত এজাহাৰ দাখিল কৰিছে৷ আৰক্ষীয়ে প্ৰাথমিকভাৱে কোনো ড্ৰাগছ আসক্তই কাজল দাসক হত্যা কৰি মানিবেগ লৈ যোৱাৰ সন্দেহ কৰিছে৷ কিয়নো কাজল দাসৰ মোবাইল ফোনটো উদ্ধাৰ হৈছে যদিও মানিবেগটো উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই৷ ইপিনে মহানগৰীৰ গান্ধীবস্তিৰ এটা নলাত হামিদুল ইছলাম নামৰ এজন যুৱকৰ মৃতদেহ উদ্ধাৰ ঘটনাক হত্যাকাণ্ডৰ অভিযোগ কৰিছে হামিদুলৰ পৰিয়ালৰ লোকে৷ যুৱকজনৰ মৃতদেহত কোনো আঘাতৰ চিহ্ন নাই যদিও দেওবাৰে স্থানীয় লোকে ঘটনাস্থলীৰ আশে পাশে উক্ত স্থানতে প্ৰত্যক্ষ কৰিছিল হামিদুলক৷ কাপোৰৰ ব্যৱসায়েৰে জড়িত আছিল হামিদুল৷ বৰষুণত নলাত পৰি মৃত্যু হামিদুলৰ হ’লনে,কোনো লোকে হত্যা কৰি নলাত মৃতদেহ পেলাই দিলে আৰক্ষীয়ে তাৰ তদন্ত আৰম্ভ কৰিছে৷ স্বাভাৱিকতেই এতিয়া গুৱাহাটীত চকুত লগাকৈ বৃদ্ধি পাইছে অপৰাধৰ ঘটনা৷ ২০১৬ চনৰ পৰা ২০১৬ৰ ফেব্ৰুৱাৰীলৈ গুৱাহাটীত সংঘটিত অপৰাধজনিত ঘটনাৰ সংখ্যা শুনিলে আপুনি আচৰিত হ’ব৷ ২০১৬ এপ্ৰিলৰ পৰা ২০২২ৰ ফেব্ৰুৱাৰীলৈ মহানগৰীত সংঘটিত হৈছে ২৩,৩১১টা চুৰিৰ ঘটনা,৪২টা ডকাইতি,৩৬৯টা ধৰ্ষণ,৩,৬৪৮টা অপহৰণ,১১৪টা পকেটমাৰ,৪১৫টা হত্যাকাণ্ড আৰু ৩,০৯৬টা লুণ্ঠনৰ ঘটনা সংঘটিত হৈছে৷ সামগ্ৰিকভাৱে অপৰাধমূলক ঘটনা বৃদ্ধিৰ সন্দৰ্ভত প্ৰাক্তন শীৰ্ষ আৰক্ষী বিষয়া পল্লৱ ভট্টাচাৰ্যই কয় যে অসম আৰক্ষীৰ আন্তঃগাঁথনিৰ অভাৱৰ বাবেই বৃদ্ধি পাইছে অপৰাধ জনিত ঘটনা৷ জনসংখ্যা বৃদ্ধিও ইয়াৰ এটা অন্যতম কাৰণ বুলি কয় ভট্টাচাৰ্যই৷