Logo
image

বিহুত সুৰাপায়ীক নাকী লগাব পৰিবহণে

আমাৰ অসম,১২ এপ্ৰিলঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পথ সুৰক্ষা দিশটোৰ প্ৰতি গুৰুত্ব আৰোপ কৰি পৰিবহণ বিভাগক ৰাজহ সংগ্ৰহৰ সমান্তৰালভাবে উৎসৱ কেন্দ্ৰীক দুৰ্ঘটনা সমূহ কঠোৰভাবে নিয়ন্ত্ৰণ কৰিবলৈ পৰিবহণৰ লগতে আৰক্ষী বিভাগকো সময়ে সময়ে নিৰ্দেশনা দি আহিছে৷ আনকি নৱবৰ্ষক আদৰাৰ নামত যোৱা ৩১ ডিচেম্বৰ আৰু পহিলা জানুৱাৰী,মাঘ বিহুৰ উৰুকাৰ সময়ত আৰু কিছুদিন আগতে হৈ যোৱা হোলী উৎসৱৰ সময়ত আৰক্ষী আৰু পৰিবহণ বিভাগে পৃথকে পৃথকে ৰাজপথত সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান চলাইছিল৷ ফলত পূৰ্বৰ বছৰ সমূহৰ তুলনাত হ্ৰাস পাইছিল দুৰ্ঘটনাৰ সংখ্যা৷ সেই সফলতাৰ পাছত এইবাৰ কভিডৰ বাবে দুবছৰৰ বিৰতিৰ মূৰত উদযাপন কৰিবলগীয়া অসমীয়া জাতিৰ বাপতি সাহোন স্বৰূপ ৰঙালী বিহুক লৈ তেনে তৎপৰতা আৰম্ভ কৰিছে বিভাগে৷ বিশেষকৈ ৰঙালী বিহুক আদৰাৰ নামত  কোনো চালকে যাতে সুৰাপান কৰি ৰাজপথত বাহন চলাব নোৱাৰে তাৰ বাবে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে তৎপৰতা আৰম্ভ কৰিছে৷ ইয়াৰ অংশ হিচাপে পৰিবহণ বিভাগৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া [পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ]কাৰ্যালয়ৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাসৰ নেতৃত্বত জিলা পৰিবহণ বিভাগে  ৰঙালী বিহুৰ সময়ত সুৰাপান কৰি বাহন নচলাবলৈ আহ্বান জনায় গুৰুত্বপূৰ্ণ স্থান সমূহত ‘‘ৰাংঢালী ৰঙালীক আদৰক জৰিমণাক নহয়;সুৰাপান কৰি বাহন নচলাব;দুচকীয়া বাহনৰ চালক-আৰোহীয়ে হেলমেট পৰিধান কৰক’’শীৰ্ষক হৰ্ডিং,বেনাৰ স্থাপন কৰা পৰিলক্ষিত হৈছে৷ এই সন্দৰ্ভত সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে জানিবলৈ দিয়া মতে আন আন উৎসৱৰ দৰে ৰঙালী বিহুৰ সময়ত বহুতে আনন্দত মতলীয়া হৈ সুৰাপান কৰি দুচকীয়া-চাৰিচকীয়া বাহন চলাই দুৰ্ঘটনা সংঘটিত কৰি নিজৰ লগতে আনৰো সৰ্বনাশ মাতি আনে৷ ইতিমধ্যে মুখ্যমন্ত্ৰী আৰু পৰিবহণ মন্ত্ৰীয়ে উৎসৱৰ গইনা লৈ কোনো চালকে যাতে সুৰাপান কৰি ৰাজপথত বাহন চলাব নোৱাৰে আৰু তেনে ঘটনা ৰোধ কৰিবলৈ পূৰ্বতেই নিৰ্দেশনা দিছে৷ গতিকে ৰঙালী বিহুক আদৰাৰ নামত সুৰাপান কৰি আনন্দত মতলীয়া হৈ পথত বাহন চলালে তেনে চালকক পৰিবহণ বিভাগে আৰক্ষীৰ সহযোগত আটক কৰি তেওঁলোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব৷ আনকি দুচকীয়া বাহনৰ চালক আৰু আৰোহী উভয়কে হেলমেট পৰিধান কৰিহে পথত বাহন চলাবলৈ আহ্বান জনাইছে৷ আনহাতে,খানাপাৰা খেলপথাৰত অনুষ্ঠিত ৰঙালী উৎসৱত ১০ এপ্ৰিলৰ দিনা নিশা তেওঁৰ লগতে জ্যেষ্ঠ যান বাহন পৰিদৰ্শক জয়সিং ৰংফাৰে ভাগ লৈ এই সম্পৰ্কীয় সজাগতা অভিযান আৰম্ভ কৰিছে বুলি সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে জানিবলৈ দিছে৷