Logo
image

শ্বেহবাজ নতুন প্ৰধানমন্ত্ৰী,সংসদৰ পৰা ইস্তফা ইমৰানৰ

আমাৰ অসম,১২ এপ্ৰিলঃ অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই সোমবাৰে পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰীৰূপে শপতগ্ৰহণ কৰে‘পাকিস্তান মুছলিম লীগ নৱাজ’[পিএমএলএন]ৰ সভাপতি তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ ভ্ৰাতৃ শ্বেহবাজ শ্বৰীফ৷ ইয়াৰ পূৰ্বে সোমবাৰে পাকিস্তানৰ নেশ্বনেল এছেম্বলীত বিনা প্ৰতিদ্বন্দ্বিতাৰে শ্বৰীফ প্ৰধানমন্ত্ৰী ৰূপে নিৰ্বাচিত হয়৷ উল্লেখ্য যে শনিবাৰে মাজনিশা পূৰ্বৰ প্ৰধানমন্ত্ৰী ইমৰান খান ক্ষমতাচ্যুত হোৱাত পাকিস্তানৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী কোন হ’ব তাক লৈ বিভিন্ন জল্পনা-কল্পনা চলি আছিল৷ এইক্ষেত্ৰত বিৰোধী দল পিএমএলঅৰ নেতা শ্বেহবাজ শ্বৰীফৰ নাম উচ্ছাৰিত হোৱাৰ লগতে ইমৰান খান মন্ত্ৰীসভাৰ সদস্য শ্বাহ মেহমুদ কুৰেশীয়েও প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থীৰূপে মনোনয়ন দাখিল কৰিছিল৷ কিন্তু শেষ পৰ্যন্ত ইমৰানৰ দলৰ সদস্যসকলে সদন ত্যাগ কৰাত শ্বাহবাজ শ্বৰীফ বিনা প্ৰতিদ্বন্দ্বিতাৰে প্ৰধানমন্ত্ৰীৰূপে নিৰ্বাচিত হয়৷ সোমবাৰে পাকিস্তানৰ সংসদৰ নিম্ন সদন নেছনেল এছেম্বলীত শ্বেহবাজ শ্বৰীফে নিজৰ দল পিএমএলএনৰ লগতে পাকিস্তান পিপলছ পাৰ্টী [পি পি পি],মুত্তাহিদা মজলিছ ই আলমসহ আন কেইবাটাও দলৰ সমৰ্থন লাভ কৰে৷ কিন্তু ইয়াৰ বিপৰীতে নেশ্বনেল এছেম্বলীৰ বৃহত্তম দল সদ্য প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান নেতৃত্বাধীন তেহৰিক-ই-ইনছাফ [পি টি আই]এ নতুন প্ৰধানমন্ত্ৰী নিৰ্বাচন প্ৰক্ৰিয়াৰ বিৰোধিতা কৰি সদন ত্যাগ কৰে৷ যাৰ ফলত শ্বেহবাজ শ্বৰীফৰ বাবে পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰীৰূপে নিৰ্বাচিত হোৱাৰ পথ মসৃণ হৈ পৰে৷ আনহাতে,শ্বেহবাজ শ্বৰীফ নতুন প্ৰধানমন্ত্ৰী ৰূপে নিৰ্বাচিত হোৱাৰ পাছত পাকিস্তান তেহৰিক ই ইনছাফে নেশ্বনেল এছেম্বলী বৰ্জন কৰা বুলি ঘোষণা কৰাৰ লগতে ইমৰান খানৰ নেতৃত্বত তেওঁৰ দলৰ সকলো সাংসদে পদত্যাগ কৰে৷ উল্লেখ্য যে সোমবাৰে পুৱাই ইমৰান খানে‘চোৰৰ সৈতে সংসদত নবহো’বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছিল৷ ইয়াৰ কিছুসময় পাছতেই পাকিস্তানৰ নেছনেল এছেম্বলীত শ্বেহবাজ শ্বৰীফক প্ৰধানমন্ত্ৰী ৰূপে নিৰ্বাচিত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হয়৷ কিন্তু এই প্ৰক্ৰিয়াৰ বিৰোধিতা কৰি ইমৰানৰ দলৰ সাংসদসকলে সদন ত্যাগ কৰি ওলাই আহে৷ ফলত বিনাপ্ৰতিদ্বন্দ্বিতাৰে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ ভ্ৰাতৃ ৭০ বছৰীয়া শ্বাহবাজ শ্বৰীফ প্ৰধানমন্ত্ৰী ৰূপে নিৰ্বাচিত হয়৷ ইপিনে,ইমৰান খানৰ দলৰ সদস্যসকলে পদত্যাগ কৰাৰ লগে লগে পাকিস্তানৰ ৩৪২খন আসনযুক্ত নেশ্বনেল এছেম্বলীৰ ১৬০ আসন সাংসদহীন হৈ পৰে৷ ইয়াৰ লগে লগেদেশখনত নিৰ্বাচন অনুষ্ঠিত হোৱাটো জৰুৰী হৈ পৰিল৷  আনহাতে,ইমৰান খান ক্ষমতাচ্যুত হোৱাৰ পাছতে পাকিস্তানৰ বিভিন্নস্থানৰ লগতে লণ্ডনকে ধৰি একাধিক দেশত সদ্য প্ৰাক্তন প্ৰধানমন্ত্ৰীজনৰ সমৰ্থনত দেওবাৰে হাজাৰ হাজাৰ অনুগত ৰাজপথলৈ ওলাই আহে৷ দেওবাৰে মাজ নিশাৰ পৰা হঠাৎ ইমৰানৰ সমৰ্থকসকলে এনেদৰে বিক্ষোভ আৰম্ভ কৰাত স্বাভাৱিকতে আইন-শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি হয়৷ ফলত ঠায়ে ঠায়ে সেনা-বাহিনী মোতায়েন কৰিবলগীয়া হয়৷ উল্লেখ্য,দেওবাৰে মাজনিশা ইছলামবাদ,লাহোৰ,কৰাচী,পেছোৱাৰ,মালাকান্দা,মুলতান,খালেৱাল, খাইবাৰ,সাং,কোৱেটা,ওকাৰা,বাজাউৰ,ফয়ছালাবাদ,নওছেৰা,আদি বিভিন্ন স্থানত ইমৰানৰ লাখ লাখ সমৰ্থকে বিক্ষোভ প্ৰদৰ্শন কৰি পৰিস্থিতি উত্তাল কৰি তোলে৷