Logo
image

শৰ্মা প্ৰতিবেদনক লৈ সিদ্ধান্ত ল’ব আয়োগে,২০১৪ক লৈও তদন্ত

এপিএছচি দুৰ্নীতি

আমাৰ অসম,১২এপ্ৰিলঃ ৰাকেশ পালৰ আমোলত সংঘটিত অসম লোকসেৱা অয়োগৰ ২০১৩ বৰ্ষৰ নিযুক্তি কেলেংকাৰি ন্যায়িক তদন্তৰ পাছত এইবাৰ ২০১৪ বৰ্ষৰ এপিএছচি পৰীক্ষাৰ অনিয়ম-কেলেংকাৰিৰ হ’ব ন্যায়িক তদন্ত৷ সোমবাৰে মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেটত ২০১৪ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ অধ্যক্ষতাত তদন্তৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ এপষেকৰ ভিতৰতে এই তদন্ত আয়োগ গঠনৰো সিদ্ধান্ত লয় কেবিনেটে৷ লক্ষণীয়ভাৱে ২০১৪ৰ এপিএছচিৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত কুখ্যাত ৰাকেশ পাল এণ্ড কোম্পানীয়ে ধনৰ বিনিময়ত উত্তৰ-বহী জালিয়াতিৰে বাছনি কৰা ২১জন বিষয়াক ইতিমধ্যে ডিব্ৰুগড় থানাৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে৷ স্বাভাৱিকতেই ২০১৩ বৰ্ষৰ দৰে ২০১৪ বৰ্ষৰো ন্যায়িক তদন্ত ঘোষণা কৰা ডিব্ৰুগড় আৰক্ষীয়ে ৰেহাই দিয়া একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়াৰ বিপদ নিশ্চিত হৈ পৰিছে৷ ইপিনে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা ন্যায়িক আয়োগে শেহতীয়াকৈ দাখিল কৰা ২০১৩ বৰ্ষৰ এপিএছচি পৰীক্ষাৰ প্ৰতিবেদন গ্ৰহণ কৰে কেবিনেটে৷ কেবিনেট বৈঠকত বি কে শৰ্মা আয়োগে পূৰ্বে ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৩৯জন বিষয়াৰ উপৰি নতুনকৈ ৩৪জন ৰাজপত্ৰিত বিষয়াক দোষী সাব্যস্ত কৰাৰ তথ্য উল্লেখ কৰা হয়৷ অৱশ্যে আয়োগে দোষী সাব্যস্ত কৰা বিষয়া তথা এপিএছচি পৰীক্ষাক লৈ দিয়া পৰামৰ্শাৱলী কাৰ্যকৰীকৰণৰ সন্দৰ্ভত বিভিন্ন পক্ষৰ পৰা মতামত গ্ৰহণ কৰি প্ৰতিবেদন দাখিল কৰাৰ বাবে প্তজনীয়া এখন উচ্ছ পৰ্যায়ৰ কমিটী গঠনৰ সিদ্ধান্ত লয় কেবিনেটে৷ এই কমিটীখনত থাকিব মুখ্য সচিব জিষ্ণু বৰুৱা,অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ,ডিজিপি ভাস্কৰজ্যোতি মহন্ত,পাৰ্চনেল বিভাগৰ প্ৰধান সচিব নিৰজ বাৰ্মা আৰু অতিৰিক্ত মহাধিবক্তা নলিন কোহলি৷ নিৰজ বাৰ্মা কমিটীখনৰ সদস্য সচিব হিচাপে থাকিব আৰু অতিৰিক্ত মহাধিবক্তা নলিন কোহলিয়ে আইনী দিশত সহযোগিতা আগবঢ়াব৷ ২ মাহৰ ভিতৰত কমিটীখনে প্ৰতিবেদন দাখিল কৰিব লাগিব বুলিও কেবিনেটে সিদ্ধান্ত লয়৷ এই কমিটীৰ প্ৰতিবেদনৰ ভিত্তিতে চৰকাৰে পৰৱৰ্তী কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব৷ উল্লেখ্য,ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে দুৰ্নীতিৰে চাকৰি লোৱাৰ তথ্য-প্ৰমাণৰ ভিত্তিত আইনী ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰা ২০১৩ বৰ্ষৰ বিষয়াকেইজন হৈছে ক্ৰমে– স্বৰূপ কুমাৰ ভট্টাচাৰ্য,অনলজ্যোতি দাস,ফাৰুক আহমেদ,ধ্ৰুৱজ্যোতি হাতীবৰুৱা,আকাশী দুৱৰা,ত্ৰিদীপ ৰয়,জগদীশ ব্ৰহ্ম,নন্দিতা হাজৰিকা,ধীৰাজ কুমাৰ জৈন,ডাঃ হীতেশ মজুমদাৰ,বিক্ৰমাদিত্য বৰা, কল্যাণ কুমাৰ দাস,দীপাংকৰ দত্ত লহকৰ,নৱনীতা শৰ্মা,কুলপ্ৰদীপ ভট্টাচাৰ্য,নীলাঞ্জল গগৈ, নিতুমণি দাস, সুকন্যা দাস,ৰুমী তেৰাংপি,পুষ্কল গগৈ,সৌৰভপ্ৰাণ শৰ্মা,বিকাশ শৰ্মা,বৰকিৰি তেৰাং,জয়ন্ত দলে,অসীমা কলিতা,অমৃতৰাজ চৌধুৰী,ছাহজাহান সৰকাৰ,ঐশ্বৰ্যজীৱন বৰুৱা,গীতাৰ্থ বৰুৱা,ৰাকেশ দাস,প্ৰিয়ংকা ডেকা,ৰাকেশ ডেকা আৰু ঋতুৰাজ দলে৷

৩,৮০০ কোটি টকীয়া জাইকাৰ প্ৰকল্পত কেবিনেটৰ অনুমোদন

অসমৰ স্বাস্থ্যখণ্ডৰ আন্তঃগাঁথনি সৱলীকৰণৰ বাবে ৩,৮০০ কোটিটকীয়া জাইকা প্ৰকল্পত অনুমোদন জনায় অসম কেবিনেটে৷ জাপান আন্তঃৰাষ্ট্ৰীয় সহযোগিতা এজেন্সীৰ [চমুকৈ জাইকা] আৰ্থিক সহযোগিতাৰে অসম চৰকাৰে ৰূপায়ণ কৰিবলৈ লোৱা ‘অসমৰ স্বাস্থ্য আন্তঃগাঁথনি সবলীকৰণ প্ৰকল্প’ত ৰাজ্যিক কেবিনেটে অনুমোদন জনায়৷ সোমবাৰে বিয়লি দিছপুৰত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ  অন্তত স্বাস্থ্যমন্ত্ৰী তথা ৰাজ্য চৰকাৰৰ মুখপাত্ৰ কেশৱ মহন্তই দিছপুৰত এক সাংবাদিক মেলত এই কথা ঘোষণা কৰে৷ জাইকা পুঁজিৰ এই স্বাস্থ্য প্ৰকল্পৰ জৰিয়তে অসম চৰকাৰে ৰাজ্যৰ ছখন চিকিৎসা মহাবিদ্যালয়ত এখনকৈ নতুন ছুপাৰস্পেচিয়েলিটী হাস্পতাল নিৰ্মাণৰ লগতে ছখন জিলা অসামৰিক চিকিৎসালয়কো অত্যাধুনিক সা-সুবিধাৰ চিকিৎসালয়লৈ উন্নীত কৰিবলৈ উদ্যোগ লৈছে৷ এই প্ৰকল্পৰ অধীনত শিলচৰ,তেজপুৰ,বৰপেটা,ডিফু আৰু লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত এখনকৈ ছুপাৰস্পেচিয়েলিটী হাস্পতাল নিৰ্মাণ কৰা হ’ব৷ একেদৰে,শিলচৰ,ওদালগুৰি, হোজাই,হাইলাকাণ্ডি,দৰং আৰু ডিমা হাচাও জিলা অসামৰিক চিকিৎসালয়ত অত্যাধুনিক চিকিৎসা সা-সুবিধাযুক্ত নতুন চিকিৎসালয় নিৰ্মাণেৰে জিলাকেইখনৰ জনসাধাৰণক উন্নতমানৰ চিকিৎসা সেৱা আগবঢ়াবলৈ স্বাস্থ্য বিভাগে পৰিকল্পনা কৰিছে৷ তদুপৰি,জাইকাৰ পুঁজিৰে ৰূপায়ণ কৰিবলৈ লোৱা একেটা স্বাস্থ্য প্ৰকল্পৰ অধীনত ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ গুৱাহাটীস্থিত মূল কাৰ্যালয় আৰু সঞ্চালকালয়সমূহ একত্ৰে থকাকৈ মহানগৰীত এটা ‘স্বাস্থ্য ভৱন’শীৰ্ষক সদৰ কাৰ্যালয় নিৰ্মাণ কৰা হ’ব৷ ৰাজ্যৰ প্ৰতিখন চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়,জিলা,মহকুমা চিকিৎসালয়কে ধৰি চৰকাৰী চিকিৎসালয়সমূহত ৰোগীৰ পঞ্জীয়ন তথা স্বাস্থ্য পৰীক্ষণ সম্পৰ্কীয় তথ্যৰাজি নথিভুক্তকৰণ প্ৰক্ৰিয়া সুশৃংখলাবদ্ধ কৰি তুলিব পৰাকৈ তথ্য-প্ৰযুক্তি আধাৰিত এক অত্যাধুনিক ‘হাস্পতাল ইনফ’ৰমেছন ছিষ্টেম’বিকশিত কৰাৰ বাবেও এই প্ৰকল্পৰ অধীনত পুঁজিৰ ব্যৱস্থা ৰখা হৈছে৷ ৰাজ্যৰ স্বাস্থ্য আন্তঃগাঁথনি অধিক সবল কৰাৰ বাবে ৰূপায়ণ কৰিবলৈ লোৱা এই প্ৰকল্প সন্দৰ্ভত ইতিমধ্যে অসম চৰকাৰ আৰু জাইকাই বুজাবুজিত উপনীত হৈছে৷ শেহতীয়াকৈ টকিঅ’স্থিত জাইকাৰ মুখ্য কাৰ্যালয়ৰ লগতে ইয়াৰ ভাৰতৰ প্ৰতিনিধিক লৈ গঠিত চাৰিজন সদস্যৰ এটা উচ্ছস্তৰীয় দলে ৬ এপ্ৰিলত গুৱাহাটীত অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ সৈতে সৌহাৰ্দপূৰ্ণ আলোচনাত মিলিত হৈছিল৷ জাইকাৰ টকিঅ’স্থিত মুখ্য কাৰ্যালয়ৰ ছাউথ ইষ্ট এছিয়া বিভাগৰ সহকাৰী উপ সঞ্চালিকা য়ুক’ শ্বিনোহাৰাৰ নেতৃত্বত অহা প্ৰতিনিধি দলটোৰ আন তিনিগৰাকী সদস্যা আছিল ছাউথ এছিয়া বিভাগৰ প্ৰকল্প বিষয়া কিম’টছুকী,জাইকাৰ ভাৰতস্থিত প্ৰতিনিধি ৰিঅ’অ’হগুচি আৰু প্ৰিন্সিপাল ডেভেল’পমেণ্ট স্পেচিয়েলিষ্ট অদিতি পুৰী৷