Logo
image

ভোক লাগিলেই বিস্কুট খোৱাৰ অপকাৰ

মানুহৰ প্ৰতিদিনৰ সংগী হ’ল বিস্কুট৷ পুৱাৰ চাহকাপৰ লগত খাদ্য সামগ্ৰী হিচাপে বিস্কুট অপৰিহাৰ্য৷ অফিচ বা ঘৰত ভোক লাগিলেই সাধাৰণতে বিস্কুট খোৱা হয়৷ ল’ৰা-ছোৱালীৰ পৰা নবীন-প্ৰবীণ সকলোৰে বিস্কুট অতি প্ৰিয়৷ বহুতৰ ধাৰণা যে বিস্কুট খোৱাটো স্বাস্থ্যৰ পক্ষে ভাল,কিন্তু আপুনি জানি আচৰিত হ’ব বিস্কুট আপোনাৰ শৰীৰৰ বাবে কিমান ক্ষতিকাৰক৷ নিজৰ অজানিতে বিস্কুটে আপোনাৰ বহু ক্ষতি কৰিব পাৰে৷ সেয়ে বিস্কুট খোৱাৰ আগে সতৰ্ক হওক কাৰণ বিস্কুট তৈয়াৰ কৰোতে যিবিলাক সামগ্ৰী ব্যৱহাৰ কৰা হয় সেইবিলাক মানুহৰ শৰীৰৰ কাৰণে যথেষ্ট ক্ষতিকাৰক৷ ভোক লাগিলেই বিস্কুট খোৱা হয় যদিও ইয়াৰ অপকাৰ বহুত৷ বিস্কুটৰ ক্ষতিকাৰক দিশসমূহ জানি লওক আৰু সতৰ্ক হওক৷

[১] বজাৰত সহজলভ্য যিবিলাক বিস্কুট খোৱা হয় সেইবিলাকৰ বেচিভাগেই তৈয়াৰ কৰা হয় ৰিফাইন আৰু ময়দাৰ দ্বাৰা৷ যি শৰীৰৰ কাৰণে খুবেই ক্ষতিকাৰক৷ কাৰণ এইবিলাকে গেছৰ সৃষ্টি কৰে৷ তদুপৰি ৰিফাইন আৰু ময়দাই তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি কৰে৷ যাৰ বাবে ডায়েবেটিছ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়৷ সেয়ে ডায়েবেটিছ ৰোগীসকলে বিস্কুট খোৱাটো উচিত নহয়৷ 

[২] বিস্কুট খোৱাৰ ফলত শৰীৰত অতিৰিক্ত মেদ জমা হয়৷ কাৰণ বিস্কুটে শৰীৰৰ কেলৰিৰ মাত্ৰা বৃদ্ধি কৰে৷ যাৰ ফলত শৰীৰত অপ্ৰয়োজনীয়ভাৱে মেদ জমা হয়৷ এই কাৰণে বিস্কুট খোৱাটো শৰীৰৰ কাৰণে ক্ষতিকাৰক৷

[৩] মানুহে সাধাৰণতে দোকান-বজাৰত উপলব্ধ বিভিন্ন ধৰণৰ বিস্কুট খায়৷ এইধৰণৰ বিস্কুটত সাধাৰণতে কম-বেছি পৰিমাণে চেনি ব্যৱহাৰ কৰা হয়৷ যি স্বাস্থ্যৰ কাৰণে অত্যন্ত ক্ষতিকাৰক৷ সেই ধৰণৰ বিস্কুটত শৰীৰৰ কাৰণে অনিষ্টকাৰী অতিৰিক্ত চেনি বা ক্ৰীম ব্যৱহাৰ কৰা হয়৷ সেয়ে বিস্কুটৰ পৰা নিজকে দূৰৈত ৰাখক বা ৰাখিবলৈ চেষ্টা কৰক৷