Logo
image

মহানগৰীৰ বিহুতলীত ইফ্‌টাৰ

আমাৰ অসম,১৩ এপ্ৰিলঃ দেশৰ চৌদিশে ধৰ্মৰ নামত ৰাজনীতি,হিংসা,অসূয়া৷ সৰ্বত্ৰ কেৱল অবিশ্বাসৰ বাতাবৰণ৷ এনে সময়তে বিশ্ববাসীৰ মাজত সমন্বয়ৰ বাৰ্তা প্ৰেৰণৰ উদ্যোগ লৈছে পূব-গুৱাহাটী বিহু সন্মিলনে৷ অসমীয়াৰ হেঁপাহৰ বাপতিসাহোন ৰঙালী বিহুলৈ মাজত মাথোঁ এটা দিন৷ চৌদিশে এতিয়া ব’হাগক আদৰাৰ প্ৰস্তুতি৷ ব’হাগ বিহুৰ সমান্তৰালকৈ আৰম্ভ হৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ ৰমজান মাহ৷ নানা অপশক্তিয়ে শংকৰ-আজানৰ দেশত হিন্দু মুছলমানৰ মাজত থকা সম্প্ৰীতিৰ এনাজৰী ভাঙিবলৈ প্ৰয়াস কৰিলেও এতিয়াও অব্যাহত আছে হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ এনাজৰী৷ তাৰেই এক সুন্দৰ নিদৰ্শন দেখিবলৈ পোৱা গ’ল মহানগৰীৰ পূব গুৱাহাটী বিহু সন্মিলনীৰ এখন বিহুতলীত৷  পূব-গুৱাহাটী বিহু সন্মিলনে প্ৰথমবাৰৰ বাবে বিহুতলীত আয়োজন কৰিলে ইফ্‌টাৰৰ৷ উদেশ্য মাথোঁ এটাই ভাতৃত্ববোধৰ এনাজৰী সুদীৰ্ঘ কৰা৷ মহানগৰীৰ চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত এইবাৰ সন্মিলনৰ ৬১ সংখ্যক সমাৰোহত প্ৰথম বাৰৰ বাবে ইফ্‌টাৰৰ আয়োজন কৰা হয়৷ মঙলবাৰে সন্ধিয়া সন্মিলনৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ লগতে চানমাৰি অঞ্চলৰ বহুকেইজন ইছলাম ধৰ্মাৱলম্বী লোকে এই ইফ্‌টাৰ অংশগ্ৰহণ কৰাৰ লগতে সন্মিলনৰ বিষয়ববীয়া সকলৰ সৈতে মত-বিনিময় কৰে৷ তেওঁলোকে সন্মিলনৰ এই প্ৰচেষ্টাক শলাগে৷ ইফালে ইছলাম ধৰ্মাৱলম্বী লোকসকলে নীতি নিয়ম অনুসৰি ৰোজা শেষ হোৱাৰ পাছত তেওঁলোকক সু-স্বাদু খাদ্য সম্ভাৰেৰে বিহু সন্মিলনীয়ে আপ্যায়ন কৰে৷ এই সম্পৰ্কে পূব-গুৱাহাটী বিহু সন্মিলনৰ সাধাৰণ সম্পাদক সীমান্ত ঠাকুৰীয়াই কয়– ‘আমি ৰঙালী বিহু উদ্‌যাপনৰ সমান্তৰালকৈ সকলোৰে মাজত ভাতৃত্ববোধ গঢ়ি তোলাৰ প্ৰয়াস কৰিছোঁ৷ ইজনে সিজনৰ প্ৰতি সন্মান কৰাৰ সমান্তৰালকৈ ইজনে সিজনৰ উৎসৱ সমূহো সন্মান কৰা উচিত৷ তেতিয়া বৰ অসমৰ ভেটি সুদৃঢ় হ’ব৷ এইবাৰ আমি ১৪ এপ্ৰিলৰ পৰা ১৭ এপ্ৰিললৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে ৬১ সংখ্যক ৰঙালী বিহুৰ আয়োজন কৰিছোঁ৷ ইয়াত আমি সকলোৰে অংশ গ্ৰহণ কামনা কৰিলোঁ৷ ‘এই অনুষ্ঠানত সন্মিলনৰ সভাপতি নৱ কুমাৰ মজুমদাৰেও ৬১ সংখ্যক ৰঙালী বিহুৰ সফল কৰি তুলিবলৈ সকলোৰে সহায় সহযোগিতা কামনা কৰিলোঁ৷’উল্লেখ্য,সন্মিলনৰ এই অভিনৱ প্ৰচেষ্টাৰ বাবে হিন্দু-মুছলমানৰ মিলন স্থলীত পৰিণত চানমাৰিৰ বিহুতলী৷