Logo
image

গুৱাহাটীৰ মহ খেদিব কংগ্ৰেছে

পৌৰ ইস্তাহাৰত ঘোষণা

আমাৰ অসম,১৩ এপ্ৰিলঃ পৌৰ নিগম কংগ্ৰেছৰ দখললৈ গ’লে গুৱাহাটীৰ পৰা খেদিব মহ৷ পৌৰ নিগমৰ নিৰ্বাচনী ইস্তাহাৰ ‘আমাৰ প্ৰতিশ্ৰুতি’ত গুৰুত্বসহকাৰে দিয়া হৈছে এই প্ৰতিশ্ৰুতি৷ তদুপৰি কংগ্ৰেছ শাসনলৈ আহিলে পৌৰ নিগম এলেকাত ১০০ দিনত বিশুদ্ধ পানী,এমাহত সকলো পথত ষ্ট্ৰীট লাইট স্থাপন কৰা,মালিগাঁও,উজানবজাৰ,ভৰলুমুখ,চানমাৰি,শিলপুখুৰী,নুনমাটি, নাৰেংগী,ছয়মাইল,বেলতলা আৰু হাতীগাঁৱত উন্নত,স্বাস্থ্যসন্মত আৰু বিজ্ঞানসন্মত পৰ্যাপ্ত আয়তনৰ আধুনিক দৈনিক বজাৰগৃহ স্থাপন কৰা,হাস্পতালত চিকিৎসাধীন মহানগৰীৰ বাহিৰৰ লোকৰ পৰিচৰ্যাকাৰী দুখীয়া পৰিয়ালৰ ব্যক্তিৰ বাবে নিশা থকাৰ ব্যৱস্থা কৰা, গুৱাহাটী মহানগৰীক এখন সৰ্বাংগসুন্দৰ আৰু বানমুক্ত,মহমুক্ত,প্ৰদুষণমুক্ত সেউজ মহানগৰী হিচাপে গঢ়ি তোলা, মহানগৰীৰ বিভিন্ন স্থানত উন্নতমানৰ শ্মশান আৰু কবৰস্থান নিৰ্মাণ কৰাকে আদি কৰি মুঠ ৩৭টা প্ৰতিশ্ৰুতি ৰূপায়ণ কৰা হ’ব বুলি উল্লেখ কৰা হৈছে৷ উল্লেখ্য,আগন্তুক গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে আজি দলৰ নিৰ্বাচনী ইস্তাহাৰ ‘আমাৰ প্ৰতিশ্ৰুতি’আনুষ্ঠানিকভাৱে উন্মোচন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা আৰু বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই৷ এই উপলক্ষে আয়োজিত সভাত প্ৰদেশ কংগ্ৰেছৰ কোষাধ্যক্ষ  শৰৎ বৰকটকী,পৌৰ নিগম নিৰ্বাচন পৰিচালনা সমিতিৰ অধ্যক্ষ দ্বিজেন শৰ্মা,কাৰ্যকৰী সভাপতিদ্বয় ৰাণা গোস্বামী আৰু জাকিৰ হুছেইন শিকদাৰ প্ৰমুখ্যে প্ৰদেশ কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্ব আৰু কেইবাগৰাকীও বিধায়ক উপস্থিত থাকে৷‘আমাৰ প্ৰতিশ্ৰুতি’ উন্মোচন কৰি সভাপতি ভূপেন কুমাৰ বৰাই কয় কংগ্ৰেছে বহু চৰ্চা,গৱেষণা কৰি আৰু ক্ষেত্ৰৰ বিজ্ঞজনৰ পৰামৰ্শ লৈ এই প্ৰতিশ্ৰুতিসমূহ প্ৰদান কৰা হৈছে৷ ‘আমি যিখিনি কৰিব পাৰোঁ, যিখিনি দিব পাৰোঁ সেইখিনি দৃঢ়তাৰে আৰু নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত গুৱাহাটীৰ ৰাইজক দিব পাৰিম বুলি নিশ্চিত হৈহে এই প্ৰতিশ্ৰুতিসমূহ আগবঢ়াইছোঁ৷’মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ কটাক্ষ কৰি বৰাই কয় যে বিগত কুৰি বছৰে নিজকে অসমৰ ‘ডি-ফেক্‌ট’মুখ্যমন্ত্ৰী বুলি নিজে জাহিৰ কৰা আৰু যোৱা জ্ঝ মাহে অসমৰ মুখ্যমন্ত্ৰী হৈ থকা ব্যক্তিজনে অতবছৰে কি কাৰণে গুৱাহাটীবাসীক বিশুদ্ধ পানী এটোপা খুৱাব নোৱাৰিলে সেয়া গুৱাহাটীবাসীৰ মনত আজি এটা ডাঙৰ প্ৰশ্ন৷ ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে এক্সপ্ৰেছ হাইৱে’বনাম বুলি বা ব্ৰহ্মপুত্ৰৰ খনন অথবা গুৱাহাটীত টুইন টাৱাৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতি কংগ্ৰেছে ৰাইজক দিয়া নাই আৰু নিদিয়ে৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিশ্ৰুতি কি হ’ল? গুৱাহাটীৰ কৃত্ৰিম বান সমস্যাৰ সমাধান ক’ত হ’ল/নিবনুৱা সমস্যা এশ দিনত সমাধান কৰিম বুলি কৈছিল, এতিয়া কি হ’ল বিধান সভাত এই বিষয়ক লৈ কংগ্ৰেছ বিধায়কে প্ৰশ্ন তোলোতে স্বয়ং মুখ্যমন্ত্ৰীয়ে কি কৈছিল? কৈছিল– বিজেপিয় সপোন দেখিলে কংগ্ৰেছৰ আপত্তি কিয়/ভূপেন বৰাই কয়– মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সপোন দেখিলে আমি আপত্তি কৰিবলগীয়া নাই, কিন্তু অসমৰ মানুহক মিছা সপোন দেখুৱাই প্ৰতাৰণা কৰাত আমাৰ আপত্তি আছে৷ মুখ্যমন্ত্ৰীৰ সপোনৰ কথাবোৰ শুনি শুনি গুৱাহাটীবাসীয়ে ’১৪ চনত ভোট দিলে,’১৬ চনত ভোট দিলে,’২১ চনত ভোট দিলে/এতিয়া মুখ্যমন্ত্ৰীয়ে সেইবোৰ পাহৰি আকৌ দুটা নতুন সপোন দেখুৱাইছে৷ সপোন নহয়,আমি কংগ্ৰেছে কিছুমান বাস্তৱ প্ৰতিশ্ৰুতি গুৱাহাটীবাসীক দিছোঁ আৰু আমাৰ বিশ্বাস,গুৱাহাটীৰ ৰাইজে এটা কঠিন সময়ত এটা কঠিন সিদ্ধান্ত এই নিৰ্বাচনত গ্ৰহণ কৰিবলৈ আগবাঢ়িছে৷ কংগ্ৰেছ সভাপতিজনে আৰু কয় যে অসমৰ চাৰিওফালে এতিয়া বানপানীয়ে কাল ৰূপ ধাৰণ কৰিছে৷ গুৱাহাটীত এটুপি বিশুদ্ধ খোৱাপানী দিব নোৱৰা হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ মন্ত্ৰী বিধায়কসকলে মুখ্যমন্ত্ৰীৰ কঢ়া নিৰ্দেশত গুৱাহাটীৰ নিৰ্বাচনী প্ৰচাৰত সময় অতিবাহিত কৰিছে৷ ইয়াতকৈ দুৰ্ভাগ্যৰ কথা আৰু কি হ’ব পাৰে৷ ভূপেন কুমাৰ বৰাই কয় যে কংগ্ৰেছে ১০০ দিনৰ ভিতৰত গুৱাহাটীবাসীৰ ঘৰে ঘৰে পানী দিব৷ এতিয়া গুৱাহাটীত পানী যোগানৰ নামতো ছিণ্ডিকেটৰাজ চলি আছে৷ উৎসত পানী লওঁতেও ছিণ্ডিকেট,ঘৰে ঘৰে পানী বিলাওঁতেও ছিণ্ডিকেট/যিটো কাৰণে কোনো নিৰ্দিষ্ট মূল্য নিৰ্ধাৰণ কৰিব পৰা নাই৷ আনহাতে,ইস্তাহাৰ উন্মোচন অনুষ্ঠানত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় গুৱাহাটী মহানগৰীত আন বাদ দিলেও আইনশৃংখলা ব্যৱস্থাৰ চৰম অৱনতি ঘটিছে এই বি জে পি চৰকাৰৰ শাসনত৷ যোৱা ৪৮ ঘণ্টাৰ ভিতৰত ৩টাকৈ হত্যাকাণ্ড গুৱাহাটীৰ মাজমজিয়াত সংঘটিত হৈছে৷ তেন্তে গুৱাহাটীৰ নাগৰিকৰ নিৰাপত্তা ক’ত থাকিল? বিজেপিৰ শাসনত চাৰিওফালে হত্যা, হিংসা,ঘৃণাৰ ভাবে আচ্ছন্ন কৰি ৰাখিছে গুৱাহাটী পৌৰ নিগমক অতি কৌশলেলে চৰকাৰে শক্তিহীন কৰি ৰাখিছে৷ বহু বিভাগৰ ক্ষমতা আজিও গুৱাহাটী পৌৰ নিগমলৈ হস্তান্তৰিত কৰা নহ’ল৷ পৌৰ নিগমত কংগ্ৰেছ ক্ষমতালৈ আহিলে মেয়ৰ আৰু পৌৰ নিগমৰ কাউন্সিলাৰ সকললৈ পূৰ্ণ ক্ষমতা হস্তান্তৰৰ সকলো ব্যৱস্থা কংগ্ৰেছে গ্ৰহণ কৰিব বুলিও শইকীয়াই কয়৷