Logo
image

জলমাৰ্গক লৈ তৎপৰ সোণোৱাল আকাশমাৰ্গক লৈ হিমন্তবিশ্ব

আমাৰ অসম,১৩ এপ্ৰিলঃ ডিব্ৰুগড়ত সোমবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে আন্তঃৰাষ্ট্ৰীয় জলপথ সন্মিলন৷ কেন্দ্ৰীয় বন্দৰ,জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰণালয়ৰ উদ্যোগত অনুষ্ঠিত এই আন্তঃৰাষ্ট্ৰীয় সন্মিলনত বিভাগীয় মন্ত্ৰী হিচাপে অতি তৎপৰতাৰে ব্যস্ত হৈ আছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷ বিগত কেইটামান দিনৰ পৰা ডিব্ৰুগড়ত বাহৰ পাতি সমগ্ৰ অনুষ্ঠানটোৰ তদাৰক কৰি আছে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে৷ এই সন্মিলনত চুবুৰীয়া বহুকেইখন ৰাষ্ট˜ৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে অংশ লৈছে৷ উত্তৰ-পূবৰ ভিতৰত অসমত প্ৰথমবাৰৰ বাবে বিভিন্ন বিদেশ ৰাষ্ট্ৰৰ প্ৰতিনিধি তথা মন্ত্ৰীবৰ্গৰ উপস্থিতিত অনুষ্ঠিত হয় এই আন্তঃৰাষ্ট্ৰীয় জলপথ সন্মিলনখন৷ ইয়াৰ মাজতে মঙলবাৰে সন্মিলনত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা৷ এই আন্তঃৰাষ্ট্ৰীয় সন্মিলনক লৈ কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডিব্ৰুগড়ত ব্যস্ত থকাৰ বিপৰীতে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা মঙলবাৰে ব্যস্ত থাকে লখিমপুৰত৷ মঙলবাৰে লখিমপুৰৰ লীলাবাৰী  বিমানবন্দৰত উত্তৰ-পূব ভাৰতৰ প্ৰথমটো উৰণ প্ৰশিক্ষণ কেন্দ্ৰ মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ উপস্থিতিত শুভাৰম্ভ কৰে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই৷ উৰণ প্ৰশিক্ষণ কেন্দ্ৰৰ শুভাৰম্ভ অনুষ্ঠানত সৰ্বানন্দ সোণোৱাল অনুপস্থিত থকাৰ বিপৰীতে মুখ্যমন্ত্ৰী ড॰ শৰ্মাক সংগ দিয়ে কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুই৷ উল্লেখ্য,লীলাবাৰীৰ উৰণ প্ৰশিক্ষণ প্ৰতিষ্ঠানখনক লৈ চৰকাৰ গঠনৰ পাছৰে পৰা তৎপৰ হৈ আছে মুখ্যমন্ত্ৰী ড॰ শৰ্মা৷

ভাৰত চৰকাৰৰ অসামৰিক বিমান পৰিবহণ দপ্তৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আজি লখিমপুৰৰ লীলাবাৰী বিমানবন্দৰত উত্তৰ-পূব ভাৰতৰ প্ৰথমটো উৰণ প্ৰশিক্ষণ কেন্দ্ৰৰ শুভাৰম্ভ কৰে৷ ৰেডবাৰ্ড ফ্লাইট ট্ৰেইনিং একাডেমী প্ৰাইভেট লিমিটেডৰ জৰিয়তে মুকলি কৰা এই উৰণ প্ৰশিক্ষণ কেন্দ্ৰত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ প্ৰশিক্ষাৰ্থীয়ে পাইলট প্ৰশিক্ষণ গ্ৰহণ কৰিব পাৰিব বুলি সিন্ধিয়াই ব্যক্ত কৰে৷ বিয়লি তিনি বজাত লীলাবাৰী বিমানবন্দৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ ভাৰত গঢ়াৰ আঁচনিৰ অংশ হিচাপে তথা আত্মনিৰ্ভৰশীল ভাৰত গঢ়াৰ লক্ষ্যৰে এই কেন্দ্ৰ আনুষ্ঠানিকভাৱে ফ্লেগ জোকাৰি শুভাৰম্ভ কৰে৷ উল্লেখ্য,এই পাইলট প্ৰশিক্ষণ কেন্দ্ৰটোত সম্প্ৰতি ১২জন প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰিছে আৰু  এইক্ষেত্ৰত চৰকাৰে আগন্তুক দিনত ১০ জন যুৱক-যুৱতীক প্ৰশিক্ষণৰ সুবিধা আগবঢ়াব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে ঘোষণা কৰে৷ আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়- হিন্দুস্থান এৰ’নেটিক লিমিটেডে নিৰ্মাণ কৰি উলিওৱা এই অত্যাধুনিক বিমান সেৱাৰ জৰিয়তে ৰেডবাৰ্ড ফ্লাইট ট্ৰেইনিং একাডেমী প্ৰাইভেট লিমিটেডে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ নৱ-প্ৰজন্মক সুবিধা প্ৰদান কৰিব৷ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু,সাংসদ প্ৰদান বৰুৱা,বিধায়ক মানৱ ডেকা,ড॰ অমিয় ভূঞা,ভূৱন গাম আদিৰ উপস্থিতিত শুভাৰম্ভ কৰা এই প্ৰশিক্ষণ কেন্দ্ৰটো উত্তৰ-পূবৰ প্ৰথমটো পাইলট প্ৰশিক্ষণ কেন্দ্ৰ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আজি অসমবাসীৰ বাবে এটা ঐতিহাসিক দিন৷ এই প্ৰশিক্ষণ কেন্দ্ৰৰ জৰিয়তে য’ত এজন ল’ৰাই গ্ৰাউণ্ড ট্ৰেইনিঙৰ পৰা ফ্লাইং ট্ৰেইনিঙলৈকে লাইচেঞ্চ লৈ ওলাই আহিব পাৰে৷ অৰুণাচলৰ হলংগিৰ লগতে অসমৰ ৰূপশ্ৰী বিমানবন্দৰত কাৰ্যক্ষম কৰি তুলিবলৈ চৰকাৰে সকলো প্ৰচেষ্টা সম্পূৰ্ণ কৰি তুলিছে৷ শিলচৰত গ্ৰীনফিল্ড নিৰ্মাণৰ বাবে ভূমি অধিগ্ৰহণ কৰা হৈছে৷ অহা ২-৩ বছৰৰ ভিতৰত বিমান পৰিবহণৰ ক্ষেত্ৰত বহু আগুৱাই যাব বুলি মুখ্যমন্ত্ৰীজনে উল্লেখ কৰে৷ উল্লেখ্য যে,এই প্ৰশিক্ষণ কেন্দ্ৰ উদ্বোধনৰ পাছতে বিমানবন্দৰৰ চৌহদত অনুষ্ঠিত হোৱা এখন সভাত কেন্দ্ৰীয় মন্ত্ৰী সিন্ধিয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰে৷

ডিব্ৰুগড়ত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় জলপথ সন্মিলনৰ ২০২২ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বাংগীণ বিকাশত জলপথৰ এক নতুন দিগন্তৰ সূচনা কৰিব বুলি আশা কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ ডিব্ৰুগড়ৰ চৌকিডিঙী খেলপথাৰত দুদিনীয়াকৈ আয়োজিত সমাৰোহত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণ প্ৰসংগত কয় যে, ধুবুৰী আৰু যোগীঘোপাৰ পৰা ৰাষ্ট্ৰীয় জলপথ-২ অৰ্থাৎ ব্ৰহ্মপুত্ৰয়েদি বেপাৰ-বাণিজ্য, আমদানি-ৰপ্তানি আদি তৰান্বিতকৰণৰ জৰিয়তে ভাৰত-ভূটানৰ দ্বি-পাক্ষিক সম্পৰ্কৰ এক নতুন গতিশীলতা প্ৰদান কৰিব৷ বৃটিছৰ দিনতে ব্ৰহ্মপুত্ৰ নদীৰ জৰিয়তে ডিব্ৰুগড়ত বন্দৰ স্থাপনেৰে বিশ্বৰ বিভিন্ন প্ৰান্তলৈ জলপথৰ ব্যৱস্থা সুগম কৰিছিল যদিও কংগ্ৰেছৰ অদূৰদৰ্শীতাৰ বাবে স্বাধীনতাৰ পাছৰে পৰা সদ্ব্যৱহাৰ কৰিব পৰা নাছিল বুলি কৈ শেহতীয়াকৈ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে জলপথৰ বিকাশৰ যোগেদি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ গতি ত্বৰান্বিত কৰা হেতুকে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে বুলি সোণোৱালে উল্লেখ কৰে৷ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথমবাৰৰ বাবে বিভিন্ন বিদেশ ৰাষ্ট্ৰৰ প্ৰতিনিধি,মন্ত্ৰীবৰ্গৰ উপস্থিতিত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় জলপথ সন্মিলনে এক সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব বুলি কয়৷ আজি এক উল্লেখযোগ্য আলোচনা অনুষ্ঠিত হোৱাৰ বিষয়ে সদিৰ কৰি জলপথৰ সৈতে যিসকল ব্যৱসায়-বাণিজ্যৰ সৈতে জড়িত থকা ব্যৱসায়ীগোষ্ঠী তথা জাহাজবন্দৰৰ লগতো বিশেষভাৱে আলোচনা হয়৷ দেশৰ নদীপথসমূহ যাতায়াতৰ বাবে সঠিকভাৱে ব্যৱহাৰ কৰিব পৰা হয় তাৰ ওপৰত মোদী চৰকাৰে বিশেষ গুৰুত্ব প্ৰদান কৰা বুলি মত প্ৰকাশ কৰে৷ এই জলপথৰ লগত সংযুক্ত বা সম্পৰ্ক থকা বিভিন্ন উদ্যোগ গঢ় লৈ উঠাৰ লগতে ভৱিষ্যতৰ প্ৰজন্মই উপাৰ্জনৰ ক্ষেত্ৰত নিজকে নিয়োগ কৰি স্বাৱলম্বী হোৱাৰ আশা প্ৰকাশ কৰে৷ চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে বাণিজ্যিক সম্পৰ্ক গঢ় লৈ এখন উন্নত ভাৰতবৰ্ষ প্ৰতিষ্ঠা হ’ব বুলি নিশ্চিতভাৱে ক’ব পাৰি৷ ১৮৪৪চনতেই বৃটিছৰ শাসনকালত ডিব্ৰুগড়ত প্ৰথম এটা জাহাজবন্দৰ স্থাপন হোৱাৰ কথা সদৰি কৰি এই বন্দৰৰ পৰাই কলকতা, চিতাগংগলৈ সামগ্ৰী নিয়া জাহাজ যোৱাৰ কথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জানিবলৈ দিয়ে৷ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় জলপথ সন্মিলনত নেদাৰলেণ্ড,বাংলাদেশ,নেপাল,ভূটান আদিৰ পৰা কেইবাজনো মন্ত্ৰীসহ দেশ-বিদেশৰ অন্যান্য বহু বিশিষ্ট ব্যক্তি লগতে নিয়োগ-বিনিয়োগকাৰীসকলৰ উপস্থিতিত অনুষ্ঠিত হোৱা সন্মিলনত আজি মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মা৷ গাম্ভীৰ্যপূৰ্ণ সভাত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়—আজি অসমৰ লগতে দেশৰ বাবে এক ঐতিহাসিক দিন৷ অসমত আৰম্ভ হোৱা নদী জলপৰিবহণে এক দ্ৰুত অৰ্থনৈতিক উন্নয়ন সাধনত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি অনুষ্ঠানৰ ভাষণ প্ৰসংগত সদিৰ কৰে৷ ইতিহাসপ্ৰসিদ্ধ ডিব্ৰুগড়ত পুনৰ বন্দৰ নিৰ্মাণ কৰাতো এক সুখবৰ বুলি উল্লেখ কৰি প্ৰাচীন সভ্যতা নদীৰ পাৰতেই গঢ় লৈ উঠি,তাতেই সংস্কৃতিৰ বিকাশ হোৱা বুলিও উল্লেখ কৰে৷ নদীৰ সভ্যতাই কালক্ৰমত বিস্তাৰিত হৈ সামাজিক আৰু অৰ্থনৈতিক বিকাশ তৰান্বিত হৈছিল৷ ঋক্‌বেদৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণত কয় যে বেদত উল্লেখ আছে যে শ্ৰুতি নদীৰ পৰাই সভ্যতাৰ বিকাশ হৈ পৰৱৰ্তী সময়ত গংগা,যমুনা,গোদাবৰী,নৰ্মদা, তাপ্তি,ব্ৰহ্মপুত্ৰ আদি নদীয়ে ভাৰতীয় সভ্যতাৰ বিকাশত অগ্ৰণী ভূমিকা গ্ৰহণ কৰাৰ লগতে দেশৰ বিভিন্ন জাতি-জনজাতি,ভাষা-সংস্কৃতিক একত্ৰিত কৰি সমন্বয়ৰ এক বাতা দিয়া বুলি মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰে৷ প্ৰাচীন সভ্যতাৰে পৰা নদীসমূহে অৰ্থনৈতিক উন্নয়ন সাধনত বিশেষভাৱে অৰিহণা যোগাই আহিছে৷ মৌৰ্য সাম্ৰাজ্য দিনতেই জলপৰিবহণৰ সুকীয়া বিভাগে আৰবিয়ান সাগৰৰ মাজেৰে জলপথৰে যাতায়াত,ব্যৱসায় কৰাতোৱে সকলো প্ৰমাণিত কৰে৷ তেনেদৰে ব্ৰহ্মপুত্ৰ নদীয়ে মানুহক জীৱন আৰু জীৱিকাৰ সন্ধান দিছে৷ ব্ৰহ্মপুত্ৰ নদী অসমৰ আয়ুসৰেখা বুলি অভিহিত কৰি মুখ্যমন্ত্ৰী শমাই পুনৰাই কয় যে এই ব্ৰহ্মপুত্ৰ নদীয়ে দেশৰ বিভিন্ন ৰাজ্যৰ নদীপথৰ সৈতে সংযুক্ত হৈ উন্নয়নত বহু অৰিহণা যোগাইছে৷ ১০০ নাৱৰীয়াক নিযুক্তি দিয়াৰ লগতে বিশ্বৰ ভিতৰতে পঞ্চমখন দীঘল নদী আৰু উৎসৰে পৰা মোহনালৈ ২০৯০০ কিমি দৈৰ্ঘ্যৰ এই নদী উত্তৰ পূৰ্বাঞ্চলৰ বাবে এক অমূল্য সম্পদ৷ আনহাতে,ভূটান চৰকাৰ অৰ্থনৈতিক পৰিক্ৰমামন্ত্ৰী  লিয়ংপো লোকনাথ শৰ্মাই সাৱলীল ভাষণত অসমীয়াতে উপস্থিত সকলোকে অভিবাদন জনোৱাৰ লগতে হিন্দী চিনেমাৰ ডাইলগৰে ‘ঝোকেগা নেহি’বুলি কৈ সকলোকে হাঁহিৰ খোৰাক যোগায়৷ সভাত পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছৰ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, ভাৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী  ৰাজকুমাৰ ৰঞ্জন সিং,মণিপুৰ চৰকাৰৰ জলসম্পদ আৰু সাহায্য আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী আৱাংকবো নিউমাই,ৰাজ্যৰ পৰিবহণমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী,শক্তি আৰু পৰ্যটনমন্ত্ৰী বিমল বৰা,উপস্থিত থাকে৷ আনহাতে,ভাৰ্চুৱেলি সম্বোধন কৰে ৰাষ্ট্ৰীয় পথ পৰিবহণ আৰু ঘাইপথমন্ত্ৰী নীতিন গাডকাৰী,উত্তৰ-পূবৰ বিকাশমন্ত্ৰী জি কিষাণ ৰেড্ডী,অশ্বিনী বৈষ্ণৱ,ৰাষ্ট্ৰীয় যোগাযোগ,ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তিৰমন্ত্ৰী অশ্বিনী বৈষ্ণৱে নিজ নিজ বক্তব্য প্ৰদান কৰে৷ নিশাৰ ভাগত জুবিন,নীল আকাশৰ দ্বাৰা সাংস্কৃতিক কায্য় ৰ্সূচীৰ আয়োজন কৰা হয়৷ 

আজিৰে পৰা অৰুণাচল প্ৰদেশৰ ইষ্ট ছিয়াং জিলাৰ পাছিঘাটৰ পৰা ডিব্ৰুগড়,লীলাবাৰী, গুৱাহাটী সংযোগী বিমান সেৱাৰ শুভাৰম্ভ হৈছে৷ ‘এতিয়াৰে পৰা হাৱাই ছেন্দেল ব্যৱহাৰ কৰা সাধাৰণ মানুহে হৱাই জাহাজত যাতায়াত কৰিব পাৰিব’- ভাৰত চৰকাৰৰ নাগৰিক উন্নয়নমন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই আজি অৰুণাচল প্ৰদেশৰ পাছিঘাটত এক বিমান সেৱা শুভ উদ্বোধন অনুষ্ঠানত আহি এইদৰে কয়৷ বিশেষকৈ alliance airlines নামৰ কোম্পানী এটাৰ তত্ত্বাৱধানত চলিবলগীয়া পাছিঘাটৰ বিমানবন্দৰত আজি অনুষ্ঠিত বিমান সেৱা শুভাৰম্ভ কাৰ্যসূচীৰ জৰিয়তে পাচিঘাটৰ পৰা লীলাবাৰী, ডিব্ৰুগড় আৰু গুৱাহাটীৰ সৈতে যোগাযোগৰ বাবে বিমান সেৱা মুকলি কৰা হয়৷ বহু জল্পনা-কল্পনাৰ অন্ত পেলাই পাহাৰীয়া ৰাণীখ্যাত পাচিঘাটত আজিৰেপৰা মুকলি হোৱা alliance airlinesৰ বিমান সেৱাক আজি ভাৰত চৰকাৰৰ নাগৰিক উন্নয়নমন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই DO-২২৮ যাত্ৰীবাহী বিমান এখন শুভ উদ্বোধন কৰে৷ আজি দুপৰীয়া ১২ বজাত ডিব্ৰুগড়ৰ পৰা DO-২২৮ বিমানেৰে কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই পাচিঘাট এয়াৰপোৰ্টত উপস্থিত হৈ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি সপ্তাহত দুদিন চলাচল কৰিবলগীয়া ডিব্ৰুগড়-পাচিঘাট,পাচিঘাট লীলাবাৰী,লীলাবাৰী পাচিঘাট, পাচিঘাট ডিব্ৰুগড় DO-২২৮ যাত্ৰীবাহী বিমানৰ শুভ উদ্বোধন কৰে৷ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহি কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই উত্তৰ-পূৰ্বাঞ্চলৰ বিমান সেৱাক ভাৰতৰ ভিতৰত শ্ৰেষ্ঠ বিমান সেৱা হিচাপে গঢ়ি তুলি বিশ্বৰ বিমান সেৱাৰ সৈতে সংলগ্ন কৰা হ’ব বুলি মন্তব্য আগবঢ়ায়৷ তদুপৰি,তেওঁ সৰ্বসাধাৰণৰ সুবিধাৰ্থে মুকলি হোৱা এই বিমান সেৱাৰ সুবিধা ‘হাৱাই ছেণ্ডেল পিন্ধা সাধাৰণ মানুহেও এতিয়াৰে পৰা হাৱাই জাহাজ সেৱা গ্ৰহণ কৰিব পাৰিব’বুলি এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়৷ তেওঁ অহা তিনি সপ্তাহৰ ভিতৰত এই সেৱাটো অৰুণাচল প্ৰদেশৰ তেজুৰ সৈতে আৰু এমাহৰ ভিতৰত জিৰ’ৰ সৈতে সম্প্ৰসাৰণ কৰা হ’ব বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢায়৷ লগতে আগন্তক দিনত এই বিমান সেৱা মেচুকা,টুটিং,আৰু বিজয়নগৰৰ সৈতে সংলগ্ন কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলি মতপোষণ কৰে কেন্দ্ৰীয় মন্ত্ৰীজনে৷ তদুপৰি,অৰুণাচলৰ প্ৰদেশৰ তেজুত বিমান প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰাৰ লগতে অসম অৰুণাচল সীমান্তৰ হলোঙীত প্ৰায় চাৰি মাহৰ ভিতৰত ৬৫০ কোটি ব্যয়সাপেক্ষ এখন এয়াৰপ’ৰ্ট নিৰ্মাণৰ উদ্বোধন কৰা হ’ব বুলি কেন্দ্ৰীয় মন্ত্ৰীজনে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়৷ ইপিনে পাচিঘাট এয়াৰপ’ৰ্টৰ আন্তঃগাঁথনিৰ বাবে ১০ কোটি,আৰু তেজু এয়াৰপ’ৰ্টৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে প্ৰায় ৭০ কোটিৰ পেকেজ ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰীজনে৷  উত্তৰ অসম,উজনি অসম আৰু অৰুণাচলৰ বিমান যাত্ৰীৰ বাবে সুখবৰ কঢ়িয়াই আনিলে আজিৰেপৰা আৰম্ভ হোৱা এই বিমান সেৱাই৷ উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীজনক সংগ দিয়ে কেন্দ্ৰীয় আইনমন্ত্ৰী কিৰণ ৰিজিজু, মুখ্যমন্ত্ৰী পেমা খাণ্ডু,বিভাগীয় মন্ত্ৰী নাকোপ নালো,সাংসদ তাপিৰ গাঁও,বিধায়ক কালিং ময়ুং, লম্বু টায়েং,নিনিং ইৰিং,ভাৰত চৰকাৰৰ সচিব ৰাজীৱ বাঞ্চাল,অৰুণাচল প্ৰদেশৰ সচিবপ্ৰধান নৰেশ কুমাৰ আদি৷