Logo
image

চুলিত ৰং কৰাৰ পাছত সাৱধান হওক

চুলিত ৰং কৰাটো এতিয়া সাধাৰণ কথাত পৰিণত হৈছে৷ অকালতে চুলি পকা,চুলি সৰাৰ দৰে সমস্যাই বহু সময়তে দুশ্চিন্তা বঢ়াই তোলে৷ দ্ৰুতগতিত সলনি হোৱা পাৰিপাশ্বিৰ্ক অৱস্থা,পৰিৱেশ প্ৰদুষণ,খাদ্যাভাসৰ দ্ৰুত পৰিৱৰ্তনৰ বাবে মানুহৰ শৰীৰত নানাধৰণৰ ব্যাধিয়ে পূৰ্বৰ তুলনাত বেছিকৈ দেখা দিছে৷ চুলি সৰা বা চুলি অকালতে পকাৰ দৰে সমস্যাও এনেবোৰ কাৰণতে বৃদ্ধি পাইছে৷ চুলিত ৰং কৰাৰ অভ্যাস বহুতৰে আছে যদিও কেনেধৰণৰ ৰং ব্যৱহাৰ কৰিব লাগে, চুলিত ৰং লগোৱাৰ পাছত কিধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে এই বিষয়ে বহুতৰে সচেতনতাৰ অভাৱ৷ চুলিত ৰং কৰাটো এক খৰচী বিষয়৷ ৰং কৰাৰ দুদিন-এদিন পাছতেই অসচেতনতাৰ বাবে চুলিত সনা ৰং আঁতৰি যাব পাৰে৷ সেইবাবে চুলিত ৰং কৰাৰ পাছত কেইটামান বিষয়ৰ প্ৰতি গুৰুত্ব দিব লাগে৷ 

১. চুলিত ৰং সনাৰ দুদিনলৈকে কোনোধৰণৰ চেম্পু ব্যৱহাৰ কৰিব নালাগে৷ ৰং সনাৰ দুদিন পাছতো যিকোনোধৰণৰ চেম্পু ব্যৱহাৰ কৰিলে চুলিত সনা ৰং সহজতেই উঠি যায়৷ সেইবাবে পৰাপক্ষত চুলিত ৰং সনাৰ দুই বা তিনিদিনৰ পাছতহে চেম্পু ব্যৱহাৰ কৰিব লাগে৷

২. সকলো চেম্পুৱেই চুলিৰ বাবে উপকাৰী নহয়৷ বজাৰত সহজে উপলব্ধ বিভিন্ন ৰাসায়নিক পদ্ধতিৰে প্ৰস্তুত কৰা চেম্পুৱে চুলিৰ ক্ষতি কৰাৰ লগতে শৰীৰত অন্য সমস্যাৰো সৃষ্টি কৰিব পাৰে৷ বিশেষকৈ ছালফেটযুক্ত চেম্পুৱে চুলিৰ প্ৰচুৰ ক্ষতি কৰে৷ চেম্পু ব্যৱহাৰ কৰাৰ ক্ষেত্ৰতো চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত৷ 

৩. চুলিত ৰং কৰাৰ কেইদিনমান পাছলৈকে চুলিকোছা উজ্বল হৈ থকা দেখা যায়৷ সেইবাবে বহুতে চুলিত ৰং সনাৰ পাছত কণ্ডিচনাৰ ব্যৱহাৰ নকৰাকৈ থাকে৷ কিন্তু সেয়া চুলিৰ বাবে ক্ষতিকাৰক হৈ পৰে৷ ভাল ছালফেটযুক্ত কণ্ডিচনাৰ ব্যৱহাৰ কৰিব পাৰে৷ 

৪. চুলিত ৰং কৰাৰ পাছত চুলিকোছা সাধাৰণতে শুকান হৈ পৰে৷ বহুতে এইদৰে চুলি শুকান যেন হৈ যোৱাৰ বাবে বিভিন্ন ধৰণৰ ৰাসায়নিক টিটমেণ্ট গ্ৰহণ কৰে৷ এনেদৰে কোনোধৰণৰ চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ বজাৰত উপলব্ধ ৰাসায়নিক দ্ৰব্য চুলিত প্ৰয়োগ কৰাৰ ফলত চুলিকোছাৰ প্ৰচুৰ পৰিমাণে ক্ষতি হয়৷ চুলিৰ সৈতে চকু আৰু মগজুৰ প্ৰত্যক্ষ সম্পৰ্ক আছে৷ সেয়েহে চুলিকোছাৰ ক্ষেত্ৰত সকলো সজাগ,সচেতন হোৱাৰ প্ৰয়োজন৷ কেতিয়াবা চুলিত প্ৰয়োগ কৰা ৰঙৰ ফলত চকুৰ লগতে মূৰৰ বিষ,প্ৰচণ্ড হাঁচি আদিৰ সমস্যায়ো দেখা দিব পাৰে৷ তেনে সমস্যাৰ সৃষ্টি হ’লে চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ বজাৰত উপলব্ধ যিকোনোধৰণৰ দৰৱ গ্ৰহণ কৰাটো অনুচিত৷