Logo
image

নিজকে ‘দেউলীয়া’ ঘোষণা শ্ৰীলংকাৰ

৫১ বিলিয়ন ডলাৰ বিদেশী ঋণ পৰিশোধ কৰিবলৈ অসমৰ্থ

আমাৰ অসম, ১৩ এপ্ৰিলঃ ব্ৰিটিছ শাসনৰ পৰা স্বাধীন হোৱাৰ পাছত প্ৰথমবাৰলৈ সবাতোকৈ ভয়ংকৰ আৰ্থিক সংকটত পৰা শ্ৰীলংকাৰ অৱস্থা এতিয়া অতি বেয়া৷ খাদ্য-সামগ্ৰী,ইন্ধন আদিৰ লগতে সকলো সামগ্ৰীৰে নাটনিৰ সন্মুখীন হোৱা শ্ৰীলংকাৰ জনতাই পানী খায়েই দিন পাৰ কৰিবলগীয়া হৈছে৷ পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ অসমৰ্থ হোৱা শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ পদত্যাগৰ দাবীৰে দেশজুৰি ব্যাপক প্ৰতিবাদ অব্যাহত আছে৷ বিগত দহদিন ধৰি বিৰোধী দলৰ লগতে সাধাৰণ জনতাই ৰাষ্ট্ৰপতি ভৱন,সংসদ ভৱনৰ বাহিৰত প্ৰতিবাদ অব্যাহত ৰাখিছে৷ কিন্তু কাৰোৰে কথালৈ কৰ্ণপাত কৰা নাই ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাকছাই৷ তাৰ মাজতে মঙলবাৰে তেওঁৰ চৰকাৰে শ্ৰীলংকাক ‘দেউলীয়া’ঘোষণা কৰে৷ শ্ৰীলংকাৰ চৰকাৰে আৰু ঘোষণা কৰে যে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিক দিবলৈ থকা ৫১ বিলিয়ন ডলাৰৰ বিদেশী ঋণ পৰিশোধ কৰিবলৈ তেওঁলোক অসমৰ্থ৷ উল্লেখ্য,২০২১ চনলৈকে শ্ৰীলংকাই লোৱা মুঠ ঋণৰ পৰিমাণ আছিল ৩,৫০০ কোটি ডলাৰ৷ কিন্তু বিগত এটা বছৰত এই ঋণৰ পৰিমাণ বাঢ়ি হয়গৈ ৫,১০০ কোটি ডলাৰ৷ শ্ৰীলংকাই লোৱা বিদেশী ঋণৰ সৰহ পৰিমাণেই এনে যে যিবোৰৰ সুদৰ হাৰেই যথেষ্ট বেছি৷ শ্ৰীলংকা চৰকাৰে ৪৭ শতাংশ ঋণ লয় মুকলি বজাৰৰ পৰা৷ ইয়াৰ পাছতে ১৫ শতাংশ ঋণ হৈছে চীনৰ পৰা লোৱা৷ এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা ১৩ শতাংশ,বিশ্ব বেংকৰ পৰা ১০ শতাংশ,জাপানৰ পৰা ১০ শতাংশ আৰু ভাৰতৰ পৰা ২ শতাংশ ঋণ লয় শ্ৰীলংকাই৷ শ্ৰীলংকাৰ চৰকাৰে ঋণ লৈ নিজৰ যথেষ্ঠ সুবিধা কৰি ল’লে,কিন্তু এতিয়া পৰিশোধ কৰাৰ সময়ত হাত দাঙি দিছে৷ জনসংখ্যা তেনেই কম হোৱা বাবে শ্ৰীলংকাৰ সমস্যা ভাৰতৰ তুলনাত যথেষ্ট কম আছিল৷ শ্ৰীলংকাৰ জনমূৰি আয়ো ২০২০ চনত ভাৰতৰ তুলনাত ভাল আছিল৷ ৰাষ্ট্ৰসংঘৰ মানৱ উন্নয়ন প্ৰতিবেদনতো শ্ৰীলংকাৰ স্থান ভাৰতৰ তুলনাত যথেষ্ট ওপৰত আছিল৷ কিন্তু চীনৰ ঋণৰ জালত ভৰি দি শ্ৰীলংকাৰ অৱস্থা আজিৰ পৰ্যায় পালেহি৷