Logo
image

হেঁপাহৰ ৰঙালী পৰিণত নহওক কঙালীত

ক’ভিড-লকডাউন পৰৱৰ্তী ৰঙালী বিহুত প্ৰতিকূল পৰিস্থিতি

আমাৰ অসম, ১৪ এপ্ৰিলঃ ৰাজ্যৰ বিভিন্ন বিভাগত কৰ্মৰত ঠিকাভিত্তিক কৰ্মচাৰীৰ দৰমহা কেইবামাহ ধৰি বন্ধ হৈ আছে৷ উজনি অসমত খোদ আৰক্ষীয়েই পোৱা নাই মাৰ্চৰ দৰমহা৷ দহ মাহ দৰমহা নাপাই ইতিমধ্যে ধাৰাবাহিকভাৱে প্ৰতিবাদ কৰি আছে আৰ্টফেডৰ কৰ্মচাৰীয়ে৷ কেইবামাহ ধৰি বন্ধ হৈ আছে মীন বিভাগৰ কৰ্মচাৰীৰ দৰমহা৷ ৰঙালী বিহুৰ প্ৰাক্‌ক্ষণত ৰঙালী বিহুৰ বজাৰ-সমাৰ কৰাৰ পৰিৱৰ্তে দৰমহা আদায়ৰ দাবীত ৰাজপথত নামি পৰিছে মীন বিভাগৰ কৰ্মচাৰী৷ মাহৰ পাছত মাহ ধৰি দৰমহা নাপাই বিহুৰ প্ৰাক্‌ক্ষণত হাহাকাৰ বিভিন্ন বিভাগৰ হাজাৰ হাজাৰ কৰ্মচাৰীৰ৷ হেঁপাহৰ বিহুটিক আদৰাৰ সময়ত ৰঙালীৰ ৰং নাই ৰাজ্য চৰকাৰৰ বহুকেইটা বিভাগৰ কৰ্মচাৰীৰ মাজত৷ কিয়নো ফেব্ৰুৱাৰীৰ দৰমহাই লাভ কৰা নাই বিটিএডিৰ ১০ হাজাৰ শিক্ষকে৷ ১০ মাহে দৰমহাৰ পৰা বঞ্চিত আৰ্টফেডৰ কৰ্মচাৰী৷ জ্জ্ব মাহ ধৰি দৰমহা পোৱা নাই বেচা-কিনা নিগমৰ কৰ্মচাৰীয়ে৷ দৰমহা পোৱা নাই ৰাজ্যৰ ৪,৫৭৫জন হাইস্কুলত কৰ্মৰত ঠিকাভিত্তিক শিক্ষকে৷ গড়কাপ্টানী বিভাগৰ কেইজনমান ঠিকাদাৰৰ বাহিৰে আন প্ৰায় সকলো বিভাগৰ সৰু-ডাঙৰ প্ৰায়সকল ঠিকাদাৰে বিল নাপাই পৰিয়ালৰ লোকৰ মুখলৈ চাব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে৷ বন্ধ হৈ আছে কেইবাটাও বিভাগৰ কৰ্মচাৰীৰ পেন্সন৷ ধনৰ অভাৱত  ইতিমধ্যে ৰাজ্য চৰকাৰে সকলো বিভাগত ব্যয় সংকোচন কৰাৰ নিৰ্দেশ দিছে৷ বিত্ত  বিভাগৰ বিশেষ অনুমোদন অবিহনে কোনো বিভাগৰ নতুন আৰু মেৰামতিৰ কাম কৰিব নোৱাৰিব বুলি নিৰ্দেশটোত কোৱা হৈছে৷ মূলতঃ ৰাজহ ব্যয় সংকোচনৰ বাবে এই নিৰ্দেশ দিয়া হৈছে৷ ইতিমধ্যে পদূলিত হেঁপাহৰ ৰঙালী বিহু৷ কিন্তু বিহুৰ বজাৰ কৰিবলৈ কোনো সাজু হ’ব পৰা নাই৷ ইফালে,বজাৰত ঔষধৰ পৰা খাদ্য-সামগ্ৰীলৈ,কানি-কাপোৰৰ পৰা নিৰ্মাণ সামগ্ৰীলৈ সকলোতে অভাৱনীয় হাৰত মূল্য বৃদ্ধি হৈছে৷ প্ৰতিটো ঔষধৰ দাম ১০-২০ শতাংশ বৃদ্ধি পাইছে৷ শাক-পাচলিৰ দাম কল্পনাতীতভাৱে বৃদ্ধি পাইছে৷ গুৱাহাটীৰ বজাৰত আজিৰ তাৰিখত ফুলকবিৰ দাম প্ৰতিকিলোত ১০০ টকা,গাজৰত ৮০ টকা,বিলাহীত ৭০ টকা,বন্ধাকবিত ৮০ টকা,তিতা কেৰেলাত ১২০ টকা, ভাতকেৰেলাত ২৪০ টকা,নহৰুত ১৪০ টকা,বেঙেনাত ৮০ টকা,ভেন্দিত ৮০ টকা,লেচেৰাত ১২০ টকা,তিয়ঁহত ৮০ টকা হৈছে৷ চাউল-দাইল,আলু-পিঁয়াজ,মিঠাতেলৰ দামো অভাৱনীয় হাৰত বৃদ্ধি পাইছে৷ নিৰ্মাণ সামগ্ৰীৰ দামৰ গ্ৰাফ এতিয়াও ঊধবৰ্মূখী হৈ আছে৷ সাধাৰণ ৰডৰ দাম প্ৰতিকুইণ্টলত প্ৰায় জ্জ্ব হাজাৰ টকা,চিমেণ্টৰ দাম প্ৰতিবেগত ৪৫০-৫০০ টকা৷ ফলত গৰীৱসকলৰ কথাটো বাদেই মধ্যবিত্ত বা নিম্ন মধ্যবিত্ত পৰিয়ালৰ অৱস্থা অবৰ্ণনীয় হৈ পৰিছে৷ এইসকল লোকৰ বাবে কঙালীত পৰিণত হোৱাৰ উপক্ৰম হৈছে এইবেলিৰ ৰঙালী বিহু৷ স্মৰ্তব্য,বৰ্তমানৰ শাসনাধিষ্ঠিত দলটোৱে প্ৰথমে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ প্ৰতিশ্ৰুতিক মূল ইছ্যু হিচাপে লৈ দিছপুৰ দখল কৰিছিল৷ কিন্তু কাৰ্যক্ষেত্ৰত তাৰ প্ৰতিফলন নহ’ল৷ দিনদিয়েক পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীক পেট্ৰ’ল-ডিজেল,ৰন্ধন গেছৰ অভাৱনীয় মূল্যবৃদ্ধিৰ বাবে মুখামুখিভাৱে জবাবদিহি কৰিছিল এগৰাকী নেত্ৰীয়ে৷ ক’ভিড-লকডাউনৰ পৰৱৰ্তী সময়ত ৰাজ্যৰ অৰ্থনীতি প্ৰায় বিধবস্ত হৈ পৰিছে৷ চৰকাৰে ভোটৰ অংকত বিভিন্ন হিতাধিকাৰী আঁচনি ৰূপায়ণ কৰি আছে যদিও ৰাজ্যৰ ৰাজকোষ উদং হৈ পৰাৰ পৰিপ্ৰেক্ষিতত এইবেলিৰ ৰঙালী বিহু এনে প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হৈছে৷ ৰাজ্যবাসী ৰৈ থাকে হেঁপাহৰ ৰঙালী বিহুক উলহ-মালহেৰে উদ্‌যাপন কৰিবলৈ৷ কিন্তু ধনৰ অভাৱত বজাৰলৈ গৈ বিহুৰ বজাৰ কৰাৰ আশা বুকুত বান্ধি ঘৰতে থাকিবলগীয়া হৈছে প্ৰায় প্ৰতিটো শ্ৰেণীৰ লোক৷ ৰাজ্যবাসীৰ আগত সৃষ্টি হোৱা এনে অভাৱনীয় অৱস্থাৰ সময়ত ‘আমাৰ অসম’ৰ এটাই মাথোঁ আশা–হেঁপাহৰ ৰঙালী পৰিণত নহওক কঙালীত!