Logo
image

বোকাজানত ৫টা চিম্পাঞ্জী উদ্ধাৰ

আমাৰ অসম,১৪ এপ্ৰিলঃ কেংগাৰুৰ পাছত এইবাৰ অসমত উদ্ধাৰ হ’ল দুষ্প্ৰাপ্য চিম্পাঞ্জী৷ কাৰ্বি আংলং জিলাৰ মাজেৰে অসমৰ লগতে বহিঃৰাজ্যলৈ দীৰ্ঘকাল ধৰি ড্ৰাগছৰ লগতে বিভিন্ন সামগ্ৰীৰ চোৰাং ব্যৱসায় চলি আহিছে৷ মঙলবাৰে নিশা জিলাখনৰ ডিলাই থানাৰ নাকা তালাচীত উদ্ধাৰ হয় পাঁচটাকৈ দুষ্প্ৰাপ্য চিম্পাঞ্জী৷ মণিপুৰৰ পৰা গুৱাহাটীলৈ সৰবৰাহৰ চেষ্টা চলাওঁতে ডিলাই আৰক্ষীৰ তালাচীত উদ্ধাৰ হয় দুষ্প্ৰাপ্য চিম্পাঞ্জীকেইটা৷ ৩৬নং ৰাষ্টীয় ঘাইপথত আৰক্ষীয়ে চলোৱা তালাচীত এমএন-০১-এজি-৫৮২৯ নম্বৰৰ এখন মাৰুতি ইক’ভেনৰ জৰিয়তে চিম্পাঞ্জীকেইটা অনা হৈছিল৷ মণিপুৰৰ পৰা হবি আৰু জুনাব খান নামৰ দুটা সৰবৰাহকাৰীয়ে উক্ত চিম্পাঞ্জীকেইটা গুৱাহাটীৰ এজন ব্যক্তিক দিবলৈ বুলি আনিছিল৷ আৰক্ষীয়ে আটক কৰা দুই ব্যক্তি আন্তঃৰাষ্ট্ৰীয় বন্যপ্ৰাণী চোৰাং ব্যৱসায়ৰ সৈতে জড়িত থকাৰ সন্দেহ কৰিছে৷ দুষ্প্ৰাপ্য চিম্পাঞ্জীকেইটা কাৰ্বি আংলং জিলাৰ বন বিভাগক গতাই দিয়ে আৰক্ষীয়ে৷