Logo
image

নাইজেৰিয়ান হেকাৰৰ দাবী ৫৪ কোটি টকা

হেকিঙত অচল ‘অইল’

আমাৰ অসম,১৪ এপ্ৰিলঃ অইল ইণ্ডিয়া লিমিটেডে আনুষ্ঠানিকভাৱে চাইবাৰ আক্ৰমণৰ সন্দৰ্ভত কেতবোৰ তথ্য প্ৰকাশ কৰাৰ লগতে দুলীয়াজান থানাত গোচৰ ৰুজু কৰিছে৷ উদ্যোগ প্ৰতিষ্ঠানটোৰ তৰফৰ পৰা প্ৰকাশ কৰা মতে,অইল ইণ্ডিয়া লিমিটেডৰ পৰা ৭৫ লাখ আমেৰিকান ডলাৰ অৰ্থাৎ ভাৰতীয় মূল্যত প্ৰায় ৫৪ কোটি টকা দাবী কৰিছে কুখ্যাত হেকিং চক্ৰটোৱে৷ আন্তঃৰাষ্ট্ৰীয় হেকিং চক্ৰটো আমেৰিকাৰ নে নাইজেৰিয়াৰ এই সন্দৰ্ভত আৰু দাবী কৰা ধনৰ পৰিমাণ সন্দৰ্ভত বিভিন্ন খবৰ বিয়পি পৰাৰ পাছত দাবীকৃত ধনৰ পৰিমাণ অইল কতৃৰ্পক্ষই আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে৷ অৱশ্যে কুখ্যাত চক্ৰটো ক’ৰ সেই কথা কোনেও নিশ্চিতি দিব পৰা নাই৷ ইফালে¸মঙলবাৰে অইলৰ নিৰাপত্তা বিভাগৰ প্ৰৱন্ধক শচীন কুমাৰে দুলীয়াজান থানাত চাইবাৰ আক্ৰমণ সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিছে৷ উক্ত এজাহাৰৰ ভিত্তিত দুলীয়াজান আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৮৫ নং [আৰ/ডব্লিউ চেকশ্যন ৬৬/৬৬ [এফ]আই টি এ]ধাৰাৰ অধীনত ৭৬/২২ নম্বৰৰ এক গোচৰ ৰুজু কৰিছে৷ এজাহাৰখনত ১০ এপ্ৰিলৰ দিনা অইল ইণ্ডিয়া লিমিটেডক চাইবাৰ আক্ৰমণ কৰা আৰু আক্ৰমণকাৰীয়ে প্ৰতিষ্ঠানটোৰ পৰা ৭৫ লাখ আমেৰিকান ডলাৰ দাবী কৰি ই-মেইল প্ৰেৰণ কৰা বুলি উল্লেখ কৰিছে৷ আনহাতে¸অইল কতৃৰ্পক্ষই প্ৰতিষ্ঠানটোত জৰুৰী অৱস্থা ঘোষণা কৰাৰ ফলত কোম্পানীটোৰ তথ্য-প্ৰযুক্তি বিভাগৰ লগতে অন্যান্য কেইবাটাও বিভাগৰ সকলো বিষয়া-কৰ্মচাৰীৰ ছুটী বাতিল কৰা হৈছে৷ এই সংকটৰ পৰা উদ্ধাৰৰ বাবে অইলে ৰাছিয়ান এটা আই টি বিশেষজ্ঞ প্ৰতিষ্ঠানৰ সহায় লৈছে৷ আজি পুৱাৰে পৰা প্ৰতিষ্ঠানটোৰ বিশেষজ্ঞসকলে হেকাৰৰ পৰা অইলৰ চাৰ্ভাৰ উদ্ধাৰৰ বাবে কাম আৰম্ভ কৰিছে৷ অইল ইণ্ডিয়াৰ তৰফৰপৰা জানিবলৈ দিয়া অনুসৰি চাইবাৰ আক্ৰমণৰ ফলত তৈল প্ৰতিষ্ঠানটোৰ প্ৰশাসনিক কাম-কাজ ব্যাহত হৈছে যদিও উৎপাদন প্ৰক্ৰিয়াত বিশেষ প্ৰভাৱ পৰা নাই৷ চেপ চিষ্টেমৰ জৰিয়তে বহু কাম সম্প্ৰতি চলি আছে যদিও এমাহমানৰ ভিতৰত ডাটাসমূহ ৰি-ষ্ট’ৰ কৰিব নোৱাৰিলে উৎপাদন প্ৰক্ৰিয়াত প্ৰভাৱ পৰিব বুলি অইল ইণ্ডিয়াৰ তৰফৰ পৰা শংকা প্ৰকাশ কৰিছে৷