Logo
image

সাৱধান হওক আত্মহত্যা বাঢ়িছে!

মহানগৰ আৰক্ষীৰ সকীয়নি

আমাৰ অসম,১৪ এপ্ৰিলঃ ৰাজধানী চহৰ গুৱাহাটীত বিগত ৩৬ ঘণ্টাত ৮জন লোকৰ মৃত্যু হৈছে৷ ইয়াৰে ভিতৰত ৫টাই আত্মহত্যাৰ ঘটনা৷ গুৱাহাটীৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তই সংবাদমেলযোগে সদৰি কৰিছে এই কথা৷ অৰ্থাৎ এই কথা স্পষ্ট যে খোদ ৰাজধানী চহৰতে অভাৱনীয় হাৰত বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা৷ বিশেষকৈ ক’ভিডসৃষ্ট লকডাউনৰ পাছত আত্মহত্যাৰ ঘটনা অধিক হোৱা পৰিলক্ষিত হৈছে৷ এই সময়ত চৰ্চা হৈছে কিয় আত্মহত্যাৰ দৰে চৰম পন্থা অবলম্বন কৰিছে এজনৰ পাছত আনজন লোকে৷ মূলতঃ কৰ্মহীনতা,হতাশাগ্ৰস্ততা,দাৰিদ্ৰ,নিসংগতাৰ বাবে বৃদ্ধি পাইছে নেকি আত্মহত্যাৰ ঘটনাক লৈ চৰ্চা হৈছে৷ সেই বিষয়ে গভীৰভাৱে বিশ্লেষণ কৰাটো অতি জৰুৰী হৈ পৰিছে৷ আৰক্ষীয়ে মহানগৰবাসীক সাৱধানবাণী শুনাবলৈ বাধ্য হৈছে– সাৱধান হওক,আত্মহত্যা বাঢ়িছে!আজিৰ তাৰিখত ৰাজ্যত নিবনুৱা সমস্যা ভয়ংকৰ হৈ পৰিছে৷‘বগা চোলাৰ শ্ৰমিক’হৈ পৰা যুৱক-যুৱতীয়ে বিচৰা ধৰণে সংস্থাপনৰ পথ নেদেখি হতাশগ্ৰস্ত হৈ পৰিছে৷ দাৰিদ্ৰ আৰু নিসংগই কিদৰে যুৱক-যুৱতী আনকি বয়োজ্যেষ্ঠসকলকো গ্ৰাস কৰিছে সেই বিষয়ে হয়তো ব্যাখ্যা নিষ্প্ৰয়োজন৷ কাজেই আত্মহত্যাৰ দৰে ঘটনা এতিয়া আৰক্ষীৰ চিন্তাৰ কাৰণ হৈ পৰিছে৷ উল্লেখ্য,ক’ভিডসৃষ্ট লকডাউনৰ পাছত দেশৰ অন্যান্য ৰাজ্যৰ দৰে অসমতো কৰ্মহীন হৈ পৰিছে বহুজন৷ ফলস্বৰূপে হতাশ হৈ পৰিছে এনে বহু কৰ্মহীন যুৱক-যুৱতী৷ তদুপৰি বিগত সময়ত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে নিবনুৱা যুৱক-যুৱতীৰ সংস্থাপনৰ বাবে বিশেষ পদক্ষেপ ল’ব বুলি আশা কৰিছিল যদিও চৰকাৰৰ পৰা আশাব্যঞ্জক সঁহাৰি নাপায়ো বহু যুৱক-যুৱতী হতাশগ্ৰস্ত হৈ পৰিছে৷ ইয়াৰ ফলশ্ৰুতিতে হয়তো বহুজেন উগ্ৰপন্থী সংগঠনলৈও ঢাপলি মেলিছে৷

অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে গুৱাহাটী মহানগৰী৷ নিতৌ মহানগৰীত বৃদ্ধি পাইছে এটাৰ পিছত আনটো অপৰাধৰ ঘটনা৷ অপৰাধজনিত ঘটনা ৰোধ কৰিবলৈ কাৰ্যতঃ বিফল হৈছে মহানগৰ আৰক্ষী৷ মহানগৰীৰ বামুণিমৈদামৰ নলাৰ পৰা আজি পুনৰ উদ্ধাৰ হৈছে এটা অচিনাক্ত মৃতদেহ৷ বামুণিমৈদামৰ ৰে’লৱে কলনীৰ নলাত পৰি থকা অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো৷ কোনো লোকে হত্যা কৰি নলাত পেলাই দিয়াৰ সন্দেহ কৰিছে স্থানীয় লোকে৷ মৃত লোকজনৰ আনুমানিক বয়স ৪৫ বছৰ বুলি আৰক্ষীয়ে ধাৰণা কৰিছে৷ স্থানীয় লোকে দিয়া খবৰৰ ভিত্তিত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি জিএমচিএইচলৈ প্ৰেৰণ কৰে৷ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ৷ উল্লেখ্য,মাত্ৰ দুদিন পূৰ্বে একে স্থানতে উদ্ধাৰ হৈছিল কাজল চন্দ্ৰ দাস নামৰ এজন লোকৰ মৃতদেহ৷ আৰক্ষীয়ে প্ৰাথমিক তদন্তত মৃত লোকজনৰ পানীত পৰি মৃত্যু হোৱা সন্দেহ কৰিছে৷  কিন্তু একেটা স্থানতে দুটাকৈ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই অঞ্চলটোত স্বাভাৱিকতে তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে৷