Logo
image

আইচেঙৰ নেতৃত্বত অৰণ্যলৈ আৰু ১৩জন যুৱক, গুৱাহাটীৰ ৫

আমাৰ অসম,১৪ এপ্ৰিলঃ নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন আলফা স্বাধীনে যুদ্ধ বিৰতি ঘোষণাৰ মাজতে আলফা স্বাধীনৰ নেতা আইচেঙৰ নেতৃত্বত অৰণ্যলৈ গল আৰু ১৩জন যুৱক৷ ইয়াৰে ৫জন যুৱক গুৱাহাটী মহানগৰীৰ৷  নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন আলফা [স্বাধীন]লৈ পুনৰ ১৩জন যুৱকে যোগদানৰ খবৰ পোহৰলৈ অহাত ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ মঙলবাৰৰ পুৱা দহ বজাত ম্যানমাৰৰ আলফা [স্বাধীন]ৰ শিবিৰত এই নতুন ১৩ জনীয়া যুৱকৰ দল উপস্থিত হোৱা বুলি তথ্য পোহৰলৈ আহিছে৷ আলফা [স্বাধীন]ৰ এক শীৰ্ষ সূত্ৰই সদৰী কৰা মতে ১৩জন সদস্যৰ ভিতৰত পাঁচজনেই গুৱাহাটী আৰু ইয়াৰ পাশ্বৰ্ৱৰ্তী অঞ্চলৰ৷ আলফা [স্বাধীন]ৰ শীৰ্ষ সূত্ৰই সদৰী কৰা মতে,মঙলবাৰে ম্যানমাৰৰ শিবিৰত উপস্থিত হোৱা ১৩জন সদস্যৰ ঘৰ গুৱাহাটীৰ বেলতলা,চাংসাৰি,আজাৰা,পানীখাইতি,বকো,গোলাঘাট, শিৱসাগৰ,বাইহাটা,তিনিচুকীয়া,মিৰ্জা আৰু পানীতোলত৷ আলফা [স্বাধীন]ত যোগদান কৰা যুৱক কেইজন হৈছে বাকোৰ অংকুৰ কলিতা,মিৰ্জাৰ দেবাশীষ দাস,আজাৰাৰ মৃনময় কলিতা,সংসাৰিৰ ৰঞ্জিত দাস,পানীখাইটিৰ মৃদুল দাস,তিনিচুকীয়াৰ ঋতু ৰাজ গোহাঁই,পানীতোলাৰ শুভাণ্টা দুৱাৰা,বেলতলাৰ হিতেশ দাস,গোলাঘাটৰ বীৰেন বৰা আৰু উমেশ বৰা,শিৱসাগৰৰ শ্বহীদুল আহমেদ হাজৰিকা আৰু আনোৱাৰ আলী,বাইহাটাৰ সঞ্জীৱ শৰ্মা আদি৷ উল্লেখযোগ্য যে বিগত এটা বছৰত বহু সংখ্যক যুৱক-যুৱতীয়ে পৰেশ বৰুৱা নেতৃত্বাধীন আলফা [স্বাধীন]ত যোগ দিছে৷ নতুন সদস্য ভৰ্তিৰ সংখ্যা মঙলবাৰ পৰ্যন্ত ২৩৬জন বুলি জানিব পৰা গৈছে৷ ইয়াৰ বিপৰীতে নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠনটোত যোগদানৰ বাবে যোৱা বহু যুৱক-যুৱতীক মাজবাটতে আৰক্ষী-সেনাই ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে৷ উল্লেখ্য যে,দুমাহ পূৰ্বে গুৱাহাটীৰ উজান বজাৰৰ দুগৰাকী যুৱতীও আলফা স্বাধীনত যোগদান কৰিছিল৷

কামৰূপ জিলাৰ বকোৰ এজন নিৰুদ্দিষ্ট ছাত্ৰ আলফা স্বাধীনত যোগদান কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিয়ে সমগ্ৰ বকো অঞ্চলত ব্যাপক আলোড়নৰ সৃষ্টি কৰিছে৷ বকোৰ অংকুৰ কলিতা নামৰ ১৬ বছৰীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীজনে পৰিয়ালৰ অজ্ঞাতে আলফা স্বাধীনত যোগদান  কৰাৰ খবৰে প্ৰশাসনৰ মাজতো ব্যাপক চৰ্চা চলা পৰিলক্ষিত হৈছে৷ বকো আৰক্ষী থানাৰ অন্তৰ্গত মিলনপুৰ নিবাসী উপেন কলিতা আৰু সাধনা কলিতাৰ একমাত্ৰ পুত্ৰ অংকুৰ কলিতাৰ আলফা স্বাধীনত যোগদানৰ খবৰে পৰিয়ালত হাহাকাৰ পৰিস্থিতি বিৰাজ কৰাৰ লগতে উদ্বিগ্ন হৈ পৰিছে পিতৃ-মাতৃ৷ উল্লেখ্য, ৪ এপ্ৰিলৰ আবেলি ৩ বজাত নিজ গৃহৰ পৰা বকোৰ এম বজাৰলৈ ওলাই যোৱাৰ পাছৰ পৰাই সন্ধানহীন হৈ আছিল ছাত্ৰজন৷ এই নিৰুদ্দেশ সম্পৰ্কত পৰিয়ালৰ লোকে বকো থানাত এজাহাৰ দাখিলৰ লগতে প্ৰচাৰ মাধ্যমৰো সহায় বিচাৰিলে৷ অংকুৰে এনেদৰে যদি আলফা স্বাধীনৰ ম্যানমাৰ শিবিৰত গৈ পাইছে তেন্তে তাক ঘূৰাই পঠাবলৈ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক কাতৰ আহ্বান জনাইছে অংকুৰৰ মাতৃয়ে৷ ইফালে,বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া খনিন্দ্ৰ চন্দ্ৰ নাথে কিশোৰ অংকুৰ কলিতাই আলফা স্বাধীনত যোগদান কৰা বিষয়ত পৰিয়ালক সৈতে মত বিনিময় কৰাৰ লগতে এই সম্পৰ্কত বকো আৰক্ষীয়ে অধিক অনুসন্ধান অব্যাহত ৰাখিছে৷