Logo
image

কালধুমুহাত ত্ৰস্তমান ৰাজ্য

আমাৰ অসম, ১৭ এপ্ৰিলঃ ‘চ’তৰ শেষত বৰদৈচিলা মাকৰ ঘৰলৈ যায়,গছ-গছনি,ঘৰ-দুৱাৰ নিয়ে উৰুৱাই৷’–এই প্ৰবাদ তথা লোকবিশ্বাস যেন সঁচা অৰ্থত এইবাৰ বিহুত প্ৰমাণ হ’ল৷ কিয়নো চ’তৰ অন্তিম দিনটোত ৰাজ্যৰ উজনি-নামনি সৰ্বত্ৰ কাল ধুমুহাই এক প্ৰকাৰৰ ধবংসলীলাৰ সৃষ্টি কৰিলে৷ বৰদৈচিলা মাকৰ ঘৰলৈ যাওঁতে ঘৰ-দুৱাৰ,গছ-গছনি উৰুৱাই নিয়াৰ দৰে পৰিস্থিতিৰ সৃষ্টি কৰে সমগ্ৰ অসমতে৷ কিয়নো ৰঙালী বিহুৰ প্ৰাক্‌মুহূৰ্তত ৰাজ্যজুৰি প্ৰচণ্ড ধুমুহা,প্ৰৱল বৃষ্টিপাত আৰু বজ্ৰপাতে যেন ম্লান পেলাইছে ব’হাগৰ উছাহ৷ ১৪ আৰু ১৫ এপ্ৰিলত কাল ধুমুহাৰ বাবেই ৰাজ্যৰ ভিন্ন প্ৰান্তত অতি কমেও ১৫ জন লোকে কৰুণভাৱে মৃত্যুক আঁকোৱালি লয়৷ আনবাতে,ধুমুহাত আহত হৈছে অৰ্ধশতাধিক লোক৷ বহু লোকৰ ঘৰ-বাৰী ধুমুহাই তচনচ কৰাৰ লগতে খেতি-বাতি বিনষ্ট কৰে৷ বিভিন্ন স্থানত বিহুৰ পেণ্ডেল ধুমুহাই উৰুৱাই নিয়াৰ লগতে ৰাজ্যৰ ৫৯২খন গাঁৱৰ ৮৫৩টা পৰিয়ালৰ বাসগৃহ ধুমুহা-বৰষুণৰ ফলত সম্পূৰ্ণৰূপে বিধবস্ত হোৱাৰ তথ্য চৰকাৰীভাৱে প্ৰকাশ কৰিছে৷ ধুমুহাৰ বাবে গৃহহাৰা হৈছে ৰাজ্যৰ ২০,২৮৬ টা পৰিয়াল৷ ইপিনে বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কীকৰণ অনুসৰি আগন্তুক ২২ এপ্ৰিল পৰ্যন্ত ৰাজ্যৰ ঠাই বিশেষে প্ৰৱল ধুমুহা-বৰষুণ অব্যাহত থাকিব৷ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কতৃৰ্পক্ষই ধুমুহা-বৰষুণৰ ফলত ৮জন লোকৰ মৃত্যু হোৱা বুলিও নিশ্চিত কৰিলেও বেচৰকাৰী তথ্য মতে ধুমুহাত মৃত্যু হোৱা লোকৰ সংখ্যা ১৫জনতকৈও অধিক৷ দুৰ্ভাগ্যজনকভাৱে মৰাণৰ টিংখাঙত পহিলা ব’হাগৰ দিনটোত এগৰাকী কিশোৰীসহ প্তজন লোকৰ প্ৰাণ কাঢ়ি নিয়ে কালৰূপী ধুমুহাই৷ গুড ফ্ৰাইডেৰ বাবে আবেলি ভাগত কবৰস্থান চাফ-চিকুণ কৰি থাকোতে ধুমুহা-বৰষুণ অহাত টিংখাং খেৰণিৰ মণিকা ধান,লাবণ্য হৰ’,এনি কুজুৰ আৰু কুৱাৰী বেংৰাই এজোপা বাঁহগছৰ তলত আশ্ৰয় লওঁতেই বাঁহজোপা উভালি মহিলা কেইগৰাকীক চেপা মাৰি ধৰে৷ ফলত ঘটনাস্থলীতে শোকাৱহভাৱে মৃত্যুক আঁকোৱালি লয় দুৰ্ভগীয়া মহিলা কেইগৰাকীয়ে৷ ইপিনে একেজাক ধুমুহাই টিংখাং বাজিপহুমৰাত স্কুটীৰে ঘৰলৈ গৈ থকা অৱস্থাত গছ উভালি পৰাত ৰূপেশ্বৰ কোঁচ নামৰ এজন যুৱকৰ প্ৰাণ হানি হয়৷ আনহাতে গৰু বিহু দিনা সন্ধিয়া জাগুণ-অৰুণাচল সংযোগী পথত প্ৰচণ্ড ধুমুহাত গছ ভাগি পৰাত ৰাহুল হাজং আৰু সুদ্বীপ বানাই নামৰ দুজন বাইক আৰোহীৰ মৃত্যু হয়৷ ইপিনে বৰপেটাৰ জনীয়াৰ লুৰফুৰীয়া গাঁৱত ঘৰৰ ওপৰত গছ বাগৰি পৰাত ফুলজান নেছা নামৰ বিশেষভাৱে সক্ষম এগৰাকী যুৱতীৰ মৃত্যু হয়৷ ধুমুহাৰ ফলত বৰপেটাৰ চেঙা সমষ্টিৰ ৰৌমাৰী মালিপাৰাত ছকিনা খাতুন নামৰ এগৰাকী মহিলাৰ লগতে ছামচুন নেহা নামৰ আন এগৰাকী বৃদ্ধাই মৃত্যুক আঁকোৱালি ল’ব লগা হয়৷ তামুলপুৰতো ধুমুহাই তাণ্ডৱ চলায়৷ ধুমুহাৰ ফলত তামুলপুৰৰ কুমাৰীকাটাৰ আমবাৰী বাতাবাৰীৰ এনি মুছাহাৰী নামৰ এগৰাকী মহিলাৰ মৃত্যু হয়৷ ধুমুহাত বিধায়ক জলেন দৈমাৰীৰ বাসগৃহ ক্ষতিগ্ৰস্ত হোৱাত দৈৱক্ৰমেহে ৰক্ষা পৰে বিধায়কসহ পৰিয়ালটো৷ ইপিনে ধুমুহাত গোসাইগাঁও ১নং ক’লাগুৰি হৰেন্দ্ৰ বসুমতাৰী নামৰ লোকজনৰ মৃত্যু হয়৷ উজনি অসমৰ গোলাঘাটত ধুমুহাত এজোপা বৰগছ উভালি পৰি হেঁচা মাৰি ধৰাত হেম বৰা নামৰ এজন ব্যক্তিৰ মৃত্যু হয়৷ ধুমুহাৰ ফলত আঘাতপ্ৰাপ্ত হৈ ডিগবৈৰ তোষেশ্বৰ সোণোৱাল নামৰ এজন ব্যক্তিৰো পাছত হাস্পতালত মৃত্যু হয়৷ ইফালে চৰকাৰী তথ্য মতে গোৱালপাৰাৰ মটিয়াৰ লালবৰীত বজ্ৰপাতত ভূমিধৰ ৰয় নামৰ এটি ১৫ বছৰীয়া শিশুৰ মৃত্যু হয়৷ আনহাতে বাগ্‌সা জিলাৰ জালাহৰ সমীপৱৰ্তী আলিগুৰিত বজ্ৰপাতত মিণ্টু দাস নামৰ এজন কিশোৰৰ মৃত্যু হয়৷ অৱশ্যে একেটা কোঠাতে দুই বন্ধুৰ সৈতে একেলগে শুই থকা কিশোৰটিৰ বজ্ৰপাতত মৃত্যুত হোৱা ঘটনাক সহজভাৱে লোৱা নাই পৰিয়ালৰ লোকে৷ লক্ষণীয়ভাৱে গুৱাহাটী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক এসপ্তাহলৈ অৰ্থাৎ ২২ এপ্ৰিল পৰ্যন্ত ৰাজ্যৰ লগতে গুৱাহাটীত বৰষুণ আৰু বজ্ৰপাতৰ সম্ভাৱনা ব্যক্ত কৰিছে৷ বৰষুণৰ বাবে গুৱাহাটীৰ তাপমাত্ৰ সৰ্বনিম্ন ২১ ডিগ্ৰী চেলচিয়াছলৈ হ্ৰাস পোৱাৰো সম্ভাৱনা প্ৰকাশ কৰিছে৷ উজনি অসমতো অহা পাঁচদিন বৰষুণৰ লগতে আকাশ ডাৱৰীয়া হৈ থকাৰ সতকীৰ্কৰণ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই৷

অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনাই শোকৰ বন্যা৷ ৰঙালীৰ আনন্দ,হৰ্ষোল্লাস নিমিষতে ম্লান পৰিল৷ আশ্ৰয়হীন হ’ল বহু লোক৷ ডিব্ৰুগড় জিলাৰ টিংখাঙত অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিনাই শোকৰ বন্যা৷ কাল ধুমুহাত প্ৰাণ গ’ল পাঁচ গৰাকী লোকৰ৷ ধুমুহাৰ ফলত মৃত্যু হোৱা লোক কেইজন হৈছে টিংখাং খেৰণিৰ চাৰিগৰাকী মহিলা,যুৱতী ক্ৰমে মণিকা ধান [১৮],লাবন্য হ’ৰ [১২],এনি কুজুৰ [২৭]আৰু কুৱাৰী ভেংৰা [৩৫]৷ এই মহিলা যুৱতীসকলে শুকুৰবাৰে গুড ফ্ৰাইডে উপলক্ষে খেৰণিত কবৰস্থান চাফচিকুণ কৰি থকা অৱস্থাত বিয়লি প্ৰায় চাৰি বজাত হঠাতে শিল,বৰষুণ,ধুমুহা অহাত আটাইয়ে বাঁহ গছৰ তলত আশ্ৰয় লৈছিল৷ আশ্ৰয় লৈ থকা প্ৰকাণ্ড বাঁহ গছ জোপা ধুমুহাৰ ফলত উভালি পৰে৷ চাৰিওগৰাকী মহিলা, যুৱতীক বাঁহ গছ জোপাই হেঁচা মাৰি ধৰে৷ লগে লগে হুৱাদুৱাৰ সৃষ্টি হয়৷ ঘটনাস্থলীত টিংখাং আৰক্ষী আৰু ৰাজগড় সামূহিক স্বাস্থ্য কেন্দ্ৰৰ দল,স্থানীয় ৰাইজ উপস্থিত হৈ জেচিবিৰ সহায়ত মহিলা,যুৱতীকেইগৰাকীক উদ্ধাৰ কৰে যদিও ইতিমধ্যে তিনিগৰাকীৰ মৃত্যু হৈছিল৷ গুৰুতৰভাৱে আহত আন এগৰাকী যুৱতীক লগেলগে ৰাজগড় সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ অনা হয় যদিও যুৱতীগৰাকীৰ কৰুণ মৃত্যু ঘটে৷ আনহাতে একেটা সময়তে অহা কাল ধুমুহাই প্ৰাণ কাঢ়ি নিলে আন এজন যুৱকৰ৷ টিংখাং বাজীপহুমৰাৰ যুৱক ৰূপেশ্বৰ কোঁচ নিজ স্কুটিৰে ঘৰলৈ গৈ থকা অৱস্থাত প্ৰকাণ্ড এজোপা গছ যুৱকজনৰ গাত উভালি পৰে৷ গছৰ চেপাত যুৱকজনৰ কৰুণ মৃত্যু ঘটে৷ স্কুটিখনো গছৰ হেঁচাত ভাগি যায়৷ লগেলগে সমগ্ৰ বৰবিল,বাজীপহুমৰা অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷ অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটোতে টিংখাঙৰ পাঁচজনকৈ লোকৰ ধুমুহাৰ ফলত কৰুণ মৃত্যু হোৱাত সমগ্ৰ টিংখাং অঞ্চলত শোকৰ বন্যা বৈছে৷ সমষ্টিটোৰ বিধায়ক তথা মন্ত্ৰী বিমল বড়াৰ লগতে বিভিন্ন জাতীয় দল-সংগঠন,ব্যক্তিয়ে ঘটনাটোত গভীৰ শোক প্ৰকাশ কৰিছে৷ ধুমুহাৰ ফলত সমগ্ৰ টিংখাং,ৰাজগড় অঞ্চলত বিস্তৰ ক্ষতি সাধন হৈছে৷ বিভিন্ন ঠাইত প্ৰকাণ্ড প্ৰকাণ্ড গছ উভালি পৰাত বিদু্ৎতৰ তাঁৰ ছিঙি পৰিছে৷ বহু ঠাইত বিদু্ৎতৰ খুঁটাও উভালি পৰাত পহিলা ব’হাগৰ বিয়লিৰে পৰা সমগ্ৰ টিংখাং,ৰাজগড় অঞ্চলত বিজুলী যোগান বন্ধ হৈ পৰিছে৷ ৰঙালীৰ আনন্দ,হতাশা,নিৰাশা,দুখলৈ পৰিণত হৈছে৷ বহু লোকৰ ঘৰৰ ওপৰত গছ উভালি পৰাত লোকসকল আশ্ৰয়হীন হৈ পৰিছে৷ বহু লোকৰ ঘৰৰ টিনপাত,মূধছ ধুমুহাই উৰুৱাই নিছে৷ চাহ বাগিচাত গছ উভালি পৰাত চাহ গছৰ বৃহৎ ক্ষতি সাধন হৈছে৷ নাহৰপৰা,বৰবিল,বাজীপহুমৰা অঞ্চলৰ বহু লোক ধুমুহাৰ ফলত আশ্ৰয়হীন হৈছে৷ 

বছৰৰ অন্তিম নিশা তথা গৰুবিহুৰ দিনাই অহা এজাক ধুমুহা-বৰষুণে বহুতৰে সপোন ভাঙি চূৰমাৰ কৰে৷ নতুন বছৰৰ লগতে বিহুক আদৰিবলৈ সাজু হৈ থকাৰ সময়তে গৃহহাৰা হৈ লঘোণে থাকিবলগীয়া হৈছে বহু পৰিয়াল৷ অকল সেয়াই নহয়,বৰদৈচিলা মাকৰ ঘৰলৈ যোৱাৰ সময়ত প্ৰাণকাঢ়ি নিলে এজনৰ৷ আহত হৈছে বহু কেইজন৷ এই ঘটনা সংঘটিত হৈছে পশ্চিম অসমৰ শেষ প্ৰান্তৰ গোসাঁইগাঁও মহকুমাৰ বিভিন্ন অঞ্চলত৷ বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৮ বজাত অহা তীব্ৰ বেগী ধুমুহা-বৰষুণত গোসাঁইগাঁৱৰ ১নং ওদলাগুৰি গাঁও নিৱাসী চৰেন্দ্ৰ বসুমতাৰী [৫০]নিজৰ পৰিয়ালক লৈ ঘৰৰ ভিতৰতে সোমাই থাকে৷ তীব্ৰ বেগত অহা ধুমুহাৰ ফলত ঘৰৰ ওপৰত নাৰিকল গছ ভাঙি পৰে আৰু লগে লগে চৰেন্দ্ৰ বসুমতাৰীৰ মৃত্যু ঘটে৷ তেওঁৰ লগতে পৰিয়ালটোৰ অন্যান্য সদস্য ক্ৰমে পুত্ৰ বিৰদাও বসুমতাৰী[২৪],বোৱাৰী অঞ্জলি বসুমতাৰী[২০]আৰু এমহীয়া শিশু নিৰঞ্জন বসুমতাৰী আহত হয়৷ আহতসকলক গাঁৱৰ ৰাইজে ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰে৷ আনহাতে,গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত আন এক ভয়ংকৰ ঘটনা সংঘটিত হয়৷ একে সময়তে শ্ৰীৰামপুৰৰ বাসিন্দা লক্ষ্মণ প্ৰসাদ চাৱে ধুমুহা অহা দেখি নিজা চাউল ভঙা মেলৰ পৰা ঘৰত সোমায়৷ ঘৰ সোমোৱাৰ কিছু সময় পাছতে প্ৰায় আধা কিলোমিটাৰ দূৰত থকা শ্ৰীৰামপুৰ বিদ্যা বিকাশ কলেজৰ টিনৰ চালি পাইপৰ ফ্ৰেমসহ খুলি তেওঁৰ ঘৰত ওপৰত পৰাত ঘৰ ভাঙি তেওঁ মূৰত পৰে৷ ফলত গুৰুতৰভাৱে আহত লক্ষ্মণক ততাতৈয়াকৈ পশ্চিম বংগৰ হাস্পতালত ভৰ্তি কৰে যদিও বৰ্তমান আই চি ইউত মৃত্যুৰ সৈতে যুঁজি আছে৷ ইয়াৰ উপৰিও গোসাঁইগাঁৱৰ বিভিন্ন অঞ্চলত কম-বেছি পৰিমাণে বহু লোক আহত হৈছে৷ ধুমুহা-বৰষুণৰ গতি বেগ ইমানেই আছিল যে প্ৰায় ৩০-৩৫ মিনিটৰ ভিতৰতে গোসাঁইগাঁৱৰ বাবুবিল,পদ্মপুখুৰী,ইছলামপুৰ,কচুগাঁও,ৰঙিয়াঘুটো,ৰংচপুৰ,জেকবপুৰ,শ্ৰীৰামপুৰ,মাজেৰ ডাৱৰী,শিমূলটাপু আদি কুৰিৰো অধিক গাঁৱৰ বিস্তৰ ক্ষতিসাধন হয়৷ ইয়াৰে সৰ্বাধিক ক্ষতিসাধন কৰিছে শ্ৰীৰামপুৰ বজাৰৰ৷ শ্ৰীৰামপুৰ বজাৰৰ অধিকাংশ দোকানৰ টিনপাত,কাঠ উৰুৱাই নিয়াত লাখ লাখ টকাৰ সা-সামগ্ৰী বৰষুণত নষ্ট হয়৷ শ্ৰীৰামপুৰ হিন্দী এল পি স্কুল,এম ই স্কুলৰ লগতে বৰবাধা বন বিভাগৰ কাৰ্যালয়ত টিনপাত উৰুৱাই নিয়ে৷ ধুমুহাত বিধবস্ত হোৱা অঞ্চলটো শ্ৰীৰামপুৰ সমষ্টিৰ এম চি এল এ সজল সিংহই পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে অতিকৈ দৰিদ্ৰ পৰিয়াল আৰু ব্যৱসায়ীসকলক নিজৰ ফালৰে পৰা আৰ্থিক সহায় দিয়াৰ কথা প্ৰকাশ কৰিছে৷ দুপৰীয়া গোসাঁইগাঁও মহকুমাৰ মহকুমাধিপতি,লাট মণ্ডল শ্ৰীৰামপুৰ অঞ্চলকে ক্ষতিগ্ৰস্ত অন্যান্য অঞ্চল পৰিদৰ্শন কৰি বুজ লয়৷ ধুমুহা-বৰষুণত ঘৰ-দুৱাৰ,ব্যৱসায় প্ৰতিষ্ঠানৰ লগতে গছ-গছনি ভাঙি-উভালি পৰাৰ সমান্তৰালকৈ বিদু্যতৰ খুঁটি-তাঁৰ ভাঙি-ছিঙি পৰাত যোগাযোগ ব্যাহত হৈ পৰে৷ ধুমুহাৰ ফলত দুদিন ধৰি বিদু্যৎ নথকাত ব্যৱসায় প্ৰতিষ্ঠান,চৰকাৰী অনুষ্ঠান,মোবাইল সেৱা আদি কৰি সকলো বন্ধ হৈ পৰিছে৷  উত্তৰ-পশ্চিম প্ৰান্তৰ পৰা অহা তীব্ৰ বেগী ধুমুহাই কৃষকক সৰ্বস্বান্ত কৰি পেলাইছে৷ ধুমুহাৰ ফলত হাজাৰ হাজাৰ মাকৈ আৰু কল খেতি সম্পূৰ্ণৰূপে বিধবস্ত হৈছে৷

ব’হাগৰ আৰম্ভণিতেই নামনি অসমৰ বৰপেটা জিলাত যোৱা বৃহস্পতিবাৰে সংঘটিত হয় বৰদৈচিলাৰ তাণ্ডৱ৷ ফলত জনীয়া সমষ্টিৰ লুৰফুৰীয়া গাঁৱত কাল ধুমুহাই কাঢ়ি নিয়ে এজনৰ প্ৰাণ৷ প্ৰকাণ্ড গছৰ তলত পৰি এগৰাকী যুৱতীৰ কৰুণ মৃত্যু হোৱা ঘটনাই অঞ্চলব্যাপি শোঁকৰ ছাঁ পৰিছে৷ উল্লেখযোগ্য যে,বৃহস্পতিবাৰ সন্ধিয়া হঠাৎ অহা ধুমুহা আৰু শিলাবৃষ্টিয়ে বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তত ঘৰ-দুৱাৰ,গছ-গছনি আদি তচনছ কৰি থৈ যোৱাৰ লগতে ব্যাহত হৈ পৰিছে বিদু্যৎসেৱা৷ বাঘবৰ ৰাজহ চক্ৰ তথা বৰপেটা আৰক্ষী থানাৰ অন্তৰ্গত লুৰফুৰীয়া গাঁৱৰ খবিৰ উদ্দিনৰ বিশেষভাৱে সক্ষম কন্যা ফুলজান নেছায় কৰুণ মৃত্যুক আকোৱালি লব লগা হয়৷ জানিব পৰা মতে,ফুলজান নেছায় পৰিয়ালৰ আন চাৰি গৰাকী সদস্যৰ সৈতে বিছনাত বহি থকাৰ সময়তে প্ৰচণ্ড ধুমুহাৰ ফলত ঘৰৰ পিছফালে থকা এটা প্ৰকাণ্ড গছ ঘৰৰ ওপৰত বাগৰি পৰে৷ উক্ত সময়ত,খবিৰ উদ্দিনৰ পৰিয়ালৰ আন চাৰিগৰাকী সদস্য ঘৰৰ ভিতৰৰ পৰা দৌৰি ওলাই যাবলৈ সক্ষম হয় যদিও বিশেষভাৱে সক্ষম দূৰ্ভোগীয়া ফুলজান নেছাই ওলাই যাব নোৱাৰাত গছৰ তলত পৰি থিতাতে মৃত্যু হয়৷ পাছত স্থানীয় ৰাইজে গছ কাটি ফুল জান নেছাৰ মৃতদেহ উদ্ধাৰ কৰে৷ ইফালে প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টিৰ ফলত কলগাছিয়াকে ধৰি জনীয়া সমষ্টিৰ হাজাৰ হাজাৰ কৃষকৰ গম,মাকৈ আৰু বিভিন্ন ধৰণৰ পাচলিৰ খেতি ধবংস হৈ যায়৷ লগতে শ শ পৰিয়ালৰ আৱাসগৃহ ভাঙি ছিঙি তচনচ হৈ পৰে৷ ধুমুহাৰ শেষত ঘটনাস্থলীত বৰপেটা আৰক্ষী উপস্থিত হৈ ফুলজান নেছাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা মেডিকেল কলেজত প্ৰেৰণ কৰে৷ শুকুৰবাৰে দুৰ্ভগীয়া ফুলজানৰ শেষকৃত সম্পন্ন কৰা হয় যদিও ভূক্তভোগী পৰিয়ালটোক আৰ্থিক ক্ষতিপূৰণ দিবলৈ চৰকাৰক দাবী জনাইছে স্থানীয় ৰাইজে৷

পহিলা ব’হাগৰ নিশাই তামুলপুৰ জিলাৰ ভিন্ন প্ৰান্তত এজাক প্ৰচণ্ড ধুমুহা বৰষুণে তাণ্ডৱ চলাই ঘৰবাৰী তচনচ কৰাৰ উপৰিও বাৰীৰ গছ-গছনি ভাঙি ব্যাপক হাৰত ক্ষতিগ্ৰস্ত কৰিছে৷ জানিব পৰা মতে কালি নিশা কুমাৰীকাটাৰ আমবাৰী বাতাবাৰীৰ খৰ্গেশ্বৰ মোছাহাৰীৰ ঘৰৰ মুধচত গছ ভাঙি পৰাত নিশা তেওঁৰ পত্নী অনে মোছাহাৰী [৪৫]মৃত্যু হয়৷ আনহাতে তামুলপুৰৰ বৰখোপা,এঘাৰমাইল,বৰখাটা ওডালগুৰী অময়াপুৰ,মাজদিয়া,কালাকুছি,সৌৰাগুৰি,দেউলগুৰি,বাৰাংগাবাৰী,ভকতপাৰা, দিমিলাপাৰ,দিঘলীপাৰ,ফহুৰাবাৰী,আমবাৰী,বাতাবাৰী,নাগ্ৰীজুলিৰ সাহপুৰ,কাউলীকে ধৰি বিভিন্ন ঠাইত ঘৰবাৰী,দোকান ঘৰ তচনচ কৰিছে৷ নাগ্ৰীজুলিৰ সাহপুৰত প্ৰচণ্ড বতাহৰ ফলত দুগৰাকী মহিলা ক্ৰমে ৰমিলা মাৰ্দি মণি বাস্কে গুৰুতৰভাৱে আহত হয়৷ ধুমুহাৰ ফলত বৰখোপা গাৱঁৰ এখন বিদ্যালয় ভৱনৰ ক্ষতি হোৱাৰ উপৰি বৰখোপা এম ই এছ চকত অৱস্থিত প্ৰদীপ কলিতাৰ ‘কলিতা ষ্টোৰ’ৰ ব্যাপক ক্ষতি সাধন হোৱাৰ উপৰি মটঙাচক ঘগ্ৰচক বজাৰ চকৰ একাংশ ব্যৱসায়ীৰ দোকান ঘৰৰ ব্যাপক ক্ষতি হোৱাত বহু টকাৰ লোকচান হয়৷ বতাহৰ বেগ ইমানে ক্ষিপ্ৰ আছিল যে নিমিষতে ঘৰৰ টিনপাত উৰুৱাই কাৰোবাৰ যদি পথাৰত কাৰোবাৰ আকৌ পুখুৰীত কাৰোবাৰ আকৌ গছৰ ডালত ওলমি আছে৷ ইপিনে তামুলপুৰৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড ধুমুহাই বিধায়কৰ বাসগৃহও তচনছ কৰে৷ গছ পৰি ঘৰৰ ওপৰতে পৰে ফলত বিধায়ক জলেন দৈমাৰীৰ লগতে পৰিয়ালটো কথমপি প্ৰাণ ৰক্ষা পৰে৷ কালি নিশা প্ৰায় দুই মান বজাত অহা প্ৰচণ্ড ধুমুহাৰ ফলত বিভিন্ন ঠাইৰ মন্দিৰ নামঘৰ স্কুল ঘৰৰ  ওপৰত গছ বাগৰি ব্যাপক ক্ষতি হয়, ইপিনে ধুমুহা বতাহৰ তাণ্ডবত বিদু্যতৰ খঁুটাসমূহৰ ব্যাপক ক্ষতি সাধন হোৱাৰ লগতে তামুলপুৰত কালি নিশাৰ পৰাই  বিদু্যৎ সংযোগ ব্যাহত হয়৷ বিভাগৰ ব্যাপক ক্ষতি হোৱাৰ আশংকা কৰা গৈছে৷ তামোলপুৰ জিলা সদৰস্থ ৰঙিয়া ভূটান পথত কেবাডাল বৃহৎ গছ বাগৰি পকীদেৱাল পৰ্যন্ত ভাঙে ধুমুহাত উভালি পৰা গছৰ বাবে বৰ্তমানো তামোলপুৰৰ বহু পথৰ যাতায়ত বন্ধ হৈ পৰিছে৷ তামোলপুৰ উপায়ুক্তৰ কাৰ্যলয়লৈ যোৱা পথত কেবাজোপা বৃহৎ গছ পৰি পথ বন্ধ হোৱাত কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে আজি কিছু অংশ পথ খোজকাঢ়ি যাব লগাত পৰিছে৷ তামুলপুৰ সমষ্টিৰ বিধায়ক জলেন দৈমাৰীয়ে আমাবাৰী বাতাবাৰীত উপস্থিত হৈ ধুমুহাৰ ফলত মৃত্যু হোৱা মহিলা গৰাকীৰ ঘৰত উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ উপৰিও বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে দিহা কৰে আৰু শোকসন্তপ্ত পৰিয়ালৰ ওচৰত থিয় হৈ গভীৰ শোক প্ৰকাশ কৰে৷ আনহাতে বিধায়ক গৰাকীয়ে ধুমুহা বতাহৰ ফলত সৃষ্টি হোৱা পৰিৱেশৰ কাৰণে দুখ প্ৰকাশ কৰাৰ লগতে তামোলপুৰৰ বিভিন্ন ঠাইৰ ক্ষতিগ্ৰস্ত অঞ্চল ভ্ৰমণ কৰি ক্ষতিগ্ৰস্ত সকলৰ খা খবৰ লয়৷ ৰাতিপুৱাৰে পৰা কুমাৰীকাটা আৰু তামোলপুৰ ৰেঞ্জৰ বিষয়া কৰ্মচাৰী সকলে যুদ্ধকালীন তৎপৰতাৰে গছবোৰ কাটি পথৰ পৰা গছৰ ডালবোৰ আঁতৰাই পেলায় পথ যোগাযোগ ব্যৱস্থা সুচল কৰি তোলে৷ তামুলপুৰ মহকুমা ৰঙালী বিহু সন্মিলনৰ উদ্যোগত আজিৰ পৰা আৰম্ভ হোৱা বিহুথলীৰ ৰভা ধুমুহাত সম্পূৰ্ণ বিধস্ত হোৱাত পৰিচালনা সমিতিয়ে ৰাজহুৱা প্ৰেক্ষাগৃহত বিহুৰ কাৰ্যসূচীৰ পৰিচালনা কৰিব লগাত পৰিছে৷ 

ৰঙালী বিহুৰ আনন্দ-উলাহৰ মাজতে নামনি অসমৰ বিভিন্ন প্ৰান্তৰ লগতে নলবাৰী জিলাতো বৃহস্পতিবাৰে নিশা ধুমুহাই তাণ্ডৱ চলায়৷ এই ধুমুহাই বহু পৰিয়ালৰ যথেষ্ট ক্ষতিসাধন কৰে৷ জিলাখনৰ বিভিন্ন প্ৰান্তত গছ উভালি পৰাত যাতায়াত বিঘ্নিত হৈ পৰাৰ লগতে বহু অঞ্চলত বিদু্যৎ যোগান ব্যাহত হৈ পৰে৷ কেইবাঠাইতো বিদু্যৎ পৰিবাহী তাঁৰ ছিগি যোৱাত বিদু্যৎ সেৱা বন্ধ হৈ পৰে যদিও শুকুৰবাৰে বিদু্ৎ বিভাগে ক্ষিপ্ৰতাৰে মেৰামতি কৰি পুনৰ বিদু্ৎ যোগানৰ ব্যৱস্থা কৰে৷ বৃহস্পতিবাৰে নিশা প্ৰায় ৮ বজাত অহা প্ৰচণ্ড ধুমুহাই নলবাৰীৰ একাংশ পৰিয়ালৰ ঘৰৰ টিনপাত উৰুৱাই নিয়াৰ লগতে গছ উভালি পৰাত কেইবাটাও পৰিয়ালৰ বিস্তৰ ক্ষতিসাধন হয়৷ এই ধুমুহাৰ ফলত নলবাৰী চহৰৰ সমীপৱৰ্তী বালিকৰিয়া নিৱাসী তথা টিহু কলেজৰ সহযোগী অধ্যাপক মহিপতি দত্তৰ বাসগৃহ চৌহদত প্ৰকাণ্ড গছ উভালি পৰাত ২৫-৩০ জন লোকৰ কথমপি প্ৰাণ ৰক্ষা পৰে৷ উল্লেখ্য,অধ্যাপক দত্তৰ ঘৰত সেই সময়ত চলি আছিল সত্য নাৰায়ণ পূজা৷ সেইবাবে অধ্যাপকজনৰ বাসগৃহত অঞ্চলটোৰ ২৫-৩০জন লোক আছিল৷ অধ্যাপকজনৰ কাষতে থকা লক্ষ্মী বৰ্মন নামৰ পৰিয়ালটোৰ এডাল প্ৰকাণ্ড গছ দত্তৰ চোতালত উভালি পৰাত গৃহবন্দী হৈ থাকিবলগা হয় লোকসকল৷ অৱশ্যে গছডাল বাসগৃহটোৰ ওপৰত নপৰাত কোনোমতে প্ৰাণৰক্ষা পৰে লোকসকলৰ৷ উক্ত দুৰ্ঘটনাৰ ফলত অধ্যাপকজনৰ সীমাৰ পকী বেৰখনৰ ২০-২৫ ফুট ভাঙি যায়৷ এই ধুমুহাত অধ্যাপকজনৰ কাষৰে প্ৰমোদ বৰ্মন নামৰ আন এটা পৰিয়ালৰো বাসগৃহৰ কিছু পৰিমাণে ক্ষতিসাধন হয়৷ পিছদিনা এছ ডি আৰ এফ বাহিনীয়ে সমগ্ৰ দিনটো উদ্ধাৰ অভিযান চলাই কোনো মতে অধ্যাপকজনৰ পৰিয়ালটোৰ লোকসকলক বাহিৰলৈ অহা-যোৱাৰ ব্যৱস্থা কৰি দিয়ে৷ উক্ত ধুমুহাৰ ফলত অঞ্চলটোৰ মন্দিৰ এটাৰো ব্যাপক ক্ষতিসাধন হয়৷

বৃহস্পতিবাৰে নিশা  এজাক ধুমুহা-বৰষুণে তচনচ কৰি থৈ গ’ল বৃহত্তৰ সাপটগ্ৰাম অঞ্চলক৷ ধুমুহাৰ ফলত ভাঙি উভালি পৰিছে বহুত পুৰণি গছ-গছনি,ঘৰ-দুৱাৰ৷ সাপটগ্ৰাম ৰে’লৱে আস্থানৰ বাকৰিত এডাল অতি পুৰণি আঁহত গছ ধুমুহা-বৰষুণৰ ফলত বাগৰি পৰিছে৷ গছজোপাৰ তলত বহি দৈনিক শ শ ৰাইজে গা-মন শীতল কৰিছিল৷ বহুতো বৃদ্ধ লোকে ঠাইখিনিত বহি সময় কটাইছিল৷ আমি সাংবাদিকসকলেও কেতিয়াবা সময় উলিয়াই আড্ডা মাৰিছিলো বটবৃক্ষডালৰ তলত৷ গছজোপা উভালি পৰাত তাৰ ওচৰতে থকা কেইখনমান চেলুন,সৰু দোকান আৰু ৰায় টী ষ্টল নামৰ নামজ্বলা পুৰণি চাহ-মিঠাৰ দোকানখনৰ ক্ষতি সাধন হৈছে৷ মুঠতে প্ৰচণ্ড ধুমুহাজাকে তচনচ কৰি থৈ গ’ল বৃহত্তৰ সাপটগ্ৰাম অঞ্চলটো৷

গৰু বিহুৰ দিনটোত সন্ধিয়াৰ ভাগত বলা প্ৰচণ্ড ধুমুহা এজাকত নলবাৰী জিলাৰ ঠায়ে-ঠায়ে বিস্তৰ ক্ষতিসাধন হোৱাৰ বাতৰি পোৱা গৈছে৷ বৃহস্পতিবাৰে ২০-২৫ মিনিট  সময় ধৰি বলা সংহাৰী ধুমুহাই জিলা খনৰ বাঁহজানী,বৰকুৰিহা,মৰোৱা,মাধাপুৰ,বগুৰিহাটী,নৰ্দ্দী আদি অঞ্চলত যথেষ্ট ক্ষতি সাধন কৰে৷ ধুমুহাত ঠায়ে-ঠায়ে বিদু্ৎ পৰিবাহী তাঁৰৰ ওপৰত গছ উভালি পৰাত বিদু্ৎ যোগান ব্যাহত হৈ পৰে৷ আনহাতে,ধুমুহাত নিজ বাঁহজানী গাঁৱৰ ব্যৱসায়ী ফুকন ডেকাৰ থকা ঘৰৰ ওপৰত এডাল ডাঙৰ গছ ভাঙি পৰাত ঘৰটোৰ ক্ষতি সাধন হয় যদিও ঘৰটোৰ ভিতৰত থকা ব্যৱসায়ী জনৰ পত্নী আৰু দুই সন্তান কথমপি বিপদৰ পৰা ৰক্ষা পৰে৷ ইপিনে ধুমুহাত অঞ্চলটোৰ নলবাৰী পলিটেকনিক-চান্দকুছি পথৰ ওপৰত এডাল ডাঙৰ গছ ভাঙি পৰাত পথটোৰে যাতায়াত ব্যাহত হৈ পৰে৷

গৰু বিহুৰ দিনাখন অৰ্থাৎ বৃহস্পতি বাৰে পূব গোৱালপাৰাৰ বিস্তিৰ্ণ এলেকাত হোৱা প্ৰচণ্ড শীলাবৃষ্টি আৰু ধুমুহাত সমগ্ৰ অঞ্চলটোতে ব্যাপক ক্ষয়—ক্ষতি হোৱা পৰিলক্ষিত হৈছে৷ টিপলাইকে ধৰি প্ৰায় পঞ্চাছখন গাঁৱত উক্ত দিনাখন দিনৰ দহ বজাৰ পৰা নিশা দহ বজালৈ বাৰ ঘণ্টাত চাৰি বাৰকৈ অহা ধুমূহা আৰু শীলাবৃষ্টিত বহু লোকৰ ঘৰ—দুৱাৰ মহটিয়াই লোৱাৰ উপৰিও বাৰীৰ গছ—গছনি উভালি পৰে৷ ইফালে এই ধুমূহাত শিমলীতোলা আৰক্ষী থানা ভৱনৰ বিশেষ ক্ষতি হোৱাৰ লগতে টিপলাইস্থিত শঙ্কৰ দেৱ শিশু বিদ্যা নিকেতন আৰু দিঘলী বড়ী প্ৰাথমিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনি ঘৰটো ধুমূহাই উৰুৱাই লৈ যায়৷  মাটিয়া আৰক্ষী থানাৰ অধীনৰ সূতাৰ পাৰাৰ নদীৰ পাৰত কৃষক ৰাইজৰ লগতে একাংশ শিক্ষিত নিবনুৱা যুৱকে স্বাৱলম্বী হোৱাৰ আশাৰে প্ৰায় পঞ্চাছ বিঘা মাটিত তিঁয়হ,কোমৰা,ভাত কেৰেলা,জিকা,ভোল আদি পাচলিৰ খেতি কৰিছিল যদিও উক্ত পাচলি খেতি সমূহ সাৰি নগল ধুমূহাৰ তাণ্ডৱৰ পৰা৷ ক্ষতিগ্ৰস্ত কৃষক ছাফিউল ইছলাম মোল্লা আৰু ঘুতু মোল্লাই জনো মতে পাচলি খেতিৰ একাংশ পাচলি গছত পাচলি লাগিছিল যদিও আন একাংশ গছত কেৱলমাত্ৰ ফুল ধৰিছিল৷ এনে সময়তে হোৱা শীলাবৃষ্টিত গছৰ অপৈণত ফল আৰু ফুল সমূহ চিঙি যোৱা সম্প্ৰতি এক প্ৰকাৰ দিশহাৰা হৈ পৰিছে কৃষক সকল৷  গাঠিৰধন ভাঙি কৰা পাচলি খেতি সমূহ ধুমূহাৰ তাণ্ডৱত তচনচ হোৱাত ভাঙি পৰিছে কৃষকসকল৷

দৰঙৰ দলগাঁৱৰ  বিভিন্ন এলেকাত কালি নিশা অহা এজাক ধুমুহাত বিস্তৰ ক্ষতি সাধন হয়৷ দলগাঁৱৰ,কৌপাটী,বৰুৱাপাৰা,বটাবাৰী,ঢেকেৰীগাঁও, শিলবৰী,অঞ্চলত বহুতো লোকৰ বাসগৃহৰ টিন উৰুৱাই নিয়ে৷ নিশা প্ৰবল ধুমুহা শিলা বৃষ্টিৰ ফলত বহুতো ঘৰ-দুৱাৰ ভাঙি বিস্তৰ ক্ষতি সাধন হোৱাৰ লগতে কৌপাটী চাহ বাগিচাৰ স্বাস্থ্য কেন্দ্ৰটো ভাঙি চূৰমাৰ হয়৷ মাজনিশা অহা এজাক প্ৰচণ্ড ধূমুহাত প্ৰকাণ্ড গছ এডাল বাগৰি পৰাত স্বাস্থ্যকেন্দ্ৰটো ভাঙি চূৰমাৰ হোৱাত ৰৌতা সমষ্টিৰ এম চি এল এ তথা ই এম ড° নিলোৎ স্বৰ্গীয়াৰী উপস্থিত হৈ ক্ষয় ক্ষতিৰ বুজ লয়৷

হেঁপাহৰ ৰঙালী বিহুৰ উলহ মালহৰ মাজতে নেৰানেপেৰা বৰষুণৰ বতৰতে গৰু বিহুৰ পৰা আজি তৃতীয় দিন অব্যাহত থকা প্ৰচণ্ড ধুমুহা বৰষুণ আৰু শিলা বৃষ্টিপাতে জনগণৰ বিস্তৰ ক্ষতিসাধন কৰে৷ যাৰ ফলত কোকৰাঝাৰ জিলাৰ বিভিন্ন অঞ্চলত কেৱল ক্ষতি হোৱাই নহয় মানুহৰ বাসগৃহৰ লগতে প্ৰচণ্ড ধুমুহাই চিথিলা হাইস্কুলৰ চালৰ টিনপাটৰ উৰুৱাই নিয়ে আনহাতে শিলাবৃষ্টিত ছালাকাটি আনছাৰি পাৰাৰ লগতে ধৰি বহু পৰিয়ালৰ বাসগৃহৰ টিনপাত ফুটা হোৱাৰ লগতে খেতি বাতি ধবংস হৈ যায়৷ তদুপৰি প্ৰচণ্ড ধুমুহা বতাহে কোকৰাঝাৰ চহৰৰ সমীপৱৰ্তী মোকৰাপাৰাৰ ইন্দিৰা কলনীৰ বাসিন্দা ৰফিকুল শ্বেখৰ লগতে ইন্দিৰা কলনীৰ প্ৰায় ত্ৰিশটা পৰিয়ালৰ ক্ষতিসাধন কৰে৷ উল্লেখ্য যে বৰদৈচিলা,ধুমুহা, বৰষূণ আৰু শিলাবৃষ্টিৰ ফলত ঠায়ে ঠায়ে গছ-গছনি উভালি পৰাত জিলা খনৰ বিভিন্ন অঞ্চলত বিগত দুদিন ধৰি বিদু্যত সেৱা ব্যাহত হৈ আছে উল্লেখযোগ্য যে বিগত প্ৰায় এপষেক কালৰ ওপৰত কোকৰাঝাৰ জিলাত বৰষুণ অব্যাহত আছে৷ যাৰ ফলত সাধাৰণ মানুহৰ জীৱন যাত্ৰা ব্যাহত হৈ পৰিছে৷

ব’হাগৰ প্ৰথম দিনটোৰ নিশা ৮.৩০ বজাত হঠাতে অহা ধুমুহা বতাহ বৰষুণত মাজবাট অঞ্চলত গছ -গছনি উভালি যোৱাত বহু গৃহস্থৰ ঘৰ -দুৱাৰ ভাঙি যায়৷ গছ -গছনিসমূহ উভালি বিদু্যৎ পৰিবাহী তাঁৰৰ ওপৰত পৰাত ৰৌতা -মাজবাট বিদু্ৎ সংযোগ বিচ্ছিন্ন হৈ পৰিছে৷ মাজবাট বৈদু্যতিক উপসংমণ্ডলে যুদ্ধ কালীন প্ৰচেষ্টাৰে কাম কৰিছে৷ যাতে অতি সোনকালে বিদু্ৎ সংযোগ দিব পাৰি৷ মাজবাট,ওৰাং,লামাবাৰী,ধনশ্ৰী,বেতেলী,বেতিবাৰী,বাহিপুখুৰী আদি চাহবাগিছাৰ গছ- গছনি সমূহ উভালি চাহ গছৰ ওপৰত পৰি চাহ গছ সমূহ নষ্ট কৰি পেলায়৷ ওৰাং- ৰূপা পথৰ ওপৰতো গছ-গছনি উভালি পৰি যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰে৷ দক্ষিণ খৰামখা গাঁৱৰ নিৱাসী লোহিত দাস,ফুলগুৰি গাঁৱৰ নিৱাসী পাণ্ডৱ ৰাভাৰ সমন্বিত অঞ্চলটোৰ বহু লোকৰ  গৃহৰ ওপৰত গছ পৰি গৃহসমূহ ভাঙি পেলায়৷ আনহাতে গৰু বিহুৰ দিনাখন নিশা ১০ বজাত বজ্ৰ পৰি যজ্ঞপুৰ ভিচিডিচিৰ ২ নম্বৰ কাদাবিল গাঁৱৰ নিৱাসী লক্ষ্মী শৰ্মাৰ গোহালীৰ তিনিটা পশুধনৰ মৃত্যু হয়৷ তাৰে দুজনী গাই গৰু আৰু এটা হালোৱা গৰু৷