Logo
image

জিএমচিএইচৰ পৰা চুৰি হৈ গ’ল শিশু,৪ দিনেও শুংসূত্ৰ নাই

হায় নিৰাপত্তা

আমাৰ অসম,১৬ এপ্ৰিলঃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা এটি জ্জ মহীয়া শিশু অন্তৰ্ধান হোৱাৰ তথ্য পোহৰলৈ অহাত চাঞ্চল্যৰ সৃষ্টি হৈছে৷ বিগত ১৩ এপ্ৰিলৰ কাহিলি পুৱাৰে পৰা সন্ধানহীন হৈ থকা শিশুটি বিগত ৪ দিনেও কোনো সন্ধান পোৱা নাই৷ পিতৃ-মাতৃৰ কোলাৰ পৰাই এগৰাকী মহিলাই নিচুকোৱাৰ চলেৰে শিশুটিক লৈ অন্তৰ্ধান হৈ আছে শিশুসহ ৰহস্যময়ী মহিলাগৰাকী৷ স্বাভাৱিকতেই জি এম চি এইছত কণমানিটি কোনো শিশু চুৰি চক্ৰৰ কবলত পৰিল  বুলিও আশংকা কৰা হৈছে৷ কামৰূপ জিলাৰ হাজোৰ কলিতাকুছিৰ নৱ কলিতা আৰু বিজু কলিতাৰ সাত মহীয়া সন্তান প্ৰিয়ম কলিতা ৰহস্যজনকভাৱে জি এম চি এইচৰ পৰা সন্ধানহীন হোৱাৰ খবৰে এতিয়া কলিতাকুছিৰ সমগ্ৰ গাঁওখনকে উদ্বিগ্ন কৰি তুলিছে৷ এই ঘটনাৰ বাবেই গাঁওবাসীয়ে এইবাৰ বিহু পালনৰ পৰাও বিৰত থকা দেখা গৈছে৷ ইপিনে শিশু চুৰি ঘটনা পোহৰলৈ অহাৰ পাছতেই জি এম চি এইচ কতৃৰ্পক্ষই ভঙাগড় থানাত এজাহাৰ দাখিল কৰিছে৷ চিচিটিভি ফুটেজত ১৩ এপ্ৰিলৰ কাহিলি পুৱা এগৰাকী মাস্ক পৰিহিত মহিলাই শিশুটিক কান্ধত লৈ নিৰ্বিঘ্নে বাহিৰলৈ ওলাই যোৱা পৰিলক্ষিত হৈছে৷ তৎসত্বেও আৰক্ষীয়ে মহিলাগৰাকীৰ পৰিচয় উদ্‌ঘাটন কৰিবলৈ সক্ষম হোৱা নাই৷ উল্লেখ্য, কিড্‌নীজনিত ৰোগত আক্ৰান্ত শিশুটি জি এম চি এইচৰ শিশু ৱাৰ্ডত ভৰ্তি হৈ আছিল৷ ৱাৰ্ডতে ৰহস্যময়ী মহিলাগৰাকীৰ সৈতে চকুৰ চিনাকী হৈছিল নৱ কলিতা আৰু বিজু কলিতাৰ৷ সেই চিনাকীৰ সূত্ৰেই ১৩ এপ্ৰিলৰ পুৱতি নিশা শিশুটিক অভিভাৱকৰ কোলাৰ পৰা লৈছিল মহিলাগৰাকীয়ে৷ কিন্তু পিতৃ-মাতৃৰ টোপনিৰ সুযোগত শিশুটিক লৈ জি এম চি এইচৰ পৰা উধাও হৈছিল মহিলাগৰাকী৷ পুৱা প্ৰায় ৫ বজাত ৱাৰ্ডত শিশুটিক দেখা নাপাই হাহাকাৰ লাগে পিতৃ-মাতৃৰ৷ ইতিমধ্যে জি এম চি এইচ কতৃৰ্পক্ষই শিশু চুৰি ঘটনাৰ চিচিটিভি ফুটেজ ৰাজহুৱা কৰিছে যদিও জি এম চি এইচৰ অধ্যক্ষ ডাঃ অচ্যুৎ বৈশ্যই ৱাৰ্ডৰ পৰা শিশুটি সন্ধানহীন হোৱা ঘটনাত শিশুটিৰ পিতৃ নৱ কলিতা জড়িত থকাৰ সন্দেহ কৰিছে৷ সন্তান সন্ধানহীন ঘটনাত পিতৃৰ ৰহস্যজনক ভূমিকাৰ বাবেই নৱ কলিতাক সোধা-পোছা কৰাৰ বাবেও আৰক্ষীক আহ্বান জনাইছে অধ্যক্ষ ডাঃ বৈশ্যই৷ এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত জি এম চি এইচৰ অধ্যক্ষ ডাঃ অচ্যুৎ বৈশ্যই কয়–‘গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল সম্পূৰ্ণ সুৰক্ষিত৷ হাস্পতালত নিজা সুৰক্ষা কৰ্মীও আছে৷ এটা কেঁচুৱা যেতিয়া কোনোবাই কোলাত লৈ যাব, সুৰক্ষাকৰ্মীয়ে তেনে ব্যক্তিক কেনেকৈ চকু দিব? কিন্তু পৰিয়ালটোৰ ক্ষেত্ৰত চালে দেখা যায়– কেঁচুৱা এটা থকাৰ পাছতো মাক শুই গৈছে আৰু দেউতাকো শুই গৈছে৷ এই ক্ষেত্ৰত মই ভাবো কেঁচুৱাটোৰ দেউতাকক আৰক্ষীয়ে ভালকৈ সোধা-পোছা কৰিব লাগে৷ দেউতাকক সোধা-পোছা কৰিলেই সকলো ওলাই পৰিব৷ এটা শিশু যেতিয়া অস্থিৰ হৈ থাকে,নিজৰ হাতত নোলোৱাকৈ মাক-দেউতাক শুই যোৱাটো সন্দেহজনক৷ মই সেইদিনা কেঁচুৱাটোৰ দেউতাকক সুধিছিলো৷ আপুনি মহিলাগৰাকীক চিনি পাই নেকি? তেতিয়া দেউতাকে কৈছিল যে– মহিলাগৰাকীক তেওঁ ৱাৰ্ডতে দেখি থাকে আৰু কথা বতৰাও পাতিছে৷ সেই চিনাকি সূত্ৰেই শিশুটিক মহিলাগৰাকীক ল’বলৈ দিছিল৷ সেই ক্ষেত্ৰত অচিনাকী এজন ব্যক্তিক কেঁচুৱাটো দি দেউতাক-মাক শুই থকাটো নিশ্চয়কৈ বিচাৰ্যৰ বিষয়৷’অৱশ্যে জি এম চি এইচৰ অধ্যক্ষৰ এই সন্দেহক পোনছাটেই নাকচ কৰিছে প্ৰিয়ক কলিতাৰ পৰিয়ালে৷ এই সন্দৰ্ভত শিশুটিৰ পৰিয়ালৰ লোকে কয়– ‘আমাৰ সন্দেহ হয় এই ঘটনাত জি এম চি এইচৰ কোনো কৰ্মচাৰী জড়িত আছে৷ এদিনীয়া মানুহৰ বাবে শিশু চুৰি কৰি জি এম চি এইচৰ একা-বেকা গেট পাৰ হৈ ওলাই যোৱাটো সম্ভৱ নহয়৷ আনহাতে জি এম চি এইচ কতৃৰ্পক্ষই চিচিটিভি ফুটেজ ৰাজহুৱা কৰাত পলম কিয় কৰিলে?সেয়া সন্দেহজনক৷ কিয়নো লগে লগে সেইদিনাই চিচিটিভি ফুটেজ ৰাজহুৱা কৰা হ’লে মহিলাগৰাকীক নিশ্চয় কৰায়ত্ত কৰিব পাৰিলেহেঁতেন৷ শিশু চুৰি হোৱাৰ পাছত এতিয়া অধ্যক্ষই দায়সৰা মন্তব্য দিলে নহ’ব৷ এই ঘটনাৰ চি আই ডিৰ তদন্ত দাবী জনাইছো৷ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীৰো হস্তক্ষেপ বিচাৰিছো৷’