Logo
image

১০ বছৰত অস্তিত্ব নাইকিয়া হ’ব চৰকাৰী স্কুলৰ, মুখ্যমন্ত্ৰীৰ আশংকা

আমাৰ অসম,১৭ এপ্ৰিলঃ শিক্ষাৰ্থীৰ অভাৱৰ বাবেই ১০ বছৰত ৰাজ্যৰ সকলো চৰকাৰী শিক্ষানুষ্ঠান বন্ধ কৰি শিক্ষকসকলক স্বেচ্ছামূলক অৱসৰ দিবলগীয়া পৰিৱেশৰ সৃষ্টি হোৱাৰ আশংকা কৰিছে খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ চৰকাৰী শিক্ষানুষ্ঠানত শিক্ষক নিযুক্তি প্ৰক্ৰিয়া অব্যাহত থাকিলেও শিক্ষাৰ্থীৰ সংখ্যা ক্ৰমাগতভাৱে হ্ৰাস পোৱা কাৰ্যই মুখ্যমন্ত্ৰীক উদ্বিগ্ন কৰি তুলিছে৷ ৰাজ্যৰ জি ডি পিৰ ৬ শতাংশ শিক্ষাখণ্ডত ব্যয় কৰাৰ কথা উল্লেখ কৰি চৰকাৰী শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰী হ্ৰাস পোৱাৰ বাবে শিক্ষকসকলেই মূলতঃ দায়ী বুলিও মুখ্যমন্ত্ৰীয়ে আক্ষেপ ব্যক্ত কৰিছে৷ যি সময়ত প্ৰাপ্য বিচাৰি একাংশ শিক্ষকে আন্দোলনৰ পথ বাছি লৈছে,ঠিক তেনে সময়তে শিক্ষাৰ্থীৰ অভাৱত চৰকাৰী শিক্ষকক ভিআৰএছ দিব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে৷ শুকুৰবাৰে শিক্ষক নিযুক্তিৰ এখন ৰাজহুৱা সভাত অংশ লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কয়–‘২০১২-১৩ চনত প্ৰথমবাৰৰ বাবে ৰাজ্যত টে’ট শিক্ষকক নিযুক্তি দিছিলো৷ মোৰ মনত আছে ২০১২-১৪ বৰ্ষৰ ভিতৰত সৰ্বমুঠ ৫৩ হাজাৰ শিক্ষকক নিযুক্তি দিছিলো৷ এতিয়া প্ৰশ্ন হয়– ৫৩ হাজাৰ শিক্ষক নিযুক্তি হ’লে শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি পাব নে হ্ৰাস পাব? সকলোৱে ক’ব শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি পাব৷ কিন্তু আপোনালোকে লক্ষ্য কৰিলে দেখা পাব ২০১২-১৩ চনত ৰাজ্যৰ মুঠ শিক্ষাৰ্থীৰ ৮২-৮৪ শতাংশ যদি চৰকাৰী স্কুললৈ গৈছিল,এতিয়া সেই হাৰ ৬৮ শতাংশলৈ নামি আহিছে৷ শিক্ষক নিযুক্তি হৈছে যদিও চৰকাৰী স্কুলৰ পৰা ছাত্ৰ-ছাত্ৰী কমিহে গৈ আছে৷ সৰ্বশিক্ষাৰ সৈতে আলোচনা কৰাত কৈছে যে– শিক্ষাৰ নামত বছৰি ১৮০০ কোটি টকা খৰচ কৰে৷ ৰাজ্য চৰকাৰে ৬ শতাংশ জিডিপি শিক্ষাৰ নামত ব্যয় কৰে৷ অৰ্থাৎ ৫ লাখ কোটি টকা যদি অসমৰ জিডিপি হয়,তাৰে ৩০ হাজাৰ কোটি টকা শিক্ষাখণ্ডত ব্যয় কৰা হয়৷ খৰচ সদায় বৃদ্ধি পাই গৈ আছে,কোনোবাই যদি ডিএ লাগে বুলি কৈছে,আন কোনোবাই আকৌ দৰমহা বৃদ্ধিৰ দাবী জনাইছে৷ প্ৰশ্নটো হৈছে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা স্কুলৰ পৰা কিয় কমি কমি গৈ আছে? ইয়াৰ বাবে কোন দায়ী হ’ব? ইয়াৰ কোনো দায়িত্ব ল’ব? আজি যদি মই মুখ্যমন্ত্ৰী হয়– মোৰ দিনত ৰাস্তা নহয়,হাস্পতালত ঔষধ নাপায়,স্কুল-কলেজত পঢ়াৰ ব্যৱস্থা নাপায় তাৰ বাবে ৰাইজে মোক দায়ী কৰিব৷ কিন্তু স্কুলত যদি ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কমি গৈ থাকে,তেনেহ’লে কাক দায়ী কৰা হ’ব? চৰকাৰে শিক্ষকসকলক সকলো দিব৷ চৰকাৰক আমি একো ঘূৰাই দিব নালাগে,কিন্তু আমি সমাজখনক ঘূৰাই দিব লাগিব৷ সৰ্বশিক্ষাৰ লগত আলোচনা কৰোতে জানিব পাৰিছো যি হাৰত চৰকাৰী স্কুলত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কমিছে,এনেকৈ যদি আৰু ১০ বছৰলৈ কমি যায়,তেনেহ’লে ১০ বছৰ সম্পূৰ্ণ হোৱা দিনটোতে অসমৰ সকলো শিক্ষককে ভিআৰএছ [স্বেচ্ছামূলক অৱসৰ]ত পঠাই দিব লাগিব৷ কিয়নো স্কুলত পঢ়াবলৈ ল’ৰা-ছোৱালীয়েই নাথাকিব৷ এতিয়া শিক্ষানুষ্ঠানসমূহৰ একত্ৰীকৰণ চলি আছে৷ একত্ৰীকৰণৰ পাছতো যদি ছাত্ৰ-ছাত্ৰী স্কুলত নাথাকিব৷ তেনেহ’লে শেষ বিকল্প কি হ’ব? গুৱাহাটী মহানগৰীত আজি এনেকুৱা অৱস্থা পাইছেগৈ যে প্ৰায় কেইখন চৰকাৰী স্কুল বন্ধ কৰি দিব পাৰি৷ কিয়নো তাতে শিক্ষাৰ্থীৰ সংখ্যা সাংঘাটিকভাৱে কমি কমি আহি আছে৷’অৱশ্যে মুখ্যমন্ত্ৰীৰ এই বক্তব্যৰ সন্দৰ্ভত প্ৰাথমিক শিক্ষক সন্মিলনীৰ পৰা আৰম্ভ কৰি কলেজ শিক্ষক সন্থালৈ কোনো এটা সংগঠনৰ নেতৃত্বই অজ্ঞাত কাৰণত প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ পৰা বিৰত থকাহে দেখা গৈছে৷