Logo
image

বিটিআৰত অশান্তি,ঘৰতে বৃদ্ধক গুলীৰে থকাসৰকা

আমাৰ অসম,১৭ এপ্ৰিলঃ বিটিআৰ উগ্ৰপন্থী মুক্ত বুলি চৰকাৰীভাৱে দাবী কৰি অহা সময়তে কোকৰাঝাৰ জিলাত অচিনাক্ত অস্ত্ৰ ধাৰীৰ আক্ৰমণত এগৰাকী বয়োজে্যষ্ঠ ব্যক্তিৰ ঘটনাস্থলীত মৃত্যু হোৱাৰ লগতে এগৰাকী আহত হয়৷ জানিব পৰা মতে দুষ্কৃতিকাৰীৰ গুলীত নিহত হোৱা ব্যক্তি গৰাকী জিলাখনৰ পৰ্বতঝৰা মহকুমাৰ কাজিগাঁৱ থানাৰ কচুডলা গাঁৱৰ বেণু চৰণ ৰাভা[৬০]আৰু আহত যুৱক গৰাকী নিহত বেণু চৰণ ৰাভাৰ পুত্ৰ হৰিজ্যোতি ৰাভা৷ ঘটনাৰ বিৱৰণী মতে কালি বছৰ টোৰ প্ৰথম দিনটোত নিশা প্ৰায় ১০.৪০ বজাত তেওঁৰ ঘৰতেই অচিনাক্ত দুৰ্বত্তই গুলীওৱাৰ ফলত পিতৃ নিহত হোৱাৰ লগতে পুত্ৰ গুলীবিদ্ধ হৈ আহত হয়৷  ইফালে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে ৰঙালী বিহুৰ দিনটোত এনেদৰে আক্ৰমণৰ ঘটনা সংঘটিত হোৱা কাৰ্য দূৰ্ভাগ্যজনক বুলি অভিহিত কৰে৷ তেওঁ কচুডলাৰ হত্যাকাণ্ডৰ স’তে জড়িত দোষী সকলৰ বিৰুদ্বে কঠোৰ ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰাৰ লগতে আৰক্ষীকো কঠোৰ স্থিতি লবলৈ আহ্বান জনায়৷  তদুপৰি আজি পুৱা কচুডলাত উপস্থিত হৈ বিটিচিৰ কাৰ্যবাহী সদস্য ৰেৱৰেৱা নাৰ্জীহাৰীয়ে পৰিয়ালটোৰ খা-খৱৰ লয় সমবেদনা জ্ঞাপন কৰে৷ কচুডলাৰ পৰা উভতি আহি কোকৰাঝাৰত কাৰ্যবাহী সদস্য নাৰ্জীহাৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে হত্যাকাণ্ডৰ স’তে কোনো সংগঠন জড়িত থকাৰ সন্দেহ পোৱা নাই৷ গতিকে ই কোনো ব্যক্তিগত আক্ষেপৰ ঘটনা বুলি সন্দেহ প্ৰকাশ কৰে৷  আনহাতে তেওঁ উক্ত হত্যাকাণ্ড ব্যক্তিগত শত্ৰুতা নাইবা ধনদাবীকেন্দ্ৰিক হ’ব পাৰে বুলি ধাৰণা কৰিছে৷ কিয়নো নিহত বেণু চন্দ্ৰ ৰাভা এগৰাকী ৰবৰ খেতিয়ক আছিল৷ দোষী হত্যাকাৰীক অতি শীঘ্ৰে কৰায়ত্তৰ দাবী জনায়৷ ৰঙালী বিহুৰ আনন্দ-উল্লাসৰ মাজতে কোকৰাঝাৰ জিলাত সংঘটিত হয় এই গুলীৰ ঘটনাই স্থানীয় ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰিছে৷