Logo
image

কেন্সাৰৰ পৰা হাত সাৰিবলৈ খাওক এইকেইবিধ খাদ্য

আমাৰ অসম, ২২ছেপ্টেম্বৰঃ দ্ৰুতহাৰত বাঢ়িছে কেন্সাৰ আক্ৰান্তৰ সংখ্যা৷ এনে পৰিস্থিতিত জনসজাগতা সৃষ্টি কৰাটো অত্যন্ত প্ৰয়োজনীয় বিষয়৷ খাদ্যভাসৰ জৰিয়তেও কেন্সাৰ ৰোগ প্ৰতিৰোধ কৰিব পাৰি৷ গৱেষকসকলে আগবঢ়োৱা তথ্য মতে নিয়মীয়াকৈ কেইবিধমান দ্ৰব্য খাদ্য তালিকাত সংযোগ কৰিলে কেন্সাৰ ৰোগৰ পৰা বহু পৰিমাণে হাত সাৰি থাকিব পাৰি৷ ১. সেউজীয়া চাহঃ গ্ৰীণ টি নিয়মীয়াকৈ খালে লিভাৰ, স্তন, অগ্নাশয়, হাওঁফাওঁ, খাদ্যনলী কেন্সাৰৰ পৰা বহু পৰিমাণে বাছি থাকিব পাৰি৷ গ্ৰীণ টিত থকা এন্টি অক্সিডেণ্ট কেন্সাৰ প্ৰতিৰোধৰ ক্ষেত্ৰত সহায়ক৷ ২. বিলাহীঃ বিলাহীত থকা এন্টি অক্সিডেণ্ট লাইকুপিনে কেন্সাৰৰ বিৰুদ্ধে যুঁজ দিব পাৰে৷ বিলাহীত থকা ভিটামিন ‘চি’ৰ বাবে পষ্টেট আৰু হাওঁফাওঁ কেন্সাৰত আক্ৰান্ত হোৱাৰ পৰা ১৮ণ পৰ্যন্ত বাচি থাকিব পাৰে৷ ৩. শাক-পাচলিঃ বিভিন্ন ধৰণৰ ফল, শাক-পাচলিত থকা প্ৰচুৰ পুষ্টিয়ে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷ নিয়মীয়াকৈ বিভিন্ন ফল, শাক-পাচলি খাদ্য তালিকাতা থাকিলে কেন্সাৰৰ পৰা হাত সাৰিব পাৰি৷৪. পিঁয়াজ-নহৰুঃ নহৰুৱে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাৰ দৰে কেন্সাৰ প্ৰতিৰোধতো সহায় কৰে৷ নহৰু নিয়মীয়াকৈ খালে টিউমাৰ জাতীয় মাৰাত্মক ৰোগৰ পৰা বাচি থাকিব পাৰে৷৫. আদাঃ কেন্সাৰ প্ৰতিৰোধত আদাৰ আছে গুৰুত্বপূৰ্ণ ভূমিকা৷ আদা নিয়মীয়াকৈ খালে কেন্সাৰ কোষ সৃষ্টি হ’ব নোৱাৰে৷৬. আঙুৰঃ আঙুৰ নিয়মীয়াকৈ খালে  কেন্সাৰৰ পৰা বহুখিনি বাচি থাকিব পৰা যায়৷ আঙুৰত থকা পলিফেনল নামৰ ৰসায়নে কেন্সাৰৰ দৰে মাৰাত্মক ৰোগক প্ৰত্যাহবান জনাব পাৰে৷ আঙুৰৰ গুটিত মাত্ৰাধিক এণ্টি অক্সিডেণ্ট থাকে৷ যাৰ বাবে আঙুৰ নিয়মীয়াকৈ খালে কেন্সাৰৰ দৰে মাৰাত্মক ৰোগ প্ৰতিৰোধ কৰিব পৰাকৈ শৰীৰ সৱল হৈ উঠে৷