Logo
image

পৌৰ নিৰ্বাচন, আৰক্ষী সাজু ভোটাৰক ভাবুকিৰ অভিযোগ

আমাৰ অসম,১৭ এপ্ৰিলঃ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সাজু হৈ উঠিছে কামৰূপ মহানগৰ জিলা আৰক্ষী প্ৰশাসন৷ সু-শৃংখল আৰু শান্তিপূৰ্ণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ স্বাৰ্থত আৰক্ষী প্ৰশাসনে কেইবা তৰপীয়া নিৰাপত্তা বেষ্টনীৰ ব্যৱস্থা কৰিছে৷ এই উদ্দেশ্যে আজি গুৱাহাটী কমাৰ্চ কলেজত পৌৰ নিগম এলেকাৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহত নিয়োজিত আৰক্ষীসকলক প্ৰশিক্ষণ প্ৰদান কৰা হয়৷ উল্লেখ্য,প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত নিৰ্দিষ্ট সংখ্যক নিৰাপত্তাৰক্ষী নিয়োগ কৰাৰ লগতে ৭৪জন ছেক্টৰ অফিচাৰ আৰু ৮জন জ’নেল অফিচাৰ নিয়োগ কৰা হৈছে৷ ছেক্টৰ পৰ্যায়ত আৰক্ষী উপ-পৰিদৰ্শক নিয়োগ কৰাৰ বিপৰীতে সৰ্বমুঠ ৮টা জ’নৰ প্ৰতিটো জ’ন একোগৰাকী উপ-আৰক্ষী অধীক্ষকৰ তত্ত্বাৱধানত থাকিব৷ আনহাতে ছেক্টৰ অফিচাৰসমূহৰ লগত থাকিব নিৰ্দিষ্ট সংখ্যক নিৰাপত্তাৰক্ষী৷ ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ পৰিৱেশ-পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি স্পৰ্শকাতৰ বিবেচিত ভোটগ্ৰহণ কেন্দ্ৰসমূহত অধিক সশস্ত্ৰ আৰক্ষীৰ লোক নিয়োগ কৰা হ’ব৷ আজি গুৱাহাটী কমাৰ্চ কলেজত আৰক্ষী আৰু ভোটগ্ৰহণত নিয়োজিত বিষয়া-বৰ্গৰ ‘গ্ৰুপিং’কৰাৰ পিছত অহা ১৮ এপ্ৰিল তাৰিখে অনুষ্ঠিত হ’ব আৰক্ষীৰ দ্বিতীয় তথা শেষ প্ৰশিক্ষণ প্ৰদান কাৰ্যসূচী৷ আনহাতে যিকোনো সময়ত আৰক্ষীৰ সাহায্যৰ বাবে খোলা ৰখা হৈছে হেল্প লাইন নম্বৰ৷ এইক্ষেত্ৰত প্ৰয়োজন হ’লে ১০০ অথবা ১১২ নম্বৰত ডায়েল কৰিবলৈ ৰাইজলৈ আহ৩ান জনাইছে আৰক্ষী প্ৰশাসনে৷ ইপিনে,গুৱাহাটী কমাৰ্চ কলেজত আজি পৌৰ নিগমৰ নিৰ্বাচনত নিয়োজিত ৮৩৫ গৰাকী প্ৰিজাইডিং বিষয়া আৰু ২৫০৫ গৰাকী প’লিং বিষয়াৰো ‘গ্ৰুপিং’সম্পন্ন কৰা হয়৷ ইফালে,গুৱাহাটী পৌৰ নিগমৰ ৫২নং ৱাৰ্ডৰ এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰ সমৰ্থক অঞ্জনা ৰংপি নামৰ মহিলাগৰাকীক এজন অচিনাক্ত লোকে ফোনযোগে ভাবুকি দিয়া ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ৷ এই ঘটনা সন্দৰ্ভত শুকুৰবাৰে মহানগৰীৰ মঠঘৰীয়াস্থিত নুনমাটি ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষ তথা প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ মনজিৎ মহন্তই কয় যে,এইবাৰ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত শাসক দলৰ প্ৰাৰ্থীক জয়ী কৰাৰ স্বাৰ্থত একাংশ বিজেপি নেতা-কৰ্মীয়ে ধনবল,বাহু বলৰ আশ্ৰয় লৈছে৷ আনকি বিৰোধী দলৰ প্ৰাৰ্থীৰ সমৰ্থকক পৌৰ নিগমৰ নিৰ্বাচনত বিজেপিৰ হৈ সহযোগিতা নকৰিলে চৰকাৰৰ পৰা লাভ কৰা বিভিন্ন আঁচনি কৰ্তন কৰাৰো ভাবুকি প্ৰদান কৰিছে বুলি মনজিৎ মহন্তই মন্তব্য কৰে৷ গুৱাহাটী পৌৰ নিগমৰ ৫২ নং ৱাৰ্ডতো অনুৰূপ ঘটনা সংঘটিত হোৱাৰ অভিযোগ তোলে কংগ্ৰেছ নেতা মনজিৎ মহন্তই৷ সংবাদ মাধ্যমৰ আগত কংগ্ৰেছ নেতাগৰাকীয়ে কয়,৫২ নং ৱাৰ্ডৰ লক্ষ্মী মুছাহাৰী নামৰ নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ এগৰাকী মহিলা সমৰ্থকক চৰকাৰৰ অনুগ্ৰহত পাই থকা অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তনৰ ভাবুকি প্ৰদান কৰিছে এগৰাকী বিজেপি নেতাই৷ বিজেপিৰ এগৰাকী প্ৰভাৰীয়ে বিৰোধী দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰত নমা বাবেই অৰুনোদয় আঁচনিৰ পৰা মহিলাগৰাকীৰ নাম কৰ্তনৰ ভাবুকি প্ৰদান কৰাৰ অভিযোগ তোলে৷ সংবাদ মাধ্যমৰ আগত কংগ্ৰেছৰ মনজিৎ মহন্তই বিজেপি নেতাগৰাকীয়ে মহিলাগৰাকীক ফোনযোগে ভাবুকি প্ৰদান কৰা অডিঅ’ ক্লিপ শুনায়৷ ভুক্তভোগী মহিলাগৰাকীয়ে লগতে কয় যে,বিজেপিয়ে বিৰোধী প্ৰাৰ্থীৰ ওপৰত চাপ সৃষ্টি কৰাৰ বাবে বিৰোধী দলৰ কাৰ্যালয় ভঙা,ভাবুকি প্ৰদান কৰা আদি বিভিন্ন পন্থা অৱলম্বন কৰিছে৷ অথচ গোচৰ দিলেও বিজেপিৰ বিৰুদ্ধে গোচৰ নলয় আৰক্ষীয়ে৷ এই ক্ষেত্ৰত ৰিটাৰ্ণিং অফিচাৰৰ দায়িত্বত থকা গুৱাহাটীৰ উপায়ুক্তই ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায়৷ নিৰ্বাচন আয়োগে নিৰপেক্ষ নিৰ্বাচন অনুষ্ঠিত কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ তুলি কংগ্ৰেছ নেতাগৰাকীয়ে পুনৰ কয়,নিৰ্বাচন আয়োগ আৰু ৰিটাৰ্ণিং অফিচাৰে লাজ পাব লাগে৷ কিয়নো প্ৰশাসন চৰকাৰী বিষয়াই নহয়,বিজেপিয়ে চলাই আছে৷ ৰাজ্যিক নিৰ্বাচন আয়োগ আৰু জিলা নিৰ্বাচন বিষয়াৰ ভূমিকাক লৈও সৰৱ হৈ পৰা প্ৰদেশ কংগ্ৰেছৰ নেতা মনজিৎ মহন্তই সুস্থ গণতন্ত্ৰ প্ৰতিষ্ঠাৰ নামত বিজেপি দলৰ একাংশ নেতা-কৰ্মীয়ে কৰা এনে কাৰ্যৰ বিৰুদ্ধে নিৰ্বাচনী বিষয়াই বিধিগতভাৱে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়৷