Logo
image

এইবোৰ সমস্যা থাকিলে অমিতা নাখাব

অমিতা স্বাস্থ্যৰ পক্ষে খুবেই উপকাৰী৷ ওজন কমোৱা বা লিভাৰ ভালে ৰখাৰ ক্ষেত্ৰত চিকিৎসকে অমিতা খাবলৈ পৰামৰ্শ দিয়ে৷ কিছুমান ৰোগৰ ক্ষেত্ৰত অমিতা হানিকাৰক৷ বিশেষকৈ পুৰণি অসুখ উক দিয়াত সহায় কৰে অমিতাই৷ এনেক্ষেত্ৰত যিসকলৰ হৃদস্পন্দন অনিয়মীয়া,তেওঁলোকে অমিতা খোৱাটো একেবাৰেই উচিত নহয়৷ অমিতাই হৃদৰোগৰ আশংকা বৃদ্ধি কৰে৷

তেজত শৰ্কৰা নিয়ন্ত্ৰণত সহায় কৰে অমিতাই৷ কিন্তু যিসকলৰ হাইপ’গ্লাইছ’মিয়াৰ সমস্যা আছে অৰ্থাৎ তেজত শৰ্কৰাৰ মাত্ৰা কম,তেওঁলোকে অমিতা খোৱাৰ পৰা বিৰত থাকক৷ অমিতাত এণ্টিহাইপ’গ্লাইছ’মিক বা গ্লুক’জ হ্ৰাস কৰাৰ উপাদান থাকে৷ 

গৰ্ভৱৰ্তী মহিলাসকলে অমিতা খোৱাটো একেবাৰেই উচিত নহয়৷ অমিতাত থকা লেটেক্স আৰু পেপেইন নামৰ উপাদানে জৰায়ু সংকুচিত কৰে৷ সেয়ে গৰ্ভৱতী অৱস্থাত অমিতা নোখোৱাই ভাল৷ 

কিডনীত পাথৰ থাকিলেও অমিতা নাখাব৷ কাৰণ অমিতাত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে৷ ভিটামিন চিৰ অত্যধিক গ্ৰহণে কিডনীত পাথৰ সৃষ্টি কৰাত সহায় কৰে৷