Logo
image

কংগ্ৰেছ এৰি মা-মাটি-মানুহত মিলি গ’ল সপত্নীক ৰিপুণ বৰা

আমাৰ অসম,১৮ এপ্ৰিলঃ চিৰজীৱন কংগ্ৰেছী হৈ থাকিম বুলি ৰাজহুৱাভাৱে ঘোষণা কৰা ৰিপুণ বৰাই বৰণ সলালে৷ কংগ্ৰেছ এৰি মা,মাটি মানুহত মিলি গ’ল সপত্নীক ৰিপুণ বৰা৷ অসম কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা সদ্য প্ৰাক্তন সাংসদ ৰিপুণ বৰাই দেওবাৰে যোগদান কৰে বংগকন্যা মমতা বেনাৰ্জীৰ নেতৃত্বাধীন তৃণমূল কংগ্ৰেছত৷ অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক, সাংসদ তথা উত্তৰ-পূৰ্বাঞ্চলৰ তত্বাৱধায়ক অভিষেক বেনাৰ্জীৰ উপস্থিতিত দেওবাৰে কলকাতাত দলটোত যোগদান কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাজনে৷ ৰিপুণ বৰাৰ লগতে পত্নী মণিকা বৰাইও তৃণমূল কংগ্ৰেছত যোগদান কৰে৷ তৃণমূল কংগ্ৰেছত যোগদানৰ পূৰ্বে ৰিপুণ বৰাই কংগ্ৰেছৰ হাইকামাণ্ড ছোনিয়া গান্ধীলৈ এখন দীঘলীয়া পদত্যাগ পত্ৰত প্ৰদেশ কংগ্ৰেছৰ ভিতৰচ’ৰাত চলা কুটিল ৰাজনীতিত চাঞ্চল্যকৰ অভিযোগ অনা কাৰ্যই সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ সাংসদ অভিষেক বেনাৰ্জীৰ উপস্থিতিত তৃণমূলত যোগদান কৰা ৰিপুণ বৰাই তৃণমূলৰ নেত্ৰী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীকো সাক্ষাৎ কৰাৰ বাবে কলকতাতে বাহৰ পাতি থকা বুলি জানিব পৰা গৈছে৷ কিন্তু জ্যেষ্ঠ কংগ্ৰেছী নেতা তথা সৌ সিদিনালৈকে কংগ্ৰেছক অসমত নেতৃত্ব দিয়া ৰিপুণ বৰাই তৃণমূল কংগ্ৰেছত যোগদানৰ সিদ্ধান্ত কিয় ল’লে এই লৈ এতিয়া চৰ্চা আৰম্ভ হৈছে৷ সদ্য সমাপ্ত ৰাজ্যসভা নিৰ্বাচনত পৰাজয়ৰ পাছতেই ৰিপুণ বৰাই ৰাজনৈতিক ভৱিষ্যতক লৈ দুঃচিন্তাত আছিল৷ বৰাই আনকি কংগ্ৰেছ দলে অসমত সহজতে ক্ষমতালৈ অহাৰ কোনো সম্ভাৱনা দেখা পোৱা নাছিল৷ তদুপৰি ৰাজ্যসভাৰ নিৰ্বাচনত সতীৰ্থ বিধায়ক তথা মিত্ৰ দলে কৰা বিশ্বাসঘাটকতাক লৈও ভিতৰি ভিতৰি ক্ষুব্ধ হৈ আছিল ৰাজ্যসভাৰ প্ৰাক্তন সংসদজনে৷ আনকি ৰাজ্যসভাৰ নিৰ্বাচনৰ পাছতেই কংগ্ৰেছৰ এজন শীৰ্ষ নেতাই ৰিপুণ বৰাই এ আই ইউ ডি এফক ভোটৰ বাবে ধনৰ টোপোলা দিয়া বুলি অভিযোগ অনাত মানসিকভাৱে ভাগি পৰাও দেখা গৈছিল৷ কিন্তু ইয়াৰ মাজতে ৰিপুণ বৰালৈ প্ৰস্তাৱ আহিল তৃণমূল কংগ্ৰেছত যোগদানৰ৷ তৃণমূল কংগ্ৰেছত যোগদান কৰিলে দলটোৰ হৈ ৰাজ্যসভালৈ মনোনীত কৰাত প্ৰস্তাৱ দিয়া হ’ল বৰাক৷ আগন্তুক ২৩ আগষ্টত পশ্চিমবংগত খালী হ’বলগীয়া ৰাজ্যসভাৰ ৬খন আসনৰ যিকোনো এখনতে জয়ী কৰি নিয়াৰো প্ৰতিশ্ৰুতি দিয়া হ’ল৷ তদুপৰি ৰিপুণ বৰাই তৃণমূল কংগ্ৰেছত যোগদান কৰিলে অনাগত দিনত অসমত তৃণমূল কংগ্ৰেছৰ ভেটি স্থাপন কৰিবলৈ নেতৃত্ব লোৱাৰো প্ৰস্তাৱ দিলে৷ অৱশ্যে, কংগ্ৰেছৰ পৰা ইতিপূৰ্বে সাংসদ সুস্মিতা দেৱে তৃণমূল কংগ্ৰেছত যোগদান কৰি ত্ৰিপুৰা আৰু বৰাকৰ দায়িত্ব পালন কৰিছে যদিও নেত্ৰীগৰাকীৰ ব্ৰহ্মপুত্ৰ উপত্যকাত বিশেষ কোনো প্ৰভাৱ নাই৷ যাৰ বাবে মমতা বেনাৰ্জীয়ে অসমত নেতৃত্ব দিয়াৰ বাবে চিনাকী মুখৰ হিন্দু অসমীয়া এজন প্ৰভাৱশালী নেতাৰ সন্ধানত আছিল৷ সেই সূত্ৰেই ৰিপুণ বৰাক তৃণমূল কংগ্ৰেছলৈ আদৰি ল’লে মমতা বেনাৰ্জীয়ে৷ লক্ষণীয় বিষয়টো হৈছে– উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়কৰ দায়িত্বত থকা অভিষেক বেনাৰ্জীয়ে কেৱল যে ৰিপুণ বৰাকে টোপ দিছিল এনে নহয়৷ ইয়াৰ পূৰ্বে বিধায়ক দেৱব্ৰত শইকীয়া,সাংসদ প্ৰদ্যুৎ বৰদলৈকে ধৰি একাধিক শীৰ্ষ কংগ্ৰেছ নেতাৰ সৈতেও যোগাযোগ কৰিছিল৷ কিন্তু সাংসদ প্ৰদ্যুৎ বৰদলৈ বা বিধায়ক দেৱব্ৰত শইকীয়াই বৰ্তমান ক্ষমতাত থকাৰ পাছত পুনৰবাৰ উপ-নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কোনো ‘ৰিস্ক’ল’ব নিবিচাৰিলে৷ অৱশ্যে,ইয়াৰ পূৰ্বে তৃণমূল কংগ্ৰেছৰ নেতৃত্বৰ সৈতে যোগদানৰ বাবে যোগাযোগ কৰিছিল কিৰিপ চলিহা, দ্বিজেন শৰ্মাৰ দৰে নেতাই৷ কিন্তু এইসকল নেতা অসমক নেতৃত্ব দিয়াৰ সামৰ্থক লৈ আশ্বস্ত হ’ব পৰা নাছিল তৃণমূলৰ নেতৃত্বই৷ আশ্বৰ্যজনক বিষয়টো হৈছে,ৰিপুণ বৰাৰ দৰে শীৰ্ষ নেতাজনে কংগ্ৰেছ ত্যাগ কৰাৰ পাছতো কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বটো বাদেই খোদ ৰাজ্যিক নেতৃত্বইও গুৰুত্ব বুজি উঠা দেখা নগ’ল৷ অথচ ৰিপুণ বৰাই কংগ্ৰেছৰ ভিতৰচ’ৰাত চলা কুটিল ৰাজনীতিৰ বিস্ফোৰক অভিযোগ আনিছে পদত্যাগ পত্ৰখনত৷ ছোনিয়া গান্ধীলৈ প্ৰেৰণ কৰা পত্ৰখনত ৰিপুণ বৰাই অভিযোগ কৰিছে যে– বৰ্তমানৰ প্ৰদেশ কংগ্ৰেছৰ একাংশ জ্যেষ্ঠ নেতাৰ বিজেপি তথা মুখ্যমন্ত্ৰীৰ সৈতে গোপন মিতিৰালি আছে৷ বিজেপি নেতৃত্বৰ সৈতে থকা গোপন মিতিৰালিৰ বাবেই সদ্যসমাপ্ত ৰাজ্যসভাৰ নিৰ্বাচনত পৰাজয়বৰণ কৰা বুলিও বিস্ফোৰক অভিযোগ কৰিছে ৰিপুণ বৰাই৷ পদত্যাগ পত্ৰখনত ৰিপুণ বৰাই উল্লেখ কৰিছে এইদৰে– ‘বৰ বেজাৰেৰে আপোনাক জনাব খোজো যে বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়াৰ সলনি অসম প্ৰদেশ কংগ্ৰেছৰ সবাতোকৈ জ্যেষ্ঠ একাংশ নেতাই বিজেপি চৰকাৰখন,বিশেষকৈ মুখ্যমন্ত্ৰীৰ সৈতে গোপন বুজাবুজি বৰ্তাই ৰাখিছে৷ ই এক মুকলি সত্য৷’নক’লেও হ’ব যে ছোনীয়া গান্ধীলৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰখনত ৰিপুণ বৰাই ৰাজ্যসভা নিৰ্বাচনত পৰাজয়ৰ আঁৰত প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বক দোষাৰোপ কৰাৰ লগতে কংগ্ৰেছৰে সিন্ধি দিয়া এটা চক্ৰৰ বলি হ’ল৷ লক্ষণীয়ভাৱে ৰিপুণ বৰাই ছ’চিয়েল মিডিয়াৰ একাউণ্টত নিজৰ প্ৰফাইল সলনি কৰি তৃণমূল কংগ্ৰেছৰ মেম্বাৰ বুলি পৰিচয় দিছে৷ তৃণমূল কংগ্ৰেছত যোগদানৰ পিছতেই ৰিপুণ বৰাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে– সুদীৰ্ঘ চল্লিছটা বছৰ কংগ্ৰেছ দলৰ আদৰ্শৰে পৰিচালিত হৈ আজিৰ পৰা এক নতুন ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিবলৈ লৈছোঁ৷ কংগ্ৰেছ দলৰ আদৰ্শৰ প্ৰতি শ্ৰদ্ধাশীল সতীৰ্থসকলক সেৱা আৰু শ্ৰদ্ধা কৰিছোঁ৷