Logo
image

সূচাগ্ৰ মেদিনীও নিদি প্ৰচাৰত নামিল মুখ্যমন্ত্ৰী

প্ৰতি ৱাৰ্ডত ১০ কোটি টকা,দুৰ্নীতি নিষেধ

আমাৰ অসম,১৮ এপ্ৰিলঃ বিৰোধীক সূচাগ্ৰ মেদিনীও নিদি পৌৰ ভোটৰ প্ৰচাৰত নামি পৰিল মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা৷ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনী প্ৰচাৰ অভিযান সামৰণি পৰিবলৈ মাজত তিনিটা দিন বাকী থকা অৱস্থাত দেওবাৰৰ পৰা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰিছে মাৰাথান প্ৰচাৰ৷ অহা দুটা দিনটো মুখ্যমন্ত্ৰীয়ে গুৱাহাটীত দলীয় তথা মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ ধাৰাবাহিকভাৱে চলাব প্ৰচাৰ৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে গুৱাহাটীৰ পূব গুৱাহাটী,পশ্চিম গুৱাহাটী আৰু দিছপুৰ সমষ্টিৰ বিভিন্ন ৱাৰ্ড সামৰি চাৰিখন নিৰ্বাচনী প্ৰচাৰ চলাই ঘোষণা কৰে যে গুৱাহাটীৰ ৬০ টা ৱাৰ্ডৰ পৰিষদসকলে নিজ নিজ ৱাৰ্ডৰ সৰু সৰু ৰাস্তাঘাটৰ উন্নয়ন কৰিবৰ বাবে ১০ কোটিকৈ টকা লাভ কৰিব৷ দুবছৰৰ ভিতৰত গুৱাহাটীৰ ৬০ ৱাৰ্ডৰ বাবে ৬০০ কোটি টকা খৰচ কৰা হ’ব৷ এই ধনেৰে নতুন পথ নিৰ্মাণ কৰাৰ লগতে পুৰণি পথৰ উন্নয়ন কৰা  হ’ব৷ পৰৱৰ্তী চাৰি বছৰত প্ৰতিটো ৱাৰ্ডৰ জনসাধাৰণে এখনকৈ চৰকাৰী চিকিৎসালয় লাভ কৰিব যাতে জনসাধাৰণে নিজা ৱাৰ্ডতে চিকিৎসা লাভ কৰিবলৈ সক্ষম হয়৷ ‘জাইকা’ৰ অধীনত অহা জুলাই মাহৰ পৰা গুৱাহাটীবাসীয়ে নলযোগে অবিৰতভাৱে পানী লাভ কৰিব৷ পৰ্যায়ক্ৰমে জাইকা পানী যোগান প্ৰকল্পৰ জৰিয়তে সমগ্ৰ মহানগৰবাৰীকে পানী যোগানৰ দ্বাৰা সামৰি লোৱা হ’ব৷ প্ৰতিটো সমষ্টিতে ১ হাজাৰ নতুন হিতাধিকাৰ অন্তৰ্ভুক্তিৰে অৰুণোদয় আঁচনিৰ অধীনত নতুনকৈ ৬০ হাজাৰ হিতাধিকাৰীক সামৰি লোৱা হ’ব বুলিও তেওঁ কয়৷ বিদ্যুতৰ বিল পৰিশোধৰ বাবে অৰুণোদয় হিতাধিকাৰীসকলক অতিৰিক্ত ২৫০ টকা দিয়া হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে এই আঁচনিৰ হিতাধিকাৰীসকলে সৰ্বমুঠ ১২৫০ টকাকৈ লাভ কৰিব৷ গুৱাহাটী মহানগৰীত অপৰাধজনিত ঘটনা উল্লেখনীয়ভাৱে হ্ৰাস পাইছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰতিবেদন অনুসৰি যোৱা জানুৱাৰী মাহৰ তুলনাত মহানগৰীত অপৰাধমূলক ঘটনা ৩৯ শতাংশ হ্ৰাস পাইছে৷ মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে বেতকুছিলৈ চৰকাৰী বিভাগসমূহ স্থানান্তৰ কৰিব বিচাৰিছে৷ ইয়াৰ জৰিয়তে খালী হোৱা ঠাইসমূহত শিশুৰ বাবে উদ্যান তথা মহানগৰীবাসীৰ অৱসৰ বিনোদনৰ বাবে সুব্যৱস্থা কৰা হ’ব৷ মুখ্যমন্ত্ৰীয়ে আজি ক্ৰমে গুৱাহাটীৰ নাৰেংগী,চানমাৰি,গান্ধীবস্তি আৰু গণেশপাৰাত চাৰিখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত দলীয় তথা মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ ভোট ভিক্ষা কৰে৷ মুখ্যমন্ত্ৰীয়ে প্ৰথমে নাৰেংগীত এখন নিৰ্বাচনী সভাত বিজেপি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়৷  মুখ্যমন্ত্ৰীয়ে মন্ত্ৰী কেশৱ মহন্ত,সাংসদ কুইন ওজা,বিধায়ক ৰূপক শৰ্মা,সিদ্ধাৰ্থ ভট্টাচাৰ্য,মানৱ ডেকা আৰু ভাস্কৰ শৰ্মাক লগত লৈ গান্ধীবস্তিটো এখন নিৰ্বাচনী সভাত ভাষণ দিয়ে৷ নিৰ্বাচনী সভাত ভাষণ দি মুখ্যমন্ত্ৰীয়ে কয় যে দুৰ্নীতি কৰিবৰ বাবে,ঘোচ খাবৰ বাবে কোনো বিজেপিৰ পাৰিষদ হ’ব নালাগে৷ পাৰিষদৰ ঘৰৰ দুৱাৰ মাজনিশা দুই বজাতো ৰাইজৰ বাবে মুকলি কৰিব লাগিব৷ প্ৰদেশ বিজেপিৰ সূত্ৰই সদৰি কৰা অনুসৰি সোমবাৰে বিয়লি মুখ্যমন্ত্ৰীয়ে ক্ৰমে গাড়ীগাঁও, লুটুমা,খানাপাৰা বিহু ফিল্ড,জ্যোতিনগৰত দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব৷ ১৯ এপ্ৰিল, মঙলবাৰে মুখ্যমন্ত্ৰীয়ে লালগণেশ,ফাঁচিবজাৰ,মালিগাঁও আদিৰ নিৰ্বাচনী প্ৰচাৰ চলাব৷ উল্লেখ্য যে ২২ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ২০ এপ্ৰিলৰ সন্ধিয়া প্ত বজাত নিৰ্বাচনী প্ৰচাৰৰ সামৰণি পৰিব৷ শাসনত থকাৰ পাছতো গুৱাহাটী পৌৰ নিগমৰ ৬০ টা  ৱাৰ্ডৰ কতো সুৰুঙা এৰিব খোজা নাই বিজেপিয়ে৷ সমগ্ৰ শক্তি সামৰ্থৰে নিৰ্বাচনী ৰণত জপিয়াই পৰিছে বিজেপি৷ বিপৰীতে দুৰ্বল আৰু বহুধা বিভক্ত বিৰোধীৰ নাই কোনো সুসংহত ৰণকৌশল৷ ইয়াৰ মাজতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ফটো আৰু ঝাডুলৈ বিজেপিৰে যুঁজিবলৈ সাজু হৈছে একাংশ আম আদমী পাৰ্টীৰ সমৰ্থক৷

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে আম আদমি পাৰ্টীৰ বৰ্ধিত জনপ্ৰিয়তা দেখি শাসকীয় বিজেপিৰ চকুত টোপনি নোহোৱা হৈছে৷ ৰণাংগনত কেবিনেট মন্ত্ৰী পৰ্যন্ত নামি পৰি বিপথে পৰিচালিত কৰাৰ অপচেষ্টা কৰিছে-এই দৰে সং বাদ মাধ্যমক কয় আমি আদমি পাৰ্টী,অসমৰ ৰাজ্যিক সমন্বয়ক ডাঃ ভৱেন চৌধুৰীয়ে৷ তেওঁ সংবাদ মাধ্যমক লগতে কয়-মন্ত্ৰী পীয়ূষ হাজৰিকাই এখন সভাত অংশ গ্ৰহণ কৰি আম আদমি পাৰ্টীক প্ৰত্যাহ্বান জনাবলৈ চেষ্টা কৰা দেখা গৈছে যদিও ভোটাৰে বিজেপিৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ ইতিমধ্যে জানিবলৈ বাকী নাই৷ দশক দশক ধৰি গুৱাহাটীৰ খোৱা পানীৰ সমস্যা,কৃত্ৰিম বানপানী সমস্যাকে ধৰি একো এটা সমস্যা সমাধান কৰিব নোৱাৰা দলটোৱে আম আদমি পাৰ্টীৰ দৰে একমাত্ৰ উন্নয়নৰ ৰাজনীতি কৰা দলৰ উত্থানকলৈ শংকিত হৈ পৰিছে৷ মন্ত্ৰী হাজৰিকাই তেওঁৰ ভাষণত ‘ৰাজ্য’ৰ সলনি‘দেশ’শব্দটো প্ৰয়োগ কৰা কাৰ্য তেওঁৰ জিভা পিচল খোৱা বুলি ধৰি লৈও আম আদমি পাৰ্টীয়ে ক’বলৈ বাধ্য হৈছে যে ভাষণত এনে সাধাৰণ ভুল কৰা এজন বিয়াগোম নেতাৰ বিষয়বস্তুৰ গম্ভীৰতা নথকাটোকে প্ৰতিফলিত কৰিছে৷ এনে দলৰ পৰা জনতাই উন্নয়ন আশাটো বাতুলতা মাত্ৰ৷ দিল্লী চৰকাৰে জনতাক ২০০ ইউনিট বিদু্যৎ মাচুল ৰেহাই দিছে৷ পঞ্জাব চৰকাৰেও ৩০০ ইউনিট পৰ্যন্ত মাচুল ৰেহাই দিছে৷ এক ইউনিটো বিদু্ৎ উৎপাদন নকৰা দিল্লী বা পঞ্জাব চৰকাৰক কিদৰে লাভত ৰাখি এনেদৰে জন উন্নয়ন কৰিব পাৰিছে,সেই বিষয়ে শিকি আহিবলৈ মন্ত্ৰী পীয়ূষ হাজৰিকাক আম আদমি পাৰ্টীয়ে আহ্বান জনাইছো৷ চৰকাৰত যি দলেই নাথাকক,যিকোনো চৰকাৰৰ ভাল পদক্ষেপসমূহ সকলোৱে শিকি অনুকৰণ কৰাৰ এক সুস্থ পৰম্পৰা দেশত সৃষ্টি হ’ব লাগে৷ তেতিয়াহে সমগ্ৰ দেশ সমভাৱে বিকশিত হ’ব৷