Logo
image

নিজে বিপৰ্যস্ত হৈও শিশুৰ উদ্ধাৰত বিধায়ক জলেন

আমাৰ অসম, ১৮ এপ্ৰিলঃ ৰাজ্যত বিভিন্ন প্ৰান্তত বিগত কেইটামান দিনত প্ৰচণ্ড ধুমুহা-বৰষুণে স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত কৰাৰ লগতে খেতিপথাৰ,ঘৰ-দুৱাৰৰ বিস্তৰ ক্ষতিসাধন কৰিছে৷ প্ৰকৃতিৰ তাণ্ডৱৰ ফলত হেঁপাহৰ ৰঙালী বিহুৰ সময়তো ৰাইজে সন্ত্ৰস্ত হৈ দিন-ৰাতি পাৰ কৰিবলগীয়া হৈছে৷ প্ৰচণ্ড ধুমুহাৰ ফলত শুকুৰবাৰে তামুলপুৰ সমষ্টিৰ বিধায়ক জলেন দৈমাৰীৰ বাসগৃহৰ ওপৰতে গছ বাগৰি পৰে৷ দৈৱক্ৰমে বিধায়ক দৈমাৰীসহ তেওঁৰ পৰিয়ালটোৰ কথমপি প্ৰাণ ৰক্ষা পৰে৷ নিজৰ এই বিপৰ্যয়ৰ সময়তো এক ব্যতিক্ৰমী কামৰ বাবে চৰ্চালৈ আহিছে বিধায়ক দৈমাৰী৷ উল্লেখ্য,তামুলপুৰ জিলাৰ অন্তৰ্গত কুমাৰীকাটা সাপ্তাহিক বজাৰত দেওবাৰে আবেলি পাঁচ মান বজাত এটি প্ৰায় দুবছৰীয়া কন্যা শিশু উদ্ধাৰ হয়৷ স্থানীয় ইণ্ডো-ভূটান ধাবাৰ এজন কৰ্মচাৰীয়ে কুমাৰীকাটা বজাৰত অকলশৰীয়া অৱস্থাত খেলি থকা শিশুটিক উদ্ধাৰ কৰি নিজ ঘৰলৈ লৈ যায় আৰু ধাবাখনৰ গৰাকী সুমন সেনগুপ্তাক শিশুটিক উদ্ধাৰ কৰি অনা সম্পৰ্কে অৱগত কৰে৷ ধাবাখনৰ গৰাকীয়ে লগে লগে শিশুটি সন্দৰ্ভত তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীক খবৰ দিয়ে৷ শিশু উদ্ধাৰৰ বাতৰি লাভ কৰাৰ লগে লগে বিধায়ক দৈমাৰী সকলো কাম বাদ দি ধাবাখনত উপস্থিত হয়৷ বিধায়ক দৈমাৰীৰ তৎপৰতাত পাছত শিশুটি কুমাৰীকাটা আৰক্ষী চ’কীত চমজাই দিয়াৰ লগতে বাগসা জিলা শিশু সুৰক্ষা কেন্দ্ৰত খবৰ দিয়ে৷ তামুলপুৰ জিলা আৰক্ষী অধীক্ষক পংকজ যাদৱ কুমাৰীকাটা আৰক্ষী চ’কীত উপস্থিত হৈ শিশুটিৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে শিশুটিক শিশু সুৰক্ষা কেন্দ্ৰলৈ প্ৰেৰণৰ ব্যৱস্থা কৰে৷ উদ্ধাৰ হোৱা শিশুটি নেপালী সম্প্ৰদায়ৰ বুলি আৰক্ষী তথা স্থানীয় লোকে সন্দেহ কৰিছে যদিও দেৱশিশুটি কোনে,কি কাৰণত বজাৰ এলেকাত এৰি থৈ গ’ল,সেই বিষয়ে জানিব পৰা হোৱা নাই৷ শিশুটিৰ পৰিচয় উদ্ধাৰৰ বাবে কুমাৰীকাটা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷ শিশুটিৰ সুৰক্ষা তথা প্ৰয়োজনীয় সমগ্ৰ কামত বিধায়ক দৈমাৰীয়ে তদাৰক কৰি আছে৷ নিজে বিপৰ্যস্ত হৈও শিশু উদ্ধাৰত ব্ৰতী হোৱা বিধায়ক জলেন দৈমাৰীৰ মহানুভৱতাক সকলোৱে প্ৰশংসা কৰিছে৷