Logo
image

খাৱৈত পৰিল দ্ৰুতগতিৰ বলেৰ’,বিহুৱা দলৰ ৫টি কিশোৰ-কিশোৰী নিহত

আমাৰ অসম,১৮ এপ্ৰিলঃ  গহপুৰৰ টকৌবাৰীত গোসাঁই বিহুৰ নিশা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত ৩ কিশোৰীসহ পাঁচজন নিহত হয়৷ জানিব পৰা মতে,গহপুৰৰ হেলেম আৰক্ষী থানাৰ অন্তৰ্গত টকৌবাৰীত শনিবাৰে নিশা সংঘটিত দুৰ্ঘটনাটোত কাৰিবিল আৰু পুৰণি গেৰাজ গাঁৱৰ এটি হুচৰি দলৰ পাঁচজনকৈ বিহুৱা-বিহুৱতীৰ মৃত্যু ঘটে৷ উক্ত গাৱত প্ৰায় কুৰিজনীয়া এটি ১২-১৩ বছৰীয়া কিশোৰ-কিশোৰীৰ দলে এ এছ ২৫ ডিচি-৭৪১৮ নম্বৰৰ বলেৰ’পিকআপ ভানত টকৌবাৰী অঞ্চলত হুচৰি গাবলৈ গৈ নিশা ১২মান বজাত টকৌবাৰী উৰণীয়া সেতুৰ কাষৰ পথেৰে ঘূৰি আহোঁতে এটা কেঁকুৰিত গাড়ীখন পথৰ কাষৰ খাৱৈত দুৰ্ঘটনাত পতিত হয়৷ ভয়ংকৰ দুৰ্ঘটনাটোত গাড়ীখনত অহা কাৰিবিলৰ সুখীৰাম দৈমাৰীৰ কন্যা ৰাধিকা দৈমাৰী,অজয় বড়োৰ কন্যা বুদ্ধিমতী বড়ো,বিজয় বড়োৰ কন্যা বৰ্ণালী বড়ো নামৰ কিশোৰী তিনিগৰাকীৰ লগতে পুভন বসুমতাৰীৰ পুত্ৰ সঞ্জয় বসুমতাৰী আৰু বাবুল বসুমতাৰীৰ পুত্ৰ কলিমন বসুমতাৰী নামৰ কিশোৰ দুজনৰ ঘটনাস্থলীতে মৃত্যু হয়৷ আনহাতে গাড়ীখনত অহা আন পাঁচজন লেকো গুৰুতৰভাৱে আহত হয়৷ স্থানীয় ৰাইজে অভিযোগ কৰা মতে,গাড়ীখনৰ চালকজনে সুৰাপান কৰি গাড়ী চলোৱাৰ ফলত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাটো সংঘটিত কৰাত পাঁচজনকৈ উদীয়মান কিশোৰ-কিশোৰীয়ে প্ৰাণ হেৰুৱাবলগীয়া হয়৷ গহপুৰৰ দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ ঘটনাক লৈ মৰ্মাহত প্ৰধানমন্ত্ৰী মোদীয়ে এটা টুইটযোগে কয়– অসমৰ বিশ্বনাথ জিলাৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ বাবে অতিশয় মৰ্মাহত হৈছোঁ৷ তেওঁলোকৰ পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছোঁ৷ আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছোঁ৷ আনহাতে,গহপুৰৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে দুৰ্ঘটনাগ্ৰস্তসকলক সকলো প্ৰকাৰে সহায় কৰিবলৈ বিশ্বনাথ জিলা প্ৰশাসনক নিৰ্দেশ দিছে৷ এটা শোকবাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয়– বিশ্বনাথত নিশা সংঘটিত পথ দুৰ্ঘটনাত এজন যুৱকৰ লগতে চাৰিটি কিশোৰ-কিশোৰীৰ কৰুণ মৃত্যুৰ বাতৰিয়ে মৰ্মাহত কৰিলে৷ দুৰ্ঘটনাটোত নিহত সঞ্জয় বসুমতাৰী,কলিমন বসুমতাৰী,বৰ্ণালী বড়ো,বুধিমতি বড়ো আৰু ৰাধিকা দৈমাৰীৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ৷ আহত আন পাঁচগৰাকী গহপুৰ অসামৰিক চিকিৎসালয় আৰু কেথলিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে৷ তেওঁলোকৰ আশুআৰোগ্য কামনা কৰিলোঁ৷