Logo
image

অদূৰদৰ্শিতাৰ পাকচক্ৰত গুৱাহাটী

এখন গণতান্ত্ৰিক দেশৰ নাগৰিক আমি৷ দেশৰ শাসনৰ দায়িত্ব ৰাইজৰ দ্বাৰা নিৰ্বাচিত চৰকাৰৰ হাতত অৰ্থাৎ ৰাইজেও ৰজা আমাৰ দেশত৷ চৰকাৰৰ দায়িত্ব দেশখনৰ সাৰ্বভৌমত্ব তথা ভৌগোলিক অখণ্ডতা ৰক্ষা কৰি সকলোৰে সৰ্বাংগীণ উন্নতিৰ হকে কাম কৰি যোৱা৷ দেশ তথা নাগৰিকৰ লগতে সমাজৰ উন্নয়ন চৰকাৰৰ মূল লক্ষ্য৷ এই কাৰ্য সহজ নহয় আৰু ইয়াৰ বাবে চৰকাৰৰ মুৰব্বী সম্পূৰ্ণৰূপে দূৰদৰ্শী হ’বই লাগিব৷ চৰকাৰৰ বেপৰোৱা মনোভাৱ আৰু অদূৰদৰ্শিতাই সমাজ তথা জনসাধাৰণৰ বাবে কেনেধৰণৰ অসহনীয় পৰিৱেশৰ সৃষ্টি কৰিব পাৰে আজি তাৰেই বিষয়ে দুটামান কথা আলচ কৰিবলৈ বিচাৰিছোঁ৷ আমাৰ এই আলোচনা গুৱাহাটী মহানগৰীৰ কেইটামান প্ৰেক্ষাপটৰ মাজতেই সীমাবদ্ধ  ৰখা হ’ব৷

প্ৰেক্ষাপট ১

গুৱাহাটী মহানগৰৰ উন্নয়ন আৰু পণবন্দী জনসাধাৰণঃ  এসময়ত প্ৰকৃতিৰ অফুৰন্ত দানেৰে সেউজীয়া হৈ থকা গুৱাহাটীখনৰ আজিৰ ৰূপে আমাক বাৰুকৈয়ে দুখ দিয়ে৷ বেছি বছৰ নহয়,মাথোঁ ১৫-২০ বছৰৰ ব্যৱধানতেই আমি এখন সুন্দৰ সেউজীয়া গুৱাহাটী হেৰুৱাই এখন কংক্ৰিতৰ মহানগৰীৰ বাসিন্দা হৈ পৰিলোঁ৷ ইংৰাজসকলে দূৰদৰ্শিতাৰে প্ৰতিষ্ঠা কৰি যোৱা পাণবজাৰ আৰু উজান বজাৰৰ একাংশক বাদ দিলে মহানগৰীৰ বাকী সকলো অংশই অদূৰদৰ্শিতাৰে সৃষ্টি কৰা এখন কংক্ৰিতৰ মহানগৰীৰ ছবিহে দাঙি ধৰে৷ যাতায়াতৰ সু-ব্যৱস্থা তথা বৰ্ধিত জনসাধাৰণৰ ক্ৰমান্বয়ে বাঢ়ি অহা যানবাহনৰ সুচল যাতায়াতৰ বাবে মহানগৰীৰ বাট-পথ বহলোৱা,নতুন নতুন উৰণীয়া সেতু নিৰ্মাণ,পদপথৰ নবীকৰণ,পথৰ কাষৰ বিজুলী বাটিৰ সংযোজন, একেই পথেৰেই মহানগৰীৰ নাগৰিকসকলৰ ঘৰলৈ বিশুদ্ধ খোৱাপানীৰ যোগান ধৰা আদি বিভিন্ন উন্নয়নমূলক কামৰ বাবে চৰকাৰৰ বিভিন্ন বিভাগৰ সহযোগিতাৰে কামবোৰ আগবঢ়াই নিব লাগে৷ ইয়াৰ বাবে চৰকাৰৰ দূৰদৰ্শিতাৰ প্ৰয়োজন সৰ্বাধিক৷ বৰ্তমানৰ সমস্যাৰ সমাধান বিচাৰিলেই নহ’ব,লাগিব এক গভীৰ দূৰদৃষ্টি যাৰ জৰিয়তে আহিবলগীয়া দিনবোৰত মুখামুখি হ’বলগীয়া সমস্যাৰো সমাধান চৰকাৰৰ হাতত থাকে৷ কিন্তু বাস্তৱত আমি দেখিছো কি? ইয়াৰ সম্পূৰ্ণ এখন ওলোটা ছবি৷ চৰকাৰৰ অদূৰদৰ্শী কাম-কাজে সৰ্বসাধাৰণৰ জীৱন দুৰ্বিষহ কৰি তুলিছে৷ গুৱাহাটী মহানগৰীৰ নিয়ন্ত্ৰণহীন যান-বাহনৰ সংখ্যাই আজি মহানগৰীৰ বাসিন্দাসকলৰ উশাহ ল’ব নোৱৰা অৱস্থা এটাৰ সৃষ্টি কৰিছে৷ আজিৰ পৰা দহ-পোন্ধৰ বছৰ আগৰ গুৱাহাটীৰ কথা কল্পনা কৰিলে এতিয়া সপোন যেন লাগে৷ এতিয়া কথা হ’ল চৰকাৰৰ মুৰব্বী আৰু বিভাগীয় বৰমূৰীয়া সকলৰ দূৰদৰ্শিতাৰ অভাৱৰ বাবেই জানো আজিৰ এই শ্বাসৰূদ্ধকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই? নিয়ন্ত্ৰণহীন যান-বাহনৰ পঞ্জীয়ন ব্যৱস্থা,পথৰ ওপৰত অদূৰদৰ্শিতাৰে যান-বাহন নিয়ন্ত্ৰণৰ কৌশল,সময়ত চিন্তা নকৰাৰ ফলত সঘনাই নিৰ্মাণ কৰিবলগীয়া হোৱা নতুন নতুন উৰণীয়া সেতু আদিৰ কথা চিন্তা কৰিলেই চৰকাৰৰ অদূৰদৰ্শিতাৰ ছবিখন স্পষ্ট হৈ পৰে৷ ইয়াৰ লগতেই আহি পৰে পৌৰ নিগমৰ এক স্পষ্ট আৰু দূৰদৰ্শী নীতিৰ অভাৱত কাৰ্য্যতঃ অচল হৈ পৰা গুৱাহাটীৰ নলা-নৰ্দমা তথা জাৱৰ নিষ্কাশনৰ ব্যৱস্থাটোৰ কথা৷ কোনো স্পষ্ট আৰু দূৰদৰ্শী নীতি নথকাৰ বাবেই গুৱাহাটীৰ বেছিভাগ পদপথেই এতিয়া বিভিন্ন ব্যৱসায়ীৰ স্থায়ী ঠিকনা হৈ পৰিছে৷ এখন উন্নত মহানগৰৰ ৰূপত গুৱাহাটীৰ কথা আমি এতিয়া কল্পনা কৰিবও নোৱাৰোঁ৷ অদূৰদৰ্শী চৰকাৰ আৰু বিভাগীয় বিয়াগোম বৰমূৰীয়াৰ কৱলত পৰি এসময়ৰ গুৱাহাটীৰ প্ৰাণ বুলি অভিহিত কৰিব পৰা ভৰলু অথবা বাহিনী নৈখনে এতিয়া মাথোঁ এটা শীৰ্ণ নলালৈ ৰূপান্তৰিত হ’ল৷ আগতীয়াকৈ অনুমান কৰিব নোৱৰাৰ বাবে গুৱাহাটীৰ পথসমূহে এতিয়া ক্ৰমবৰ্ধমান যান-বাহনৰ বোজা কঢ়িয়াব নোৱৰা হৈছে৷ গুৱাহাটীৰ ভিতৰত এতিয়ালৈকে নিৰ্মিত আটাইকেইখন উৰণীয়া সেতু [ৰেললাইনৰ ওপৰৰ কেইখন আৰু শেহতীয়াকৈ নিৰ্মিত দিছপুৰ ছুপাৰ মাৰ্কেটৰখন বাদ দি]সম্পূৰ্ণ ৰূপে যান-বাহনৰ ভিৰ নিয়ন্ত্ৰণত বিফল বুলি ক’ব পাৰি৷ ইয়াৰো কাৰণ সেই দূৰদৰ্শিতাৰ অভাৱ৷ দূৰদৃষ্টি নোহোৱাকৈ আৰু গুৱাহাটীৰ মাজত যান-বাহনৰ সংখ্যা কিমান বাঢ়িব পাৰে তাৰ পূৰ্বানুমান কৰিব নোৱৰাৰ বাবেই নিৰ্মাণৰ মাথোঁ কেইবছৰমান পাৰ হোৱাৰ পাছতেই গণেশগুৰি,ছয়মাইল আৰু উলুবাৰীৰ উৰণীয়া সেতুত নতুনকৈ অংশ সংযোজন কৰিবলগীয়া অৱস্থাৰ উদ্ভৱ হৈছে৷ কেনেধৰণৰ দূৰদৰ্শিতাৰে উলুবাৰী,গণেশগুৰি আৰু ছয়মাইলৰ উৰণীয়া সেতু নিৰ্মাণ কৰা হৈছিল তাক বুজিবলৈ আমি আজি অক্ষম৷ মাথোঁ চকুৰ সন্মুখত দেখি আহিছোঁ এই দুয়োখন সেতুৰ তলত নিয়ন্ত্ৰণহীন যান-বাহনৰ ভিৰ,যিটো কোনো কাৰণতেই এখন উন্নত মহানগৰীৰ দৃশ্য হ’ব নোৱাৰে৷ এক কথাত ক’বলৈ হ’লে,মহানগৰীৰ উৰণীয়া সেতুসমূহে বৰ্ধিত যান-বাহনৰ ভিৰ কমাবলৈ সক্ষম নহ’ল,বৰঞ্চ এই সেতুসমূহে বিশৃংখল যান-জঁট সৃষ্টিৰহে কাৰণ হৈ পৰিল৷ মুঠতে চৰকাৰৰ এনেধৰণৰ অদূৰদৰ্শী সিদ্ধান্ত আৰু এই সিদ্ধান্তসমূহৰ তাতোকৈয়ো অদূৰদৰ্শিতাৰে কৰা কাৰ্য্যকৰীকৰণৰ বাবে আমাৰ দৰে সৰ্বসাধাৰণ এতিয়া জীয়াতু ভুগিবলগীয়া হৈছে৷ সমস্যাৰ সমাধানৰ বাবে চৰকাৰে নতুন নতুন উৰণীয়া সেতুৰ নিৰ্মাণৰ কথা চিন্তা কৰিছে৷ কিন্তু এইসমূহৰ নিৰ্মাণৰ সময়ত উদ্ভৱ হোৱা পৰিস্থিতিৰ মুখামুখি হৈ তাক নিয়ন্ত্ৰণত সম্পূৰ্ণ বিফল হৈছে৷ জুৰোড তিনিআলিত নতুনকৈ নিৰ্মাণ হ’বলগীয়া উৰণীয়া সেতুৰ নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ লগে লগেই এক অৰাজক পৰিস্থিতিৰ সৃষ্টি হৈছে৷ যথেষ্ট ঠেক পথৰ [বহলোৱাৰ কোনো উপায় নাই] মাজতেই এখন উৰণীয়া সেতু নিৰ্মাণ কৰিবলৈ হ’লে যেনেদৰে সকলো কথা আগতীয়াকৈ বিবেচনা কৰি আগবাঢ়িব লাগে,তেনে দূৰদৰ্শিতাৰে কামটো আৰম্ভ কৰা নহ’ল৷ পথ বহলোৱাৰ নামত শতাব্দী প্ৰাচীন গছবোৰ কাটিয়েই নিজৰ দায়িত্ব সামৰিছে বিভাগীয় বৰমূৰীয়াই৷ যানবাহনৰ বাবে বিকল্প পথৰ ব্যৱস্থা,নিৰ্মাণৰ কামৰ নিৰ্দিষ্ট সময় ইত্যাদিৰ কথা নভৱাকৈয়ে কামত হাত দিয়াৰ ফলত এতিয়া সৰ্বসাধাৰণৰ বাবে ই হৈ পৰিছে এক দৈনন্দিন অসহনীয় বোজা৷ যিকোনো কাৰণত জুৰোডেৰে যাবলগীয়া হ’লেই এতিয়া আমাৰ বাবে এক দুঃস্বপ্ন

প্ৰেক্ষাপট ২

বিভিন্ন বিভাগৰ উন্নয়নমূলক কামৰ সমন্বয়হীনতাঃ অদূৰদৰ্শী সিদ্ধান্ত আৰু বিভিন্ন বিভাগৰ মাজত থকা সমন্বয়হীনতাৰ বাবেই আটাইতকৈ বেছি ক্ষতি হৈছে মহানগৰীৰ মাজৰ বিভিন্ন পথসমূহ৷ এনেয়ে চাবলৈ গ’লে গুৱাহাটীৰ বিভিন্ন পথৰ অৱস্থা দেখাত যথেষ্ট ভালেই বুলিব পাৰি৷ সময়ে সময়ে পথ পকীকৰণৰ কামো নিৰ্দিষ্ট গতিত চলি থাকে৷ কিন্তু এই পথসমূহক বিভিন্ন বিভাগে উন্নয়নমূলক কামৰ দোহাই দি সৰ্বদাই আচলতে অত্যাচাৰহে কৰি আহিছে৷ আজি যদি পথছোৱা সুন্দৰকৈ পকী কৰিছে কাইলৈ দেখিব বিদ্যুৎ বিভাগে মাটিৰ তলেৰে উচ্ছ ক্ষমতাসম্পন্ন কেৱল বহুৱাবৰ বাবে এফালৰ পৰা খান্দি গৈছে৷ বিদ্যুৎ বিভাগৰ কাম শেষ নৌহওঁতেই এইবাৰ পথ খান্দিবলৈ আৰম্ভ কৰে পানী যোগান বিভাগে৷ তাৰ পাছতেই হয়তো আহিব টেলিকম বিভাগৰ [চৰকাৰী অথবা বেচৰকাৰী]কেৱল সংযোগৰ কাম৷ বিভিন্ন বিভাগে যদি এইদৰে একেটা পথৰ ওপৰতেই ভিন ভিন সময়ত অত্যাচাৰ চলাই যায় তেন্তে সেই পথছোৱা ভালে থাকিব কেনেকৈ৷ বিভাগসমূহৰ মাজত থকা সমন্বয়হীনতা আৰু অদূৰদৰ্শী সিদ্ধান্তৰ ফলত প্ৰায়েই ভুগিবলগীয়া হয় সৰ্বসাধাৰণ জনতাই৷ মহানগৰ এখনৰ উন্নয়নৰ বাবে সকলো বিভাগৰ মাজতেই এক সু-সমন্বয় আৰু বুজাবুজিৰ প্ৰয়োজন৷ একোটা অঞ্চলৰ যিকোনো উন্নয়নমূলক কাম কৰিবলৈ এক যৌথ আঁচনিৰ মাজেৰে কামবোৰ আগবঢ়াই নিলে একে সময়তে কামবোৰো হয় লগতে পৰৱৰ্তী সময়ত একেটা পথকেই বাৰে বাৰে খন্দাৰ প্ৰয়োজন নহয়৷ ঠিকাদাৰী ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ৷ আমাৰ চৰকাৰী কামবোৰ ভবামতে কৰা হয়তো টান৷ কিন্তু অসম্ভৱ নহয় বুলিয়েই ভাবোঁ৷ প্ৰয়োজন মাথোঁ কিছু দূৰদৃষ্টি আৰু নিঃস্বাৰ্থ মনোবৃত্তি আৰু  সদিচ্ছাৰ৷

প্ৰেক্ষাপট ৩

গুৱাহাটী মহানগৰীৰ পানীৰ সমস্যাঃ এটোপাল বিশুদ্ধ খোৱাপানীৰ সমস্যাই আজি গুৱাহাটীৰ ৯৫ শতাংশ নাগৰিকৰ দৈনন্দিন জীৱনযাত্ৰা বিপৰ্য্যস্ত কৰি তুলিছে৷ সৰ্বাংগীণ উন্নয়নৰ দৌৰত আমি বহুদূৰ আগুৱাই আহিলোঁ যদিও মানুহৰ মৌলিক প্ৰয়োজন পানীটোপাৰ যোগানৰ ক্ষেত্ৰত বহুদূৰ পিছুৱাই থাকিবলগা হ’ল৷ দেশৰ বিভিন্ন মহানগৰীৰ পানী যোগান ব্যৱস্থাৰ তুলনাত আমাৰ গুৱাহাটীৰ চৰকাৰী পানী যোগান আঁচনিৰ অৱস্থা একেবাৰেই দুখলগা৷ মহানগৰীৰ পুৰণি পানী যোগান আঁচনি কাৰ্য্যতঃ মৃত৷ বিদেশী সাহায্যৰে  কৰিব খোজা নতুন পানী যোগান আঁচনি আজি দহ বছৰ পাৰ হোৱাৰ পাছতো সম্পূৰ্ণ হোৱাৰ কোনো লক্ষণ দেখা পোৱা নাই৷ এই বিষয়ে চৰকাৰৰ মুৰব্বীয়েও একো কথা নকয়৷ চৰকাৰী পানী যোগান ব্যৱস্থাই ঢুকি নোপোৱা বাবে মহানগৰীৰ নাগৰিকৰ হাতত ভুগৰ্ভস্থ পানীৰ ব্যৱহাৰৰ বাহিৰে আন উপায় নাই৷ কিন্তু সাংঘাতিক সমস্যাই দেখা দিছে এতিয়া,যেতিয়া এই ভুগৰ্ভৰ পানীয়ে আৰু মানুহৰ দৈনন্দিন চাহিদা পূৰণ কৰিব নোৱৰা হৈছে৷ ভুগৰ্ভৰ পানীৰ স্তৰ ক্ৰমান্বয়ে নিম্নগামী হৈ  এতিয়া প্ৰায় নোহোৱা হোৱা বুলি ক’লেও ভুল নহ’ব৷ বহু নাগৰিকৰ ঘৰতেই এতিয়া নিজস্ব পানী যোগান ব্যৱস্থা অকামিলা হৈ পৰাৰ বাবে বেচৰকাৰী বিক্ৰেতাৰ পৰা টেংকাৰত পানী কিনি নিজৰ প্ৰয়োজন পূৰাব লগা হৈছে৷ এই ব্যৱস্থাই পৰোক্ষভাৱে ভুগৰ্ভৰ পানীৰ পৰিমাণ কমি যোৱাত সহায় কৰিছে৷ কাৰণ এই পানী বিক্ৰেতাসকলে গভীৰ নলীনাদৰ জৰিয়তে উঠোঁৱা ভূগৰ্ভৰ পানীকেই সৰবৰাহ কৰি আহিছে৷ ফলত দ্ৰুতগতিত কমি আহিছে ভুগৰ্ভৰ সঞ্চিত পানীৰ পৰিমাণ৷ মহানগৰীৰ নিচেই কাষতে চিৰপ্ৰৱহমান বৰলুইতখন থকাৰ পাছতো আজিলৈকে গুৱাহাটী মহানগৰীৰ পানীৰ সমস্যাৰ সমাধান নোহোৱাটো নিশ্চিত ভাৱে চৰকাৰৰ অদূৰদৰ্শিতা অথবা দূৰদৃষ্টিৰ অভাৱ বুলিয়েই ক’ব লাগিব৷

প্ৰেক্ষাপট ৪

স্থায়ী মহানগৰবাসীৰ অদূৰদৰ্শিতাঃ ওপৰত আলোচিত বিভিন্ন প্ৰেক্ষাপটৰ পৰিস্থিতিৰ বাবে যদিও চৰকাৰ অথবা বিভাগীয় মুৰব্বীসকলৰ অদূৰদৰ্শিতাকেই গুৱাহাটী মহানগৰৰ উন্নয়নৰ বাধা বুলি অভিহিত কৰা হৈছে, এইক্ষেত্ৰত এই মহানগৰীৰ বাসিন্দাসকলৰ দূৰদৃষ্টিহীনতাও কিন্তু সমানেই দায়ী৷ মূৰ গুজিবৰ বাবে মাথোঁ এটা ঘৰৰ সপোনে খেদি ফুৰা মহানগৰবাসীৰ অদূৰদৰ্শিতাই আজি আমাক সকলোকেই সমানেই বিপদগ্ৰস্ত কৰি তুলিছে৷ একমাত্ৰ নিজৰ সীমাৰ চাৰিবেৰৰ কথাখিনিতেই সীমাবদ্ধ নাগৰিকৰ ঠেক চিন্তাধাৰাই আজিৰ মহানগৰীৰ বিপৰ্য্যস্ত জীৱনৰ অন্যতম কাৰণ৷ ভৱিষ্যতৰ দৃষ্টিৰে বাট-পথৰ কথা নভৱাকৈ কেবল নিজৰ চৌহদক সুৰক্ষিত কৰাৰ স্বাৰ্থত যধেমধে গৃহনিৰ্মাণ কাৰ্য্য আগবঢ়াই নি থাকোঁতে এতিয়া জোৰ পুৰি হাত পালেহি৷ আনৰ চৌহদ পানীত ডুবি থাকিলেও মোৰ চৌহদত পানী সোমাব নিদিওঁ,এনে চিন্তাধাৰাৰে আগবাঢ়ি যোৱাৰ ফলত এতিয়া বাৰিষাৰ দিনবোৰত মহানগৰীৰ ভিতৰুৱা বাট-পথসমূহ পানীত ডুবি থাকিবলৈ লৈছে৷ পথৰ কাষত নলাৰ বাবে প্ৰয়োজনীয় সামান্য মাটিখিনিও এৰি দিবলৈ আগ্ৰহী নহয়, লাগিলে বাৰিষা পথৰ অৱস্থা যিয়েই নহওক কিয়৷ এই ধৰণৰ চিন্তাধাৰাৰে গৰিষ্ঠ সংখ্যক নাগৰিক পৰিচালিত হোৱাৰ বাবে মহানগৰীৰ বাৰিষাৰ সমস্যাৰ কোনো ফলপ্ৰসূ সমাধান আজিও নোলাল৷ সকলো দায়িত্ব চৰকাৰৰ আমাৰনো কি,  এইধৰণৰ মনোবৃত্তিৰে আমি আগবাঢ়িলে কোনো চৰকাৰেই যে গুৱাহাটীৰ একো উন্নতি কৰিব নোৱাৰে সেইটো খাটাং৷ এখন সৰ্বাংগসুন্দৰ মহানগৰীৰ ৰূপত গুৱাহাটীক চাবলৈ মন কৰিলে নাগৰিকৰ নিজস্ব কৰণীয়খিনি নিঃস্বাৰ্থভাৱে কৰিবই লাগিব৷ তাৰ পাছতহে আমি চৰকাৰৰ সহযোগিতা আশা কৰিব পাৰিম নিশ্চয়৷ গুৱাহাটী মহানগৰীৰ বাসিন্দা সকলেই নহয় আমি সমগ্ৰ অসমবাসীয়ে গুৱাহাটীৰ সৰ্বাংগীন উন্নতি কামনা কৰোঁ,মহানগৰীখন ভৱিষ্যৎ প্ৰজন্মৰ বাবে সুৰক্ষিত হোৱাটো বিচাৰোঁ৷ প্ৰকৃতিৰ অকৃপণ হাতেৰে সজোৱা চিনাকি গুৱাহাটীখনৰ অপমৃত্যু কেতিয়াও কামনা নকৰোঁ৷ আধুনিক সভ্যতাৰ লগত ফেৰ মাৰি মহানগৰীখনে উন্নয়নৰ দিশে অগ্ৰসৰ হওক সেয়াও আমি অন্তৰেৰে বিচাৰোঁ৷ এই সকলোবোৰেই সম্ভৱ হ’ব তেতিয়া,যেতিয়া দূৰদৰ্শী চিন্তাৰ জৰিয়তে দূৰদৃষ্টি সম্পন্ন নেতাৰ নেতৃত্বত কামবোৰে গতি ল’ব৷ আমি আশাবাদী,অহা পাঁচ বছৰৰ ভিতৰত মহানগৰীৰ বাসিন্দাৰূপে গুৱাহাটীবাসীয়ে স্বস্তিৰে উশাহ ল’ব পাৰিব৷