Logo
image

চৰকাৰী বিদ্যালয়ৰ অস্তিত্ব

শিক্ষকৰ কাম বিদ্যাৰ্থীক শিক্ষাদান কৰা৷ কিন্তু অসমত শিক্ষকৰ শিক্ষাদান কাৰ্যক গৌণ বুলি গণ্য কৰে কাৰণেই হয়তো শিক্ষকসকলক বানৰ সময়ত বান-সাহায্য বিতৰণত,ভোটৰ সময়ত ভোটদান প্ৰক্ৰিয়া চলাই নিয়াত,পিয়ল-জৰীপৰ সময়ত জৰীপ কাৰ্যৰ উপৰি বিভিন্ন উপলক্ষ্যত চৰকাৰে শিক্ষকসকলক বিভিন্ন কামত নিয়োজিত কৰে৷ শিক্ষকৰ অনুপস্থিতিত শিক্ষাৰ্থীৰ শিক্ষা কিদৰে সম্পূৰ্ণ হ’ব,সেই কথা চৰকাৰে বিবেচনা নকৰে৷ তদুপৰি বহু বিদ্যালয়ত প্ৰয়োজন অনুপাতে শিক্ষকৰ অভাৱ,আনকি কিছুমান বিদ্যালয়ত শিক্ষকেই নাই নাইবা এজন৷ মধ্যাহ্ন ভোজনৰ বয়বস্তু বজাৰ-সমাৰ কৰা,শিক্ষাৰ্থীক মধ্যাহ্ন ভোজনৰ ব্যৱস্থা কৰাৰ নামতো শিক্ষকসকলে পাঠদান কাৰ্যৰ পৰা আঁতৰি থাকিব লগা হয়৷ এনে অৱস্থাত শিক্ষাৰ্থীক অভিভাৱকে কিয় তেনে বিদ্যালয়ত নামভৰ্তি কৰাই দিব! প্ৰতিজন অভিভাৱকে তেওঁলোকৰ ল’ৰা-ছোৱালীক কষ্ট কৰি হ’লেও ভালকৈ পঢ়াই-শুনাই শিক্ষিত কৰাব বিচাৰে৷ কিন্তু য’ত শিক্ষা দিয়াৰ বাবে শিক্ষকেই নাথাকে, তেনে শিক্ষানুষ্ঠানত কোনোবাই নিজৰ ল’ৰা-ছোৱালী পঢ়াবনে? ইয়াৰ বাবে দোষ কাৰ? অসমত চৰকাৰী শিক্ষাব্যৱস্থাৰ মান নিম্নগামী হোৱাৰ মূলতেই হ’ল চৰকাৰ৷ চৰকাৰৰ অদূৰদৰ্শী ব্যৱস্থাৰ বাবেই আজি অসমত চৰকাৰী শিক্ষানুষ্ঠানত শিক্ষাৰ্থীৰ সংখ্যা কমি আহিছে৷ তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰৰ কাৰ্যকালত শিক্ষামন্ত্ৰীৰ দায়িত্বত থকা ড॰ হিমন্ত বিশ্ব শৰ্মাই শিক্ষা বিভাগৰ কাৰ্যালয়ত আকস্মিক পৰিদৰ্শন কৰি চৰকাৰী চাকৰি কৰি নিজৰ সন্তানক ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত পঢ়ুওৱাৰ বাবে উপলুঙা কৰিছিল৷ কিন্তু ‘উপদেশতকৈ আৰ্হি ভাল’– এই প্ৰবাদবাক্য মানি তেওঁ যদি নিজ সন্তানক চৰকাৰী শিক্ষানুষ্ঠানত পঢ়ালেহেঁতেন,তেন্তে সকলোৱে তেওঁৰ আদৰ্শক অনুসৰণ কৰিলেহেঁতেন৷ শিক্ষা বিভাগৰ মন্ত্ৰী হৈ যেতিয়া নিজেই তেওঁ চৰকাৰী শিক্ষাব্যৱস্থাৰ প্ৰতি আস্থাহীন,তেন্তে সৰ্বসাধাৰণৰ আস্থা থাকিব বুলি কিয় বিশ্বাস কৰে? ড॰ হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী থকা কালতে চৰকাৰী বিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যা কমি যোৱা নাইনে? তেওঁৰ দিনত গ্ৰহণ কৰা ব্যৱস্থাই ইয়াৰ বাবে দায়ী নহয়নে? সৰ্বানন্দ সোণোৱালৰ দিনতে বিদ্যালয় একত্ৰীকৰণৰ ব্যৱস্থা কৰি ইতিমধ্যে বহু বিদ্যালয়ৰ অস্তিত্ব বিলুপ্ত কৰিছে৷ কি কাৰণত চৰকাৰী বিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যা কমি গৈছে,সেই কথা অনুধাৱন কৰি চৰকাৰী শিক্ষা ব্যৱস্থাৰ মান উন্নত কৰাৰ পৰিৱৰ্তে বিদ্যালয় বিলুপ্ত কৰাৰ ব্যৱস্থা কোনো কাৰণতে জাতি-মাটি-ভেটি ৰক্ষাৰ শ্লোগান দিয়া চৰকাৰৰ ফলপ্ৰসূ সিদ্ধান্ত হ’ব নোৱাৰে৷ অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন দিল্লীৰ চৰকাৰে দিল্লীৰ চৰকাৰী শিক্ষাব্যৱস্থাৰ কিদৰে উন্নতি সাধিছে,সেই কথা কেতিয়াবা বিচাৰ কৰি চাইছেনে? চৰকাৰী শিক্ষাব্যৱস্থাক অসহনীয় বোজা বুলি ভাবি যদি ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে চৰকাৰী বিদ্যালয় বন্ধৰ পৰিকল্পনা কৰিছে,তেন্তে ৰাজ্যখনৰ দুখীয়া পৰিয়ালৰ শিক্ষাৰ্থীয়ে শিক্ষা কিদৰে লাভ কৰিব? ভোটবেংক সৃষ্টিৰ স্বাৰ্থত হিতাধিকাৰী সৃষ্টি কৰি কৰ্মক্ষম লোককো বিভিন্ন আঁচনিত সাঙুৰি মাহে ধন দিয়া,মাইক্ৰ’ফাইনেঞ্চৰ ঋণৰ ধন মাফৰ নামত ৰাজকোষৰ ধন অপচয় কৰা,শিক্ষাৰ্থীক স্কুটী দিয়া কাৰ্যই জনসাধাৰণক শাসকীয় দলটোৰ প্ৰতি কিছুদিনৰ বাবে অনুগত কৰাব,কিন্তু ইয়ে ৰাজ্যৰ কোনোধৰণৰ উন্নয়ন সাধন নকৰে৷ মাতৃভাষা মাধ্যমৰ চৰকাৰী বিদ্যালয় বন্ধ কৰাৰ ব্যৱস্থাৰ অংশস্বৰূপেই হয়তো চৰকাৰে ইতিমধ্যে প্ৰতিখন জিলাত ইংৰাজী মাধ্যমৰ আদৰ্শ বিদ্যালয় প্ৰতিষ্ঠা কৰাৰ কথা ঘোষণা কৰিছে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ১০ বছৰ পাছত ৰাজ্যৰ সকলো চৰকাৰী বিদ্যালয় শিক্ষাৰ্থীৰ অভাৱত বন্ধ হ’ব আৰু শিক্ষকসকলক স্বেচ্ছামূলক অৱসৰ দিব লাগিব কোৱাৰ সলনি যদিহে অসমৰ চৰকাৰী শিক্ষাব্যৱস্থাৰ মান উন্নত কৰাৰ বাবে কঠোৰ আৰু ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰে,তেতিয়াহে মাতৃভাষাৰ অস্তিত্ব থাকিব,অন্যথা কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে কোৱাৰ দৰে অসমত শিক্ষাব্যৱস্থাৰ পৰা অসমীয়া-বড়ো আদি ভাষা এলাগি হ’ব৷