Logo
image

মহানগৰীত চাকৰি প্ৰাৰ্থীৰ বিক্ষোভ শতাধিক আটক

আৰক্ষীৰ বিৰুদ্ধে আতিশয্যৰ অভিযোগ  শ্লোগান দিলে চাকৰি নাপাব!

আমাৰ অসম,১৯ এপ্ৰিলঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গণি গণি এক লাখ নিবনুৱাক চৰকাৰী চাকৰি দিব বুলি ঘোষণা কৰাৰ সময়তে এইবাৰ চাকৰি বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰা শতাধিক নিবনুৱা আটক হ’বলগীয়া হৈছে অসম আৰক্ষীৰ হাতত৷ অসম আৰক্ষীৰ কনিষ্টবল পদৰ লিখিত পৰীক্ষাৰ ফলাফল বিচাৰি আন্দোলন কৰাৰ অপৰাধতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত প্ৰায় ১২০জন নিবনুৱা প্ৰাৰ্থীক আটক কৰিছে গুৱাহাটী আৰক্ষীয়ে৷ গণতান্ত্ৰিকভাৱে আন্দোলন কৰা নিবনুৱা যুৱকসকলক চৰকাৰে সম্পূৰ্ণ আক্ৰোশমূলকভাৱে আটক কৰি বাতৰি লিখা পৰলৈকে পাণবজাৰ থানাত আৱদ্ধ কৰি ৰখা  কাৰ্যত ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ যিকোনো আন্দোলনকাৰীক চৰকাৰে দিনটোৰ বাবে আটক কৰি পৰৱৰ্তী সময়ত মুকলি কৰি দিয়ে যদিও কনিষ্টবল পদৰ প্ৰাৰ্থীসকলে ২০১৭ চনতে বিজ্ঞাপন প্ৰকাশ কৰা পদৰ লিখিত পৰীক্ষাৰ ফলাফল প্ৰকাশৰ দাবী জনোৱা অপৰাধত নিশা পৰ্যন্ত আৱদ্ধ কৰি ৰখা  কাৰ্যক সহজভাৱে লোৱা নাই সৰ্বসাধাৰণ লোকে৷ কেৱল আটক কৰাতে ক্ষান্ত নাথাকি প্ৰতিবাদকাৰীক থানাৰ চৌহদত এজন এপিএছ বিষয়াই গুৰিয়াই নিৰ্যাতন চলাবলৈও কুণ্ঠাবোধ কৰা দেখা নগ’ল৷ আটকাধীন শতাধিক প্ৰতিবাদকাৰীকে গ্ৰেপ্তাৰ কৰা হ’ব বুলিও সদৰী কৰিছে গুৱাহাটী আৰক্ষীৰ যুটীয়া আয়ুক্ত পাৰ্থসাৰথি মহন্তই৷ উল্লেখ্য, অসম আৰক্ষীৰ ইউবি আৰু এবিৰ ৯১৭১টা কনিষ্টবল পদৰ বাবে ২০১৭-১৮ বৰ্ষতে বিজ্ঞাপন প্ৰকাশ কৰিছিল গৃহবিভাগে৷ পৰৱৰ্তী সময়ত শাৰীৰিক পৰীক্ষাৰ বাবে কেইবাবাৰো দিন ঘোষণা কৰিছিল৷ শেষত বিগত ২০২১ বৰ্ষৰ ফেব্ৰুৱাৰীত শাৰীৰিক পৰীক্ষা অনুষ্ঠিত কৰি ফলাফল প্ৰকাশ কৰিছিল৷ শেহতীয়াকৈ চলিত বৰ্ষৰ ২০ ফেব্ৰুৱাৰীত শাৰীৰিক পৰীক্ষাত বাছনিকৃত প্ৰাৰ্থীসকলৰ লিখিত পৰীক্ষা অনুষ্ঠিত হয়৷ কিন্তু এই লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা নকৰাকৈয়ে পুনৰ সহস্ৰাধিক কনিষ্টবল পদৰ বিজ্ঞাপন প্ৰকাশ কৰে গৃহ বিভাগে৷ পূৰ্বৰ পৰীক্ষাৰ ফলাফল ঘোষণা নকৰাকৈ নতুনকৈ পৰীক্ষা পাতিবলৈ প্ৰস্তুতি চলোৱাত ক্ষুব্ধ হৈ পৰা একাংশ নিবনুৱা প্ৰাৰ্থীয়ে সোমবাৰে ডিজিপি কাৰ্যালয় ঘেৰাও কৰাৰ লক্ষ্যৰে প্ৰতিবাদ সাব্যস্ত কৰে৷ ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা অহা শতাধিক প্ৰাৰ্থীয়ে হাতে হাতে প্লে-কাৰ্ড লৈ মহানগৰীৰ উলুবাৰীৰ উৰণীয়া সেতুৰ তলৰ পৰা ডিজিপি কাৰ্যালয়ৰ দিশে প্ৰতিবাদী সমদল উলিয়ায়৷ কিন্তু প্ৰতিবাদকাৰীসকল ডিজিপি কাৰ্যালয় পোৱাৰ পূৰ্বেই আৰক্ষীয়ে সকলো প্ৰতিবাদকাৰীকে আটক কৰি পাণবজাৰ থানলৈ লৈ যায়৷ ইপিনে, পাণবজাৰ থানাৰ চৌহদত প্ৰতিবাদকাৰীসকলে ন্যায় বিচাৰি বিভিন্ন শ্লোগান দিয়াত এটা সময়ত আৰক্ষীয়ে প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণৰ বাবে ঠেলা-হেঁচাতো লিপ্ত হোৱা দেখা যায়৷ আনকি গুৱাহাটী আৰক্ষীৰ কেইবাজনো শীৰ্ষ বিষয়াই প্ৰতিবাদকাৰীক অশ্ৰাব্য গালি-গালাজ কৰাৰ লগতে এজন শীৰ্ষ এ পি এছ বিষয়াই প্ৰতিবাদকাৰীক গোৰ মৰাৰ দৃশ্য সংবাদ মাধ্যমৰ কেমেৰাত বন্দী হোৱাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ সেই সময়ত থানাৰ চৌহদত প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণৰ বাবে খেদি ফুৰা দেখা গৈছিল শীৰ্ষ বিষয়া হেমন্ত দাস,পল্লৱ তামুলীকে ধৰি কেইবাজনো বিষয়াই৷ গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰা নিবনুৱা প্ৰাৰ্থীসকলৰ অভিযোগ আছিল– ফলাফল ঘোষণা কৰাত যিমানে পলম হ’ব,সিমানে  দুৰ্নীতি সংঘটিত হোৱাৰ আশংকা থাকে আৰু সেইবাবে শীঘ্ৰে ফলাফল প্ৰকাশ কৰিব লাগে৷ কিয়নো ইতিপূৰ্বে শীৰ্ষ আৰক্ষী বিষয়াৰ পৃষ্ঠপোষকতাতে এছ আই পৰীক্ষাত কেলেংকাৰি সংঘটিত হোৱাৰ উদাহৰণ আছে৷ অৱশ্যে ফেব্ৰুৱাৰীত লিখিত পৰীক্ষা অনুষ্ঠিত হোৱাৰ মাত্ৰ ডেৰ মাহৰ পাছতেই একাংশ প্ৰাৰ্থীয়ে ফলাফল বিচাৰি ৰাজপথলৈ ওলাই অহা ঘটনাত ৰহস্যৰ গোন্ধ পাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ তাৎক্ষণিকভাৱে ফলাফল বিচৰা প্ৰাৰ্থীসকলে আগতীয়াকৈ ৰিজাল্ট লাভ কৰিছে নেকি এই লৈ সন্দেহ ব্যক্ত কৰিছে মুখ্যমন্ত্ৰীয়ে৷ যাৰ বাবে মুখ্যমন্ত্ৰীয়ে সমগ্ৰ বিষয়টো গৃহ বিভাগৰ আয়ুক্তক তদন্তৰ নিৰ্দেশ দিয়াৰ লগতে আৰক্ষীকো প্ৰতিবাদকাৰী প্ৰাৰ্থীসকল পৰীক্ষাত পাছ কৰা নে ফেইল কৰা প্ৰাৰ্থী তাক অনুসন্ধান কৰিবলৈও নিৰ্দেশ দিছে৷ এই সন্দৰ্ভত নিজৰ সন্দেহ ৰাজহুৱা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমক কয়– ‘আৰক্ষী নিযুক্তি প্ৰক্ৰিয়াত অংশ লোৱা একাংশ ল’ৰাই আন্দোলন কৰা বিষয়টোত মোৰ চিন্তা হৈছে৷ কাৰণ লিখিত পৰীক্ষা সম্পন্ন হৈ যোৱা এমাহো হোৱা নাই৷ কিছু প্ৰাৰ্থীৰ কম্পিউটাৰত ভুৱা প্ৰমাণ-পত্ৰ ধৰা পৰাত বৰ্তমান ইয়াৰ সত্যতাৰ পৰীক্ষা চলি আছে৷ কিন্তু ইয়াৰ মাজতে কিছুমান ল’ৰাই ৰাজপথলৈ ওলাই আহিছে৷ তাৰ মানে এওঁলোকে ৰিজাল্টটো আগতীয়াকৈ জানে নেকি? সেয়েহে আৰক্ষীক বিষয়টোৰ তদন্ত কৰিবলৈ দিছোঁ যে যিসকল ল’ৰাই আন্দোলন কৰিছে তেওঁলোক পাছ কৰা ল’ৰা নে ফেইল কৰা ল’ৰা৷ যদিহে পাছ কৰা ল’ৰা ওলাই আহিছে, তেনেহ’লে আমাৰ মাজৰ পৰাই কোনোবাই তেওঁলোকক আগতীয়াকৈ ৰিজাল্টটো দিব লাগিব৷ বা ৰিজাল্টৰ নামত ‘তই পইচা দে পাছ কৰাই দিম’,তেনে কিবা এটা বুজাবুজি হ’ব লাগিব? সেই কাৰণে এই বিষয়টোৰ গৃহ বিভাগৰ আয়ুক্তক তদন্তৰ নিৰ্দেশ দিছোঁ৷ কাৰণ লিখিত পৰীক্ষা হৈ যোৱাৰ ডেৰ মাহৰ পাছতে কোনেও ফলাফল নিবিচাৰে৷ এইটো এটা অসমত আচৰিত ধৰণৰ নোহোৱা-নোপোজা ঘটনা হৈছে৷ কিয়নো ২০১৮ চনত দৌৰিছিল যদিও লিখিত পৰীক্ষা হৈছিল ২৭ ফেব্ৰুৱাৰীত৷ ২৭ ফেব্ৰুৱাৰীত লিখিত পৰীক্ষা হৈ যোৱাৰ পাছত বিহু চলি থকাৰ মাজত কোনোবাই আন্দোলন কৰে নেকি? তাৰ মানে এওঁলোকে ৰিজাল্ট গম পাইছে৷ ইয়াৰ আগতে এপিডিচিএলতো এনে ঘটনা হৈছিল৷ বহুতে হুলস্থূল কৰিছিল ফলাফল দিয়াৰ বাবে৷ পাছত অনুসন্ধান কৰি গম পালোঁ যে পৰীক্ষাটোত বহুত খেলিমেলি হৈছে৷ পাছত পৰীক্ষা বাতিল কৰা হ’ল৷ আজি আন্দোলন কৰা ল’ৰাবিলাককো মই একো কৰা নাই৷ কেৱল পাছ কৰা ল’ৰা আহিছে নে ফেইল কৰা ল’ৰা আন্দোলনলৈ আহিছে তদন্ত কৰিবলৈ দিছোঁ৷ যদিহে ফেইল কৰা ল’ৰাই আন্দোলন কৰিছে,তেনেহ’লে আমাৰ আপত্তি নাই৷ কিয়নো নিবনুৱা ল’ৰাই চাকৰি বিচাৰি আন্দোলন কৰিব পাৰে৷ যদি পাছ কৰা ল’ৰা আহিছে,তেনেহ’লে গম পোৱা গৈছে যে ৰিজাল্ট কৰ’বাত ফাদিল হৈছে৷ আজি ১২০ ল’ৰাই প্ৰতিবাদ কৰিছে৷ কিন্তু ইয়াৰে ৯০টা যদি পাছ কৰা ল’ৰা হয়,তেনেহ’লে প্ৰশ্ন হ’বই৷’ ইপিনে আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াত অংশ লোৱা প্ৰাৰ্থীয়ে প্ৰতিবাদ সাব্যস্ত কৰাত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ডিজিপি ভাস্কৰজ্যোতি মহন্তই৷ এই সন্দৰ্ভত ভাস্কৰজ্যোতি মহন্তই কয়– ‘মিছা কথাত ভোল গৈ একাংশ প্ৰাৰ্থীয়ে আন্দোলন কৰিছে৷ অসম আৰক্ষীৰ নিযুক্তিৰ বাবে বিজ্ঞাপন দিয়া হৈছে৷ সেয়া সত্য কথা৷ কিন্তু এই বিজ্ঞাপন হৈছে সম্পূৰ্ণ বেলেগ পদৰ৷ বৰ্তমান ৯,২০০ পদৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে৷ অতিৰিক্ত পদৰ বাবে নতুনকৈ বিজ্ঞাপন দিয়াটো বেয়া কথা নেকি? অদৰকাৰী কথাত প্ৰতিবাদ কৰা লোক অসম আৰক্ষীত নালাগে৷ অসম আৰক্ষীত লাগে দায়বদ্ধ লোকক৷ নাৰাবাজি দিয়া যুৱক অসম আৰক্ষীত নালাগে৷ পৰীক্ষা হৈ গৈছে সময়ত ৰিজাল্ট পাব৷ সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছতহে ফলাফল প্ৰকাশ কৰা হ’ব৷ কোনোবাই ফলাফল দিবলৈ দাবী কৰিলে নহ’ব৷’