Logo
image

ৰিপুণৰ বিৰুদ্ধে ‘চক্ৰান্ত-থিয়ৰী’ত সাৰপানী মুখ্যমন্ত্ৰী,মন্ত্ৰী পীয়ূষৰ

আমাৰ অসম,১৯ এপ্ৰিলঃ ৰাজ্যসভাৰ নিৰ্বাচনত পৰাজয়ৰ পাছতেই অৱধাৰিতভাৱে দলত্যাগ কৰিলে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন ৰাজ্যিক সভাপতি ৰিপুণ বৰাই৷ জীৱনে-মৰণে চিৰদিন কংগ্ৰেছতে থাকিম বুলি অংগীকাৰ কৰা ৰিপুণ বৰাই অৱশেষত দেওবাৰে মমতা বেনাৰ্জীৰ নেতৃত্বাধীন তৃণমূল কংগ্ৰেছত যোগদান কৰে৷ ৰিপুণ বৰাই তৃণমূল কংগ্ৰেছত যোগদানৰ পূৰ্বে কংগ্ৰেছৰ হাইকামাণ্ড ছোনিয়া গান্ধীলৈ এখন পদত্যাগ-পত্ৰ লিখি ৰাজ্যসভা নিৰ্বাচনত দলৰ ভিতৰতে ষড়যন্ত্ৰৰ বলি হোৱাৰ বিস্ফোৰক অভিযোগ আনে৷ আনকি দলৰ সবাতোকৈ জ্যেষ্ঠ একাংশ নেতাই বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰীৰ সৈতে গোপন বুজাবুজি বৰ্তাই ৰখাৰো অভিযোগ কৰে বৰাই৷ নক’লেও হ’ব যে ৰিপুণ বৰাই নাম নোলোৱাকৈ দলটোৰ সভাপতি ভূপেন বৰা আৰু আন শীৰ্ষ নেতৃত্বৰ কথাকে ইংগিত দিয়ে৷ লক্ষণীয়ভাৱে ৰিপুণ বৰাৰ এই উপলব্ধিৰ পাছতেই বৰাৰ বিৰুদ্ধে চলা চক্ৰান্ত থিয়ৰীত যেন সাৰ-পানী যোগালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পীয়ূষ হাজৰিকাই৷ ইপিনে,কংগ্ৰেছ পদত্যাগৰ সন্দৰ্ভত সোমবাৰে সংবাদ মাধ্যমক ৰিপুণ বৰাই কয়– ‘অতি দুখেৰে কংগ্ৰেছ ত্যাগ কৰি মই তৃণমূল কংগ্ৰেছত যোগদান কৰিছোঁ৷ কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বৰ প্ৰতি মোৰ কোনো আক্ষেপ নাই যদিও ৰাজ্যিক কংগ্ৰেছত মোৰ বিৰুদ্ধে চক্ৰান্ত চলি আছিল৷ পূৰ্বতে সভাপতি হৈ থাকোঁতে এফালে বিজেপিৰ বিৰুদ্ধে যুঁজ দিছিলো আৰু আনফালে দলীয় নেতা-কৰ্মীক মেনেজ কৰোঁতেই মোৰ সময় গৈছিল৷ ৰাজ্যসভা নিৰ্বাচনতো মই চক্ৰান্তৰ বলি হৈছিলোঁ৷’ লক্ষণীয় বিষয়টো হৈছে ৰিপুণ বৰাই কংগ্ৰেছত কাৰ কাৰ চক্ৰান্তৰ বলি হৈছিল সেয়া ৰাজহুৱা নকৰিলেও খোদ মুখ্যমন্ত্ৰীয়ে বৰাৰ সুৰতে সুৰ মিলাই ৰাজ্যসভা নিৰ্বাচনত ৰিপুণ বৰা ষড়যন্ত্ৰৰ সন্মুখীন হোৱা বুলি বিস্ফোৰক মন্তব্য কৰিছে৷ হাইকামাণ্ডেই বৰাক বিশ্বাসঘাটকতা কৰাৰো অভিযোগ কৰিছে মুখ্যমন্ত্ৰীয়ে৷ এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয়–‘ৰিপুণ বৰাৰ ক্ষেত্ৰত মই বেছি সমালোচনা কৰিব বিচৰা নাই৷ কিয়নো ৰাজ্যসভাৰ নিৰ্বাচনত কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বই এজন এজেণ্ট পঠাইছিল৷ কিন্তু মই নিজেই জানো যে কংগ্ৰেছৰ পৰা আমি কিমানটা ভোট পাইছো৷ ৰিপুণ বৰাই নিজেই কৈছে কংগ্ৰেছে বোলে তেওঁকহে ভোট দিছে৷ কংগ্ৰেছ দলৰ পৰাও ৰিপুণ বৰাকে সকলোৱে ভোট দিয়া বুলি ক’লে৷ হাইকামাণ্ডৰ ফালৰ পৰাও যদি ৰিপুণ বৰাৰ বিৰুদ্ধে ষড়যন্ত্ৰত নামে,তেনেহ’লে সেই পাৰ্টীটোত ৰিপুণ বৰাই কেনেকৈ থাকিব পাৰে? কিন্তু প্ৰথম দেখা পালো– য’ত হাইকামাণ্ডেও দলীয় প্ৰাৰ্থীজনৰ বিৰুদ্ধে কয়৷ অনানুষ্ঠানিকভাৱে কংগ্ৰেছৰ কোন কোন বিধায়কে ৰাজ্যসভা নিৰ্বাচনত বিজেপিক ভোট দিলে মই কৈ দিব পাৰিম৷ মই আগৰ পৰাই এটা কথা কৈ আছো যে কংগ্ৰেছত এনে কিছুমান মানুহ আছে যিয়ে মোক বাদ দি চলিব নোৱাৰে৷ কিয়নো তেওঁলোকৰ লগতেই মই একেলগে ডাঙৰ হৈছো৷ সেই সম্পৰ্ক নোহোৱা কৰিবলৈ আৰু ২০ বছৰ লাগিব, যিমানেই চেষ্টা নকৰক লাগে৷ কংগ্ৰেছত মোৰ মানুহ আৰু মোৰ লগত সমন্ধ ২২-২৩ বয়সতে স্থাপন হৈছিল৷ তৃণমূল কংগ্ৰেছ ভাল-বেয়া মই একো ক’ব নাযাও৷ কিন্তু ৰিপুণ বৰাক এটাই সহানুভূতি দিওঁ যে– কংগ্ৰেছৰ ৯-১০জন বিধায়কে তেওঁক ৰাজ্যসভাত ভোট দিয়া নাই৷ অথচ হাইকামাণ্ডে পঠোৱা এজেণ্টজনে কৈ দিছে সকলোৱে বৰাকে ভোট দিছে৷ স্বাভাৱিকতেই ৰিপুণ বৰাই মনত দুখ পাবই৷’ইপিনে,মন্ত্ৰী পীয়ূষ হাজৰিকাই এখোপ ওপৰলৈ গৈ ৰাজ্যসভা নিৰ্বাচনত ৰিপুণ বৰাই কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ষড়যন্ত্ৰৰ বলি হোৱাৰ বিস্ফোৰক অভিযোগ কৰিছে৷ সংবাদ মাধ্যমৰ আগত মন্ত্ৰী পীয়ূষ হাজৰিকাই এই সন্দৰ্ভত কয়– ‘কংগ্ৰেছে ৰিপুণ বৰাক বৰ বেয়াকৈ অপমান কৰিলে৷ ষড়যন্ত্ৰ কৰি ৰিপুণ বৰাক দলৰ পৰা যাবলৈ বাধ্য কৰালে৷ এই সকলোবোৰৰ বাবে দায়ী ভূপেন বৰা৷ ৰাজ্যসভাৰ নিৰ্বাচনত ৰিপুণ বৰাৰ বিৰুদ্ধে ভূপেন বৰাই যি চক্ৰান্ত কৰিলে,তেতিয়াই আমি গম পাইছিলোঁ যে ৰিপুণ বৰাই দলত্যাগ কৰিব৷’