Logo
image

বিজেপিক প্ৰতিৰোধৰ স্বাৰ্থতেই তৃণমূলত যোগ! ৰিপুণৰ দাবী

আমাৰ অসম, ১৯ এপ্ৰিলঃ ক্ষমতাৰ বাবে নহয়,বিজেপিক প্ৰতিৰোধৰ স্বাৰ্থতেই তৃণমূল কংগ্ৰেছত যোগ দিছোঁ৷ এই দাবী সদ্য কংগ্ৰেছ ত্যাগী নেতা,প্ৰাক্তন মন্ত্ৰী ৰিপুন বৰাৰ৷কংগ্ৰেছ অধ্যক্ষা ছোনীয়া গান্ধীলৈ দীঘলীয়া পদত্যাগপত্ৰ প্ৰেৰণ কৰি অলপো সময় নষ্ট নকৰি সপৰিয়ালে তৃণমূল কংগ্ৰেছত যোগ দিয়ে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতিজনে৷ কংগ্ৰেছ এৰি তৃণমূলত যোগদানক বিভিন্ন মহলে বিভিন্নধৰণে আলোচনা-সমলোচনা কৰি থকাৰ সময়ত তেওঁ সংবাদ মাধ্যমৰ আগত কয়– মই কংগ্ৰেছ পাৰ্টীত ৪০ বছৰ ধৰি জড়িত আছিলো৷ অতি দুখেৰে কংগ্ৰেছ ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগ দিলো৷ আমাৰ দলৰ নেত্ৰী ছোনিয়া গান্ধী বা নেতা ৰাহুল গান্ধীৰ প্ৰতি,কংগ্ৰেছৰ আদৰ্শৰ প্ৰতি মোৰ আক্ষেপ নাই,অভিযোগ নাই৷ মই কংগ্ৰেছ দল ত্যাগ কৰিবলৈ এইকাৰণেই বাধ্য হ’লোঁ যে আজি দেশত যি প্ৰত্যাহ্বান আহিছে বিজেপিৰ আগ্ৰাসন হৈছে,বিজেপিয়ে আমাৰ ধৰ্মনিৰপেক্ষতা,সংবিধানত আঘাত কৰিছে,সাম্প্ৰদায়ক বিষবাষ্প বিয়পাইছে,যিধৰণে আমাৰ সমাজখনক শেষ কৰি নিছে তাক প্ৰতিহত কৰিবৰ বাবে কংগ্ৰেছে যিধৰণে যুঁজ দিব লাগিছিল তেনেধৰণে যুঁজ দিব পৰা নাই৷ প্ৰায় প্ৰতিটো পৰ্যায়ৰ নেতা-কৰ্মীয়ে নিজৰ ভিতৰত খোৱা কামোৰা কৰি আছে৷ মই যি সময়ত দলক নেতৃত্ব দি আছিলোঁ সেই সময়ত এফালে মই বিজেপিৰ বিৰুদ্ধে যুঁজ দি আছিলোঁ,আনফালে দলৰ নেতা-কৰ্মীক ঐক্যবদ্ধ কৰাৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছিল৷ বহু সময়ত মই দলৰ নেতা-কৰ্মীৰ ষড়যন্ত্ৰৰ বলি হৈছিলোঁ৷ ফলত বিজেপিৰ আগ্ৰাসন ভয়ংকৰভাৱে বৃদ্ধি পাইছে৷ বিজেপিৰ আগ্ৰাসন প্ৰতিহত কৰিবলৈ তৃণমূল কংগ্ৰেছত যোগ দিছো৷ মোৰ যদি ক্ষমতাৰ প্ৰতি লালসা থাকিলহেঁতেন তেনেহ’লে মই বিজেপিত যোগ দিলোহেঁতেন৷ এতিয়া মই শূন্যৰ পৰা আৰম্ভ কৰিম৷’ ইফালে,কংগ্ৰেছ নেতা পাৰ্থপ্ৰতীম বৰায়ো নিশাটোৰ ভিতৰতে কংগ্ৰেছ ত্যাগ কৰি অগপত যোগ দিয়ে৷ পূৰ্বে অগপ-বিজেপিত তীক্ষ্ণ সমালোচনা কৰি অহা ছাত্ৰ কংগ্ৰেছৰ প্ৰাক্তন ৰাজ্যিক সভাপতিজনে অগপ সভাপতি অতুল বৰাৰ উপস্থিতিত অগপত যোগ দিয়ে৷ বাজপেয়ী ভৱনৰ প্ৰৱেশদ্বাৰত তীব্ৰ যান-জঁট হোৱা বাবে বৰাই অগপত যোগদান কৰা বুলি বহুজনে কটাক্ষ কৰিছে৷