Logo
image

সুদ বাঢ়িল ষ্টেট বেংকৰ,গ্ৰাহকৰ বাঢ়িব ইএমআই

আমাৰ অসম, ১৯ এপ্ৰিলঃ পেট্ৰ’লজাত সামগ্ৰীকে ধৰি খাদ্যদ্ৰব্য আৰু নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ ফলত কোঙা হৈ পৰা দেশবাসীক আন এক আৰ্থিক আঘাত দি ভাৰতীয় ষ্টেট বেংকে সুদৰ হাৰ বৃদ্ধি কৰিছে৷ দেশৰ সৰ্ববৃহৎ বেংকটোৱে সোমবাৰে এই ঘোষণা কৰে৷ এছ বি আয়ে চলিত মাহৰ ১৫ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ ১০ বেছিছ পইণ্টৰ এম চি এল আৰ অৰ্থাৎ মাৰ্জিনেল কষ্ট লেণ্ডিং ৰেট বৃদ্ধি কৰিছে৷ দেশৰ সকলো বিত্তীয় প্ৰতিষ্ঠানৰ ভিতৰত সৰ্বাধিকসংখ্যক গ্ৰাহক থকা ষ্টেট বেংকে লেণ্ডি ৰেট অৰ্থাৎ ঋণৰ সুদৰ হাৰ বৃদ্ধি কৰাৰ ফলত নতুনকৈ ঋণ ল’বলগীয়া আৰু পূৰ্বেই ঋণ লৈ থোৱা সকলো ধৰণৰ গ্ৰাহকে অধিক সুদ ভৰিবলৈ বাধ্য হ’ব৷ তদুপৰি ষ্টেট বেংকে বেছিছ পইন্টৰ এম চি এল আৰ বৃদ্ধি কৰাৰ লগে লগে দেশৰ ৰাষ্ট্ৰীয়কৃত আৰু বেচৰকাৰী আন বেংকেও সেই পথ অনুসৰণ কৰিব৷ ইতিমধ্যে ১২ এপ্ৰিলৰ পৰা বেংক অৱ বৰোডাই তেওঁলোকৰ লেণ্ডিং ৰেট বৃদ্ধি কৰিছে৷ ফলত কেৱল ষ্টেট বেংকৰ  গ্ৰাহকেই নহয় যিকোনো বেংকৰ পৰা ঋণ লোৱা গ্ৰাহকৰ সুদৰ হাৰ অচিৰেই বৃদ্ধি হ’ব৷ এই ক্ষেত্ৰত  ব্যৱসায়িক ঋণৰ লগতে ব্যক্তিভাৱে ঋণ লোৱাৰ ক্ষেত্ৰতো সুদৰ হাৰ বৃদ্ধি হোৱাৰ লগে লগে ই এম আই অৰ্থাৎ মাহিলী কিস্তি বাঢ়ি যাব গ্ৰাহকৰ৷ যিকোনো সামগ্ৰী ক্ৰয়ৰ বাবে ল’বলগীয়া ঋণ আৰু গৃহ ঋণৰ ক্ষেত্ৰত ষ্টেট বেংকৰ এই সিদ্ধান্তৰ ফলত দেশৰ লক্ষ লক্ষ গ্ৰাহক ক্ষতিগ্ৰস্ত হ’ব৷ সকলো দিশে ইন্ধনকে ধৰি সকলোধৰণৰ সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱাৰ ফলত দেশত মুদ্ৰাস্ফীতিয়ে লাহে লাহে ভয়ংকৰ ৰূপ লৈছে৷ মূল্যবৃদ্ধিৰ ফলত ক্ষতিগ্ৰস্ত হৈছে দেশবাসী,বিশেষকৈ দেশৰ মধ্যবিত্ত আৰু নিম্নমধ্যবিত্ত লোক৷ এতিয়া ষ্টেট বেংকে ঋণৰ ক্ষেত্ৰত সুদৰ হাৰ বৃদ্ধি কৰাটো তেওঁলোকৰ বাবে আন এক ডাঙৰ বোজাত পৰিণত হ’ব৷ উল্লেখ্য,নতুনকৈ নতুনকৈ ঋণ ল’বলগীয়া গ্ৰাহকে অধিক হাৰত সুদ ভৰিব লাগিব আৰু পূৰ্বে ঋণ লৈ থোৱা গ্ৰাহকৰো সুদৰ হাৰ বৃদ্ধি কৰা হ’ব বাবে তেওঁলোকৰ ই এম আই বৃদ্ধি পাব৷ উল্লেখ্য এক বেছিছ পইণ্টৰ পৰিমাণ হৈছে ১ শতাংশৰ ১০০ ভাগৰ এভাগ৷ ষ্টেট বেংকে যোৱা ১৫ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ এনে ১০ বেছিছ পইণ্ট এম চি আৰ এলৰ ক্ষেত্ৰত বৃদ্ধি হোৱা বুলি ঘোষণা কৰিছে৷ ইয়াৰ দুমাহ পূৰ্বে ষ্টেট বেংকে তিনিমাহৰ কম ম্যাদৰ স্থায়ী আমানতৰ ক্ষেত্ৰত সুদৰ হাৰ ১৫ বেছিছ পইণ্ট বৃদ্ধি কৰিছিল৷ তেনে ক্ষেত্ৰত এতিয়া সুদৰ হাৰ হৈছে ৬.৭৫ শতাংশ৷  অৱশ্যে ছমাহৰ,এবছৰ আৰু তিনি বছৰৰ অধিক সময়ৰ হ’লে সুদৰ হাৰৰ পাৰ্থক্য থাকিব৷