Logo
image

স্মৃতিভ্ৰংশ সমস্যাত ভুগিলে এইকেইটা কাম কৰক

স্বাস্থ্য ঠিকে ৰাখিবলৈ মানুহে বিভিন্ন যত্ন লয়৷ কিন্তু স্বাস্থ্যৰ লগতে মেধা শক্তিও ভালে ৰখাটো সকলোৰে বাবে জৰুৰী৷ মেধা শক্তি ভালে ৰাখিবলৈ মস্তিষ্কৰ কিছুমান অনুশীলন কৰা প্ৰয়োজন৷ প্ৰতিদিনে কেইটামান অনুশীলন কৰিলে মেধা শক্তি ভালে থাকে৷ উল্লেখ কৰা হ’ল কি কৰিলে মেধা শক্তি অটুট থাকে বা বাঢ়ে–

[১] পাজ্‌ল গেম খেলকঃ পাজ্‌ল গেম খেলিলে বা নিয়মিত অনুশীলন কৰিলে এলজাইমাৰৰ আশংকা কমে৷ তদুপৰি বাতৰি কাকতৰ ক্ৰছৱাৰ্ড বা শব্দ-শৃংখলৰো অনুশীলন কৰিব পাৰে৷ এইবোৰ অভ্যাসে মেধা শক্তি বৃদ্ধি কৰে৷ 

[২] দৈনন্দিন কামত আনখন হাত ব্যৱহাৰ কৰকঃ নিতৌ কামত ব্যৱহাৰ কৰা হাতখনৰ সলনি আনখন হাতেৰে কাম কৰিলে,যেনে- দাঁত ব্ৰাছ কৰা,মূৰ ফণীওৱা আদি কৰিলে মস্তিষ্কত ভাল প্ৰভাৱ পৰে৷ সেয়ে কেতিয়াবা কেতিয়াবা আনখন হাতেৰে কাম কৰাৰ অভ্যাস কৰক৷ 

[৩] মাজে সময়ে পুৱাৰ ৰুটিন সলনি কৰকঃ আপুনি যদি নিতৌ দাঁত ব্ৰাছ কৰাৰ পূৰ্বে চাহ বা কফি খায় তেন্তে,সেই অভ্যাস সলনি কৰক৷ অৰ্থাৎ কেতিয়াবা কেতিয়াবা দাঁত ব্ৰাছ কৰি উঠি চাহ বা কফি খোৱা কৰক৷

[৪] চকু বন্ধ কৰি কাম কৰকঃ কেতিয়াবা কেতিয়াবা চকু বন্ধ কৰি কিছুমান কাম কৰক৷ যেনে– গা ধোৱা,জুছ প্ৰস্তুত কৰা আদি কাম কেতিয়াবা কেতিয়াবা চকু বন্ধ কৰি কৰক৷ অৱশ্যে এইক্ষেত্ৰত সতৰ্ক হ’ব লাগিব৷ 

[৫] নতুন ভাষা শিককঃ যিমান পৰা যায় নতুন ভাষা শিকাৰ চেষ্টা কৰক৷ ভাষা শিকাৰ প্ৰতি আগ্ৰহ বাঢ়িলে মেধাশক্তিও বাঢ়ে৷ গৱেষণাত পোৱা তথ্যমতে যিসকল লোক বহুভাষী তেওঁলোকৰ মেধা শক্তি আনতকৈ বহু বেছি৷ 

[৬] দৈনিক নতুন ব্যক্তিৰ সংস্পৰ্শলৈ আহকঃ গৱেষণা মতে কম কথা কোৱা লোকসকলৰ মস্তিষ্কৰ কাৰ্যকাৰিতাও কম হয়৷ সেয়ে দৈনিক যিমান পৰা যায় নতুন মানুহৰ সৈতে কথা পাতক বা পুৰণি বন্ধুৰ সৈতে যোগাযোগ কৰক৷