ফুটবল সংস্কৃতি বনাম অসম
অসমৰ পৰা শেহতীয়াকৈ কেইবাজনো ফুটবলাৰে ৰাজ্যৰ বাহিৰৰ আগশাৰীৰ পেছাদাৰী ক্লাবত খেলাৰ সুযোগ পাইছে যদিও ৰাজ্যিক ফুটবল দলটোৰ প্ৰদৰ্শন বৰ সন্তোষজনক নহয়৷ সন্তোষ ট্ৰফী ছিনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাতে তাৰ প্ৰমাণ পোৱা যায়৷ অসমত ফুটবল প্ৰতিভা নাই বুলি ক’লে ভুল কৰা হ’ব৷ ৰাজ্যৰ বিভিন্ন স্থানত এনে বহু প্ৰতিভাৱান খেলুৱৈ আছে, যিসকলক সঠিক দিশত আগবঢ়াই নিব পাৰিলে তেওঁলোক যে ৰাষ্ট্ৰীয় পৰ্যায়ত পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হ’ব তাত সন্দেহ নাই৷ এইক্ষেত্ৰত অসম ফুটবল সন্থাৰ লগতে ৰাজ্যখনত থকা ফুটবল ক্লাববোৰৰ কৰিবলগীয়া বহুখিনি আছে৷ আন বহুতো ক্ষেত্ৰৰ লগতে বৰ্তমান ফুটবলতো পেছাদাৰিত্বৰ প্ৰভাৱ পৰিছে৷ পূৰ্বৰ খেলুৱৈসকলৰ শৈলী আৰু অনুশীলন পদ্ধতিৰ সৈতে বৰ্তমানৰ পদ্ধতিৰ বহুখিনি পাৰ্থক্য দেখা যায়৷ বৰ্তমান ফিফা ৰেংকিঙত ভাৰতৰ স্থান এশৰো তলত থাকিলেও ভাৰতীয় ফুটবলৰ মান শেহতীয়াকৈ বহুখিনি উন্নত হৈছে৷ অলপতে মুম্বাই চিটী এফ চিয়ে এছিয়ান ফুটবল কনফেডাৰেশ্বনৰ চেম্পিয়নছ লীগত ইৰাকৰ এয়াৰ ফ’ৰ্চ ক্লাবক পৰাস্ত কৰাটো তাৰেই প্ৰমাণ৷ উল্লেখ্য,ইয়াৰ পূৰ্বে কোনো ভাৰতীয় ক্লাব এ এফ চি চেম্পিয়নছ লীগৰ খেলত জয়ী হোৱাৰ উদাহৰণ নাই৷ শেহতীয়াকৈ ভাৰতীয় ফুটবলৰ মান কিছু উন্নত হোৱাত ২০১৪ চনৰ পৰা আৰম্ভ হোৱা ইণ্ডিয়ান ছুপাৰ লীগৰ [আই এছ এল] বিশেষ অৱদান আছে৷ কিন্তু দুৰ্ভাগ্যজনক কথাটো হৈছে যে ভাৰতত ক্ৰিকেটৰ যি জনপ্ৰিয়তা তাৰ তুলনাত ফুটবলৰ জনপ্ৰিয়তা যথেষ্ট কম৷ দেশখনত ক্ৰিকেটৰ নামত যিমান ধন বিনিয়োগ কৰা হয় সিমান ধন ফুটবলত বিনিয়োগ কৰা নহয়৷ ক্ৰিকেটৰ তুলনাত দেশখনত ফুটবলৰ আন্তঃগাঁথনিও উন্নত নহয়৷
এটা কথা স্বীকাৰ কৰিবই লাগিব যে দেশ এখনৰ ফুটবলৰ মান উন্নত কৰাৰ ক্ষেত্ৰত ক্লাববোৰৰ বহুখিনি কৰিবলগীয়া থাকে৷ ক্লাব ফুটবলৰ মান উন্নত হ’লেহে দেশ এখনৰ ফুটবলৰ মান উন্নত হ’ব৷ ক্লাববোৰে চৰকাৰৰ সাহায্যলৈ বাট চাই নাথাকি নিজববীয়াকৈ ফুটবলৰ উত্তৰণত ব্ৰতী হ’ব পাৰে, যিটো দেখা যায় বিশ্ব ফুটবলৰ আগশাৰীৰ দেশবোৰত৷ পেছাদাৰী ক্লাবৰ প্ৰসংগ উত্থাপন কৰাৰ সময়তে বিশেষভাৱে উল্লেখ কৰিব লাগিব ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক বাইচুং ভূটীয়া আৰু তেওঁৰ ইউনাইটেড ছিকিম ফুটবল ক্লাবৰ কথা৷ বাইচুঙৰ প্ৰচেষ্টাত ছিকিমৰ ক্লাবটোৱে শিলিগুড়িত আন্তঃৰাষ্ট্ৰীয় মানৰ ফুটবল একাডেমী এখন নিৰ্মাণৰ প্ৰস্তুতি চলাইছে৷ ক্লাবটোৰ লক্ষ্য কেৱল তৰুণ খেলুৱৈলৈ উন্নত প্ৰশিক্ষণৰ ব্যৱস্থা কৰাই নহয়,তাৰ লগতে প্ৰশিক্ষকসকলৰ বাবেও উন্নত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা৷ অসমতো যদি সুপৰিকল্পিতভাৱে এনেধৰণৰ ফুটবল একাডেমী নিৰ্মাণৰ ব্যৱস্থা কৰা হয়,নিশ্চয় তাৰ সুফল পাব পৰা যাব৷ তাৎপৰ্যপূৰ্ণ যে কেইবছৰমান পূৰ্বে গুৱাহাটীত অনুষ্ঠিত অনুষ্ঠান এটাত ভাগ ল’বলৈ আহি বাইচুং ভুটীয়াই কৈছিল যে অসম তথা চুবুৰীয়া ৰাজ্যকেইখনৰ ফুটবলৰ উত্তৰণৰ ক্ষেত্ৰত তেওঁৰ পৰা যদি কেতিয়াবা সহায়ৰ প্ৰয়োজন হয়, তাৰবাবে তেওঁ সদায় সাজু থাকিব৷ অসমত নুমলীগড় শোধনাগাৰৰ উদ্যোগত গঢ় লৈ উঠা ফুটবল একাডেমীটো ভ্ৰমণ কৰি অলপতে বাইচুঙে একাডেমীটোৰ কাম-কাজৰ প্ৰশংসা কৰে৷ অসমত ফুটবলৰ প্ৰশিক্ষণ আৰু অনুশীলনৰ ক্ষেত্ৰত দেখা পোৱা ডাঙৰ সমস্যাটো হৈছে খেলপথাৰৰ অভাৱ৷ ৰাজ্যখনত ক্ৰিকেটৰ অনুশীলন আৰু প্ৰশিক্ষণৰ বাবে বহু খেলপথাৰ আছে৷ কিন্তু ফুটবলৰ বাবেহে খেলপথাৰৰ অভাৱ৷ এইক্ষেত্ৰত চৰকাৰৰো কৰিবলগীয়া আছে৷ কেইবছৰমান আগলৈকে অসমৰ দৰেই মিজোৰামতো আছিল ফুটবলৰ বাবে উপযুক্ত খেলপথাৰৰ অভাৱ৷ কিন্তু বৰ্তমান ৰাজ্যখনত আছে প্ৰায় ১২খন ফুটবল ষ্টেডিয়াম৷ এয়া সম্ভৱ হৈছে ৰাজ্য চৰকাৰ আৰু মিজোৰাম ফুটবল সন্থাৰ ইতিবাচক পদক্ষেপৰ বাবে৷ ইয়াৰ আশাপ্ৰদ ফলো পোৱা গৈছে৷ ৰাষ্ট্ৰীয় ফুটবলত মিজোৰাম এতিয়া এক বৃহৎ শক্তি৷ আই এছ এলৰ বিভিন্ন ক্লাবত ৰাজ্যখনৰ পঞ্চাছতকৈ অধিক ফুটবলাৰে খেলি আছে৷ কেৱল মিজোৰামেই নহয়,মেঘালয় আৰু মণিপুৰতো গঢ় লৈ উঠিছে ফুটবল সংস্কৃতি৷ অসমত ফুটবলৰ মান উন্নত কৰাৰ ক্ষেত্ৰত ছিকিম,মিজোৰাম, মেঘালয় আৰু মণিপুৰৰ উদাহৰণ ল’ব পৰা নাযায়নে? এসময়ৰ উইলিয়ামছন মেগৰ ফুটবল একাডেমীৰ পৰা ওলাইছিল কেইবাজনো দক্ষ,পাৰদৰ্শী ফুটবলাৰ৷ কিন্তু সেই একাডেমীখন বৰ্তমান নাই৷ সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্বনৰ প্ৰাক্তন টেকনিকেল ডাইৰেক্টৰ ৰবাৰ্ট বানৰ মতে,ক্লাব ফুটবলৰ মান উন্নত হ’বলৈ হ’লে প্ৰতিটো ক্লাবৰ কমপক্ষেও একোখনকৈ খেলপথাৰ আৰু একাডেমী থকাটো বাধ্যতামূলক৷ অসমতো এতিয়া খেলপথাৰৰ লগতে প্ৰয়োজন এখন সুপৰিকল্পিত ফুটবল একাডেমীৰ৷






