Logo
image

আক্ৰমণত ৰক্তাক্ত মহিলা চেতনানাশকেৰে জব্দ বাঘ

খাদ্য বিচাৰি মহানগৰীত নাহৰফুটুকীৰ বিচৰণ

আমাৰ অসম,২০ এপ্ৰিলঃ খাদ্য আৰু বাসস্থানৰ অভাৱত অৰণ্য এৰি জনাৰণ্যলৈ ওলাই আহিবলৈ বাধ্য হৈছে বন্যপ্ৰাণী৷ মূলতঃ বনাঞ্চলৰ সংকোচনৰ ফলত হ্ৰাস পাইছে বন্যপ্ৰাণীৰ খাদ্য আৰু থকা ঠাই৷ খাদ্যৰ সন্ধানত বন্য জীৱ-জন্তু সঘনে জনবসতিপূৰ্ণ অঞ্চললৈ ওলাই আহিবলৈ বাধ্য হৈছে৷ ৰাজ্যৰ অধিকাংশ বনাঞ্চল আৰু বনভূমিৰ ওপৰত দীৰ্ঘদিন ধৰি চলা বেদখলৰ ফলত এইসমূহ জনাঞ্চলত পৰিণত হৈছে৷ বন্য জীৱ-জন্তুৰ বাসস্থান দখল কৰিছে মানুহৰ বাসগৃহই৷ শেহতীয়াভাৱে গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন অঞ্চলত বৃদ্ধি পাইছে হাতীৰ উপদ্ৰৱ৷ খাদ্যৰ সন্ধানত হাতী এতিয়া দেখিবলৈ পোৱা গৈছে ৰাজপথত৷ কেৱল হাতীয়েই নহয়,গুৱাহাটীৰ জনাঞ্চলত এতিয়া সুলভ হৈ পৰিছে বাঘৰ বিচৰণ৷ উল্লেখ্য,ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ পাণ্ডুত আজি পুৱাতেই শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ উদ্ভৱ হয়৷ খাদ্য বিচাৰি অৰণ্যৰ পৰা মহানগৰীৰ জনঅৰণ্যত প্ৰৱেশ কৰা প্ৰকাণ্ড নাহৰফুটকী বাঘ এটাই আক্ৰমণ কৰি এগৰাকী মহিলাক গুৰুতৰভাৱে আহত কৰে৷ অৱশ্যে বন বিভাগে প্ৰকাণ্ড নাহৰফুটকী বাঘটোক চেতনানাশকেৰে জব্দ কৰিবলৈ সক্ষম হয়৷ গুৱাহাটীৰ পাণ্ডু ল’কো কলনীত মঙলবাৰে পুৱাৰ ভাগত সংঘটিত হোৱা নাহৰফুটুকী বাঘৰ আক্ৰমণত ৰঞ্জু ভট্টাচাৰ্য [৫৫]নামৰ এজনী বন কৰা মহিলা গুৰুতৰভাবে আহত হয়৷ আনহাতে মুখ আৰু হাতত আঘাত পোৱা মহিলা গৰাকী জি এম চি এইছত চিকিৎসাধীন হৈ আছে আৰু সম্প্ৰতি বিপদমুক্ত বুলি হাস্পতালৰ অধীক্ষক ডাঃ অভিজিত শৰ্মাই জানিবলৈ দিছে৷ মন কৰিব লগীয়া বিষয় যে বাঘটোৱে প্ৰথমে বন কৰা মহিলা গৰাকীক আক্ৰমণ কৰি এটা পৰিয়ালৰ ঘৰত প্ৰৱেশ কৰিছিল৷ প্ৰাপ্ত খবৰ মতে,পুৱা ৮ মান বজাত ৰঞ্জু ভট্টাচাৰ্যৰ ঘৰৰ চৌহদত বাঘটো প্ৰত্যক্ষ কৰাৰ পাছত অঞ্চলটোত হুৱাদুৱাৰ সৃষ্টি হয়৷ ঘটনাৰ খবৰ পাই জালুকবাৰী থানাৰ এটা আৰক্ষীৰ দল ল’কো কলনীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে বন বিভাগৰ খানামুখ খণ্ড বন বিষয়া কাৰ্যালয়ক খবৰ দিয়া হয় যদিও বন বিভাগৰ লোক বহু পলমকৈ ঘটনা স্থলীত উপস্থিত হোৱাত ৰাইজ উত্তেজিত হৈ পৰে৷  ইপিনে,ঘটনাস্থলীত উপস্থিত লোকসকলৰ চিঞৰ বাখৰত বাঘটোৱে আত্মৰক্ষাৰ বাবে এজোপা কঁঠাল গছত আশ্ৰয় লয়৷ ইফালে খানামুখৰ খণ্ড বন বিষয়া জিণ্টু তালুকদাৰৰ নেতৃত্বত এটা বনকৰ্মীৰ দল ঘটনাস্থলীত উপস্থিত হোৱাৰ লগতে বিষয়টো বিভাগীয় উৰ্ধতম কতৃৰ্পক্ষক অৱগত কৰে৷ তাৰ পাছত পূব কামৰূপ বন সংমণ্ডলৰ সহকাৰী বন সংৰক্ষক জ্ঞান ৰঞ্জন দাস,গুৱাহাটীৰ আঞ্চলিক বন বিষয়া প্ৰাঞ্জল বৰুৱা,ৰাজ্যিক চিৰিয়াখানাৰ পশু চিকিৎসক ডাঃ বিজয় গগৈৰ নেতৃত্বত পুনৰ এটা বনকৰ্মীৰ দল উপস্থিত হয়৷ দলটোৱে জালুকবাৰী থানাৰ পৰা অহা এটা আৰক্ষীৰ দলৰ সহযোগত জনসমাগম নিয়ন্ত্ৰণ কৰাৰ পাছত পশু চিকিৎসক ডাঃ বিজয় গগৈয়ে ট্ৰেংকুলাইজাৰ বন্দুক ব্যৱহাৰ কৰি নাহৰফুটুকীটোক অচেতন কৰে৷ তাৰ পূৰ্বে গছৰ ওপৰত থকা বাঘটো যাতে মাটিত পৰি আহত নহয় তাৰ বাবে তলত জাল পাৰি দিয়া হয়৷ জালত পৰা অচেতন বাঘটো পিঞ্জৰাবদ্ধ কৰি দুপৰীয়া প্ৰায় ১২ বজাত তিনি ঘণ্টাৰ অন্তত ৰাজ্যিক চিৰিয়াখানালৈ লৈ যোৱা হয়৷ তাত থকা পশু চিকিৎসালয়ত নাহৰফুটুকীটোক নিৰন্তৰ পৰ্যবেক্ষণ কৰা হৈছে৷ আনহাতে গুৱাহাটীৰ আঞ্চলিক বন বিষয়া প্ৰাঞ্জল বৰুৱাই জানিবলৈ দিয়া মতে প্ৰায় দহ বছৰ বয়সৰ মতা নাহৰফুটুকী বাঘটো খাদ্যৰ সন্ধানত তিনি-চাৰি দিনমান পূৰ্বে আহি অঞ্চলটোত নিশাৰ ভাগত বিচৰণ কৰি আছিল৷