Logo
image

পৌৰভোটৰ ধামখুমীয়াৰ মাজত পানী বিচাৰি হাহাকাৰ মহানগৰবাসীৰ

আমাৰ অসম,২০ এপ্ৰিলঃ গুৱাহাটী মহানগৰৰ কাষেৰে বৈ গৈছে মহাবাহু ব্ৰহ্মপুত্ৰ৷ অন্যাৰ্থত ব্ৰহ্মপুত্ৰৰ গাতে গঢ়ি উঠিছে অসমৰ ৰাজধানী চহৰখন৷ বাৰিষা বৰষুণ আহিলে চহৰখনৰ সৰ্বত্ৰ কৃত্ৰিম বানপানী হয়৷ অৰ্থাৎ পানীৰ মাজতে মহানগৰবাসীয়ে কেইবাদিন,কেইবাঘণ্টা ককবকাই থাকিবলগীয়া হয়৷ কিন্তু চৰম পৰিহাসৰ বিষয়,গুৱাহাটীবাসীৰ বাবে খোৱাপানী নাই৷ ‘ৱাটাৰ,ৱাটাৰ এভৰিহুৱেৰ;নট এ ড্ৰপ টু ড্ৰিংক’–চাৰিওফালে পানীৰে ভৰি আছে অথচ খোৱা পানী এটুপি নাই,ঠিক এই অৱস্থা গুৱাহাটীবাসীৰ৷ ইপিনে নৰেন্দ্ৰ মোদী চৰকাৰে গুৱাহাটীক স্মাৰ্ট চিটীৰূপে বনাই আছে৷ দেশৰ প্ৰথম ১০০ খন স্মাৰ্ট চিটী নিৰ্মাণৰ অভিযানৰ তালিকাৰ মাজত স্থান পাইছিল গুৱাহাটীয়ে৷ সেয়া ২০১৫ চনৰ জুনৰ কথা৷ গুৱাহাটীক স্মাৰ্ট চিটী ঘোষণাৰ সপ্তম বৰ্ষপূৰ্তিলৈ ডেৰমাহ বাকী থাকোতে স্মাৰ্ট চিটীৰ মূল ‘ক্ৰাইটেৰিয়া’অথবা প্ৰয়োজনীয় আহিলা খোৱাপানীয়েই নাই মহানগৰবাসীৰ৷ গুৱাহাটীত খোৱাপানীৰ ইমানেই অভাব যে মহানগৰীৰ ফ্লেট,ব্যক্তিগত বাসগৃহৰ ৮০ শতাংশৰে নিজস্ব পানী নাই৷ বৰিং কৰি পানী উলিওৱাৰ খৰচ ইমান বেছি,যিটো কাম সৰু সুৰা এপাৰ্টমেণ্ট আৰু ব্যক্তিগত ঘৰ থকাসকলৰ বাবে ব্যয় কৰা সম্ভব নহয়৷ কিয়নো নিৰ্বিচাৰে গঢ়ি উঠা এপাৰ্টমেণ্ট,যধে মধে অপৰিকল্পিতভাৱে নিৰ্মিত বাসগৃহৰ বাবে বৰিং কৰি পানী উলিৱাওতে এতিয়া গুৱাহাটীৰ জলস্তৰ তললৈ নামি গৈছে৷ ফলত গভীৰ বৰিং অত্যন্ত ব্যয়বহুল হৈ পৰিছে, যিটো সাধাৰণ লোকৰ ক্ষমতাৰ বাহিৰত৷ এনে সময়ত মহানগৰীত পানী মাফিয়াৰে ভৰি পৰিছে, যিয়ে মাটিৰ তলৰ পৰা পানী উলিয়াই বটলত বা টেংকিত লৈ বিক্ৰী কৰে আৰু বাধ্য হৈ মহানগৰবাসীয়ে সেই পানীৰ ওপৰতে নিৰ্ভৰ কৰি চলিবলগীয়া হৈছে৷ এটা শব্দত ক’বলৈ গ’লে গুৱাহাটীবাসী আজি তৃষ্ণাতুৰ৷ ব্ৰহ্মপুত্ৰক কাষতে লৈ,বাৰিষাৰ বৰষুণৰ পানীৰ ফলত হোৱা কৃত্ৰিম বানপানীত ডুবি থাকিলেও তৃষ্ণাতুৰ হৈয়েই কটাবলগীয়া হৈছে স্মাৰ্ট চিটীৰ বাসিন্দাই৷ খোৱাপানীৰ ক্ষেত্ৰত মহানগৰবাসীৰ এনে কপৰ্দকহীন অৱস্থাৰ বাবেই দুদিনৰ পাছত হ’বলগীয়া পৌৰ নিগমৰ নিৰ্বাচনত শাসনাধিষ্ঠিত বিজেপিয়ে খোৱাপানী প্ৰদানৰ প্ৰতিশ্ৰুতি মহানগৰবাসীক দিব পৰা নাই৷ অথচ সমগ্ৰ মহানগৰীখনৰ বাসিন্দাৰ মূল আৰু ‘কমন’সমস্যা হৈছে খোৱাপানী৷ আনৰ কথা বাদেই,স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো পৌৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰি গুৱাহাটীবাসীক খোৱাপানী যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিব পৰা নাই৷ কেইদিনমান পূৰ্বে আন প্ৰসংগত মন্তব্য কৰোতে মুখ্যমন্ত্ৰীয়ে অহা জুনৰ পৰা গুৱাহাটীত খোৱাপানী যোগান ধৰা হ’ব বুলি কৈছিল৷ কিন্তু নিৰ্বাচনী প্ৰচাৰত তেওঁ সেই সন্দৰ্ভত কোনো প্ৰতিশ্ৰুতি প্ৰদানৰ পৰা বিৰত থাকে আৰু অহা জুলাইৰ পূৰ্বে চৰকাৰে গুৱাহাটীবাসীক খোৱাপানী যোগান ধৰাৰ কোনো নিশ্চয়তা নাই বুলিহে মন্তব্য কৰে৷ পৌৰ নিৰ্বাচনী প্ৰচাৰ অভিযানত সেয়ে মুখ্যমন্ত্ৰীয়ে খোৱাপানীৰ প্ৰসংগৰ পৰা ফালৰি কাটি আন আন প্ৰতিশ্ৰুতি দিছে,যিসমূহ অত্যাৱশ্যকীয়ও নহয়,জৰুৰী প্ৰয়োজনো নহয়৷ কিন্তু জনপ্ৰিয় প্ৰতিশ্ৰুতি হিচাপে মুখ্যমন্ত্ৰীয়ে ভোট লাভৰ বাবে পানী এৰি পথ,লাইটৰ আশ্ৰয় ল’বলৈ বাধ্য হৈছে৷ আনকি নিৰ্বাচনী বিধি ভংগ কৰি মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰত আপত্তিজনকভাৱে মহানগৰবাসীৰ বাবে ৬০০ কোটি টকাৰ পেকেজ ঘোষণা কৰিছে৷ তদুপৰি তেওঁ দীঘলীপুখুৰীৰ পৰা  বামুণীমৈদানলৈ উৰণীয়া সেঁতু নিৰ্মাণ, বটানিকেল গাৰ্ডেন নিৰ্মাণ,অপৰাধী আৰক্ষীৰ পৰা সাৰি যাব নোৱৰাৰ কথা আৰু মাৰোৱাৰী সমাজে বিহু উদ্‌যাপন কৰা কাৰ্যক শুভেচ্ছা জ্ঞাপন কৰি নিৰ্বাচনী প্ৰচাৰ চলায়৷ খোৱাপানীৰ ক্ষেত্ৰত কৈছে–‘নিৰ্বাচনত ভোট বিচাৰি মই নিৰ্বাচনৰ পাছতে গুৱাহাটীবাসীয়ে খোৱাপানী পাব বুলি ক’ব পাৰো৷ কিন্তু সেয়া সত্য নহয়৷ সেয়ে তেনে প্ৰতিশ্ৰুতি নিদিওঁ৷’ ইয়াৰ বিপৰীতে হিমন্ত বিশ্ব শৰ্মাই প্ৰতিটো ৱাৰ্ডৰ বাবে চৰকাৰে ১০ কোটিকৈ টকা দিব বুলি কৈ পৌৰ নিগমৰ নিৰ্বাচনৰ ভোট বিচাৰিছে৷

প্ৰসংগতঃ উল্লেখযোগ্য অসমত কৰ্মৰত বহুকেইজন বাহিৰৰ আইএএছ বিষয়াৰ বাবে গুৱাহাটী মহানগৰীৰ খোৱাপানী যোগানৰ প্ৰকল্প ধন ঘটাৰ আহিলাত পৰিণত হৈছিল৷ সময়ে সময়ে তেওঁলোকে সেই দায়িত্ব হাতত লয় আৰু কাম সম্পূৰ্ণ নৌহওতেই ডেপুটেশ্বনত অসমৰ বাহিৰলৈ একপ্ৰকাৰ পলায়ন কৰে৷ তেনে বহুকেইজন বিষয়া খোৱাপানীৰ প্ৰকল্পৰ কেলেংকাৰি পাহৰণিৰ গৰ্ভত সোমোৱাত এতিয়া পুনৰ ৰাজ্যলৈ উভতি আহিছে৷ ইপিনে,মঙলবাৰে আঞ্চলিক গণমৰ্চাই গুৱাহাটী মহানগৰীত ইখনৰ পিছত সিখন চৰকাৰে খোৱাপানীৰ যোগানৰ প্ৰকল্প নিৰ্মাণৰ ক্ষেত্ৰত সংঘটিত কৰা একাধিক কেলেংকাৰি উদঙাই দিয়ে৷ এখন সংবাদমেলত দলটোৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই গুৱাহাটী মহানগৰীত হাজাৰ হাজাৰ কোটি টকা ব্যয়ৰে খোৱাপানীৰ প্ৰকল্প নিৰ্মাণ কৰিও মহানগৰবাসীক চৰকাৰে পানী যোগান ধৰিব নোৱৰাৰ কথা তথ্যসহকাৰে প্ৰকাশ কৰে৷ তেওঁ কয় যে,গুৱাহাটীত জাইকা,এডিবিৰ সহযোগত আৰু জৱাহৰলাল নেহৰু ৰাষ্ট্ৰীয় আৰবান ৰিনিৱেল মিছনকে ধৰি মুঠতে খোৱাপানী যোগানৰ তিনিটা বৃহৎ প্ৰকল্প যোৱা দহ-বাৰ বছৰে নিৰ্মাণ কৰি থাকিও আজিলৈকে চৰকাৰে এটোপাও খোৱা পানী গুৱাহাটীবাসীক যোগান ধৰিব নোৱৰা বুলি মুকলি অভিযোগ উত্থাপন কৰে৷ তেওঁৰ মতে, শাসনাধিষ্ঠিত বিজেপিয়ে গুৱাহাটীৰ পৌৰ নিগমৰ নিৰ্বাচনত খোৱাপানী যোগান ধৰিব নোৱৰাৰ বাবেই মূল বিষয়টোৰ পৰা ফালৰি কাটি অন্যান্য জনপ্ৰিয় প্ৰতিশ্ৰুতি প্ৰদান কৰি ভোট আহৰণৰ চেষ্টা চলাইছে আৰু তাৰবাবে নিৰ্বাচনী প্ৰচাৰত নামিবলৈ বাধ্য হৈছে দলটোৰ মুখ্যমন্ত্ৰীলৈকে সকলো শীৰ্ষস্থানীয় নেতা৷

তাৎপৰ্যপূৰ্ণ বিষয় এয়াই যে ৰাজ্যত ইমান জনপ্ৰিয় চৰকাৰ এখন থাকোতে গুৱাহাটীৰ পৌৰ নিগমৰ নিৰ্বাচনত মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি সকলো মন্ত্ৰী,বিধায়কে প্ৰচাৰ চলাবলগীয়া হৈছে৷ যি বিজেপি চৰকাৰে গুৱাহাটীত টুইন টাৱাৰ নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছে,নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীক স্মাৰ্ট চিটী বনাই আছে,সেইখন মহানগৰৰ পৌৰ নিৰ্বাচনত প্ৰচাৰ চলাবলৈ বিগত নিৰ্বাচনত পৰাজিত হোৱা প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাই যথেষ্ট আছিল বুলি কোৱা কুই হৈছে৷ কিয়নো আঙুৰলতাই ইমানদিনে ৱাৰ্ডে ৱাৰ্ডে টাকুৰি ঘূৰাদি ঘূৰি আছিল,কঁকাল ঘূৰাই বিহু নাচি আছিল,পুষ্পাৰ ‘ষ্টাইল’ত গানো গাই আছিল৷ চৰ্চা হৈছে,কেতবোৰ কাৰকৰ বাবে,ঘাইকৈ মহানগৰীৰ খোৱাপানীৰ সমস্যাৰ বাবে ভোটাৰে বিজেপিক প্ৰত্যাখান কৰিব বুলি শাসনাধিষ্ঠিত দলটোৱে ভয় খাইছে৷ সেয়ে ৰাজ্যৰ জনপ্ৰিয় চৰকাৰখনে পৌৰ নিগমৰ নিৰ্বাচনত কেন্দ্ৰীয় মন্ত্ৰী,মুখ্যমন্ত্ৰী,কেবিনেট মন্ত্ৰী,৮০ জন বিধায়কক ৩ দিনত ৯ খনকৈ প্ৰচাৰ সভাত ধুমুহাৰ গতিৰে নমাবলগীয়া হৈছে৷ সচেতন ভোটাৰে প্ৰশ্ন কৰিছে– বিজেপিৰ বিকাশৰ জয়গানে অন্তৰ চুব পৰা নাই নেকি তৃষ্ণাতুৰ মহানগৰবাসীৰ? নে আকাশলংঘী মূল্যবৃদ্ধিৰ লগতে মহানগৰবাসীৰ ভয়ংকৰ সমস্যা খোৱাপানী,কৃত্ৰিম বানপানীৰ ভূতে খেদিছে শাসনাধিষ্ঠিত বিজেপিক? নিশ্চয় সঠিক সিদ্ধান্ত  ল’ব পৌৰভোটৰ ধামখুমিয়াত পৰা তৃষ্ণাতুৰ মহানগৰবাসীয়ে৷

গুৱাহাটী মহানগৰীত বিশুদ্ধ খোৱা পানীৰ  যোগানৰ নামত বিয়াগোম কেলেংকাৰী কৰিছে ৰাজ্য চৰকাৰে-এই অভিযোগ আঞ্চলিক গণ মৰ্চাৰ সভাপতি,সাংসদ অজিত কুমাৰ ভূঞাৰ৷ মঙলবাৰে আঞ্চলিক গণ মৰ্চাৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সং বাদ মেলত তেওঁ এই অভিযোগ উত্থাপন কৰি কয়- হেজাৰ হেজাৰ কোটি টকা ব্যয় কৰা পানী প্ৰকল্প আজি লৈকে সম্পূৰ্ণ নকৰিলে ৰাজ্য চৰকাৰে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক বিশুদ্ধ খোৱা পানী দিয়াত ব্যৰ্থ হৈছে৷ চৰকাৰে ৫০০০টা পৰিয়ালৰ পানী যোগান ধৰিম বুলি কোৱা কথা সম্পূৰ্ণ মিছা৷ এহেজাৰ কোটি টকাৰ পানী প্ৰকল্পৰ হিচাপ দিব পৰা নাই চৰকাৰে৷ গুৱাহাটী মহানগৰীৰ গোটেই কেইটা সমষ্টিৰ বিধায়ক কেইজনে পানী যোগান দিয়াত ব্যৰ্থ হৈছে৷ গুৱাহাটী মহানগৰীৰ কেৱল ১৩ শতাংশ লোককহে পানী যোগান ধৰিছে চৰকাৰে৷ সেইসকল হৈছে দিছপুৰ ৰাজধানী চৌহদৰ অনুষ্ঠান সভা চৌহদ,মন্ত্ৰী,বিধায়ক,আমোলা, প্ৰশাসনিক বিষয়াক যোগান ধৰিছে৷ ২০২৪ ৰ লোকসভা নিৰ্বাচনত আগতহে পানী যোগান ধৰিব চৰকাৰে৷ সেয়াও তেওঁলোকৰ কেৱল মাত্ৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি৷ বিজে পি চৰকাৰে ২০২৪ মাৰ্চ ভিতৰত দেশৰ গাঁৱে বিশুদ্ধ  পানী যোগানৰ সপোন দেখুৱাইছে৷  গুয়াহাটী মহানগৰবাসীক এটুপি বিশুদ্ধ খোৱা পানী যোগানৰ নামত ৰাজ্য চৰকাৰে কেৱল মাত্ৰ বিয়াগোম কেংলেংকাৰী সংঘটিত কৰিছে৷ একেৰাহে ২১ বছৰ কাল গুৱহাটীৰ এটা সমষ্টিৰ বিধায়ক আৰু অতিকৈ শক্তিশালী আৰু প্ৰভাবশালী মন্ত্ৰী হৈ থকা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্বস্ত শৰ্মাই গুৱাহাটীৰ ৰাইজক আজিলৈকে এটোপা বিশুদ্ধ পানী খুৱাব নোৱৰাটো কিমান ডাঙৰ অপৰাধ সেইকথা তেওঁ মানি নললেও গুৱাহাটী বাসী ৰাইজে ভালকৈয়ে বুজি উঠিছে৷ বছৰ বছৰ ধৰি গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ  কৰাবিগত কংগ্ৰেছ চৰকাৰ দিনত মন্ত্ৰিত্ব কালতে আৰম্ভ কৰা পানী যোগ প্ৰকল্প আৰু পানী আজি ১৩ বছৰে ডঃ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীবাসীক খুৱাব নোৱাৰিলে৷ মুঠ ৩৪৯.৭০ কোটি টকাৰ ব্যয় সাপেক্ষে ‘জৱহৰলাল নেহৰু ৰাষ্ট্ৰীয় আৰবান ৰিনিৱেল মিছন’ পুঁজিৰে নিৰ্মাণ কৰিবলৈ লোৱা দক্ষিণ-পশ্চিম গুৱাহাটী পানী যোগান প্ৰকল্পৰ কাম ২০০৯ চনৰ ১৮ ফেব্ৰুৱাৰীতে অৰ্পণ কৰা হৈছিল গেমন ইণ্ডিয়াক৷ সেই সময়ত চৰকাৰ আছিল কংগ্ৰেছৰ৷ বিভাগীয় মন্ত্ৰী আছিল হিমন্ত বিশ্ব শৰ্মা৷ ইয়াৰ ১১ বছৰ পাছত,অৰ্থাৎ ২০২০ চনৰ ৩০ নৱেম্বৰৰত তেতিয়াৰ মুখমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই অভিলাষী প্ৰকল্পটোৰ প্ৰথম কাৰ্যক্ষম গোটৰ শুভাৰম্ভ কৰিছিল৷ গুৱাহাটী মহানগৰী,মধ্য গুয়াহাটী আৰু পূৱ গুৱাহাটী পানী যোগান প্ৰকল্প দুটাও আজিলৈকে নিৰ্মাণ সম্পূৰ্ণ নোহোৱাকৈয়ে ওলমি আছে৷ মই এই বিষয়টোলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰ লিখিছোঁ আৰু গুৱাহাটীৰ নাগৰিকে যাতে যথাসম্ভৱ সোকালে এটুপি বিশুদ্ধ খোৱা পানী পাব পাৰে তাৰ বাবে তেওঁৰ হস্তক্ষেপ দাবী কৰিছোঁ৷ সমগ্ৰ বিষয়টোকলৈ ‘শ্বেতপত্ৰ’ও দাবী কৰিছোঁ৷ বিজেপিয়ে সাধাৰণ জনগণক কেৱল ভুৱা প্ৰতিশ্ৰুতি দি আহিছে৷  ২০২৪ চনৰ মাৰ্চ মাহৰ ভিতৰত দেশৰ প্ৰতিখন গাঁৱৰ বাসিন্দা চৰকাৰে বিশুদ্ধ আৰু নিৰাপদ পানী যোগান ধৰাটো হাস্যকৰ কথা এখন ‘বি ক্লাছ’মহানগৰীৰ মানুহক এটুপি বিশুদ্ধ পানী যোগান ধৰিব নোৱাৰা চকাৰৰ মুখত এনে কথা শোভা নাপায়৷ ‘ফাঁকি আৰু বাকী’ৰে সদায় মানুহক মুৰ্খ সজাব বিচৰাটোৱেই চূড়ান্ত মুৰ্খামি৷ সংবাদ মেলত মঞ্চৰ সাধাৰণ সম্পাদক প্ৰণৱ চেতিয়া উপস্থিত থাকে৷