Logo
image

অকালবাৰ্ধক্যক বাধা দিবলৈ এইকেইটা বদ অভ্যাস এৰাই চলক

বাৰ্ধক্য হ’ল জীৱনৰ শেষ পৰ্যায়৷ বাৰ্ধক্য অৱধাৰিত যদিও কোনো মানুহেই বুঢ়া হ’ব নিবিচাৰে৷ বৃদ্ধকাল মানেই মনৰ উদ্যম,শৰীৰৰ শক্তি হ্ৰাস পাই অহা৷ কিন্তু কেতিয়াবা কেইটামান বদ অভ্যাসৰ ফলত বাৰ্ধক্য সোনকালে নামি আহে৷ এই বদ অভ্যাস কেইটা ত্যাগ কৰিব পাৰিলেই শৰীৰ-মন তাৰুণ্যৰে উজ্জীৱিত কৰি ৰাখিব পাৰে৷ 

১. ধূমপান আৰু মদ্যপান ত্যাগ কৰকঃ ধূমপান আৰু মদ্যপানৰ অভ্যাসে মানুহৰ শৰীৰ আৰু মনত ক্ষতিকাৰক প্ৰভাৱ পেলায়৷ এনে অভ্যাসৰ ফলত  অকালতে বৃদ্ধাৱস্থা আৰম্ভ হয়৷ তদুপৰি ধূমপানৰ দৰে বদ অভ্যাসে  হূদৰোগ,হাওঁফাও ৰোগ আদি মাতি আনিব পাৰে৷ একেদৰে সুৰাপানৰ বদ অভ্যাসৰ ফলত শৰীৰত আগতীয়াকৈ বলিৰেখা প্ৰকট হৈ  উঠে৷ ইয়াৰ ফলত ডিহাইড্ৰেশ্বনত ভুগিব পাৰে আৰু গাৰ ছাল শুকান হৈ পৰে৷ যাৰ বাবে অকালতে বৃদ্ধৰ দৰে লাগে৷

২. পৰ্যাপ্ত টোপনিৰ অভাৱঃ টোপনিৰ পৰিমাণ হ্ৰাস পাই অহাৰ ফলতো অকালতে প্ৰৌঢ় অৱস্থা নামি আহে৷ সেইবাবে প্ৰতিদিনে এজন প্ৰাপ্তবয়স্ক লোকৰ বাবে আঠঘণ্টা টোপনিৰ প্ৰয়োজন৷

৩. জাংক ফুড খোৱাৰ অভ্যাসঃ খাদ্যাভাসৰ সৈতে স্বাস্থ্যৰ আছে প্ৰত্যক্ষ সম্পৰ্ক৷ শৰীৰৰ বাবে ক্ষতিকাৰক জাংকফুড আদি নিয়মীয়াকৈ খোৱাৰ ফলত মেদবহুলতাৰ লগতে অন্যান্য অসুখত আক্ৰান্ত হোৱাৰ আশংকা থাকে৷ সেইবাবে তাৰুণ্যক অটুট ৰাখিবৰ বাবে জাংকফুডৰ পৰিৱৰ্তে সতেজ ফলমূল,শাক-পাচলি আদিক খাদ্য তালিকাত নিয়মীয়াকৈ ৰাখিব লাগে৷

৪.  মিঠাজাতীয় দ্ৰব্যঃ মিঠাইজাতীয় খাদ্য নিয়মীয়াকৈ খোৱাৰ ফলত ব্লাড ছুগাৰ বাঢ়ি যাব পাৰে আৰু ইয়াৰ বাবে কম বয়সতে ডায়েবেটিছত আক্ৰান্ত হ’ব পাৰে৷ সেয়েহে অতিৰিক্ত মিঠাই বা চেনিৰে তৈয়াৰ কৰা খাদ্য গ্ৰহণৰ পৰা বিৰত থাকিব লাগে৷ 

৫. কম পানী খোৱাৰ অভ্যাসঃ সুস্থ শৰীৰৰ বাবে পৰ্যাপ্ত পানী খোৱাটো গুৰুত্বপূৰ্ণ৷ পানী কমকৈ খোৱাৰ ফলত গাৰ ছাল শুকান উঠাৰ লগতে শৰীৰৰ অংগ-প্ৰত্যংগৰ কাৰ্যক্ষমতাও হ্ৰাস পায়৷ তদুপৰি পানী কমকৈ খোৱাৰ ফলত শৰীৰত থকা টস্কিনবাহিৰলৈ নোলোৱাৰ ফলত ই স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হৈ পৰে৷

৬. শাৰীৰিক পৰিশ্ৰমৰ অভাৱঃ কম বয়সতে বাৰ্ধক্যৰ কবলত পৰাৰ পৰা ৰক্ষা পাবলৈ শাৰীৰিক পৰিশ্ৰম কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ৷